ETV Bharat / state

কিয় একেলগে, একেটা সময়তে গুৱাহাটীত বাজি উঠিল হাজাৰ হাজাৰ মোবাইল ?

বতৰ বিজ্ঞানীৰ আগজাননী গুৱাহাটী মহানগৰীৰ লগতে ইয়াৰ কাষৰীয়া অঞ্চলসমূহত প্ৰচণ্ড বতাহ-ধুমুহা, ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা ৷

Assam state disaster management
গুৱাহাটীত বাজি উঠিল হাজাৰ হাজাৰ মোবাইল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 2, 2026 at 4:11 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: মঙলবাৰে দিনৰ ভাগত একেটা সময়তে, একেলগে হাজাৰ হাজাৰ মোবাইল হঠাৎ বাজি উঠিল ৷ অৱশ্যে এইটো কোনো ৰিংটোন নাছিল, আছিল এক বিপদৰ আগজাননী প্ৰদান কৰা মেছেজ ৷ এটা মেছেজৰ সৈতে মোবাইলে মোবাইলে দিনৰ ভাগত কিছুসময়ৰ বাবে বাজি উঠিছিল বিশেষ সংকেত । অৱশ্যে এই সংকেত ভয়ৰ বাবে নাছিল, আছিল সতৰ্ক হোৱাৰ বাবে ৷

উল্লেখ্য যে, অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ তৰফৰ পৰা মঙলবাৰে দিনৰ ভাগত এটা বিশেষ জৰুৰীকালীন বাৰ্তা প্ৰেৰণ কৰা হয়, যাৰ বাবে সকলোৰে মোবাইলত বাজি উঠিছিল এটা বিশেষ এলাৰ্ট আৰু লগত আছিল এটা বাৰ্তা । এই বিশেষ বাৰ্তাটোৰ জৰিয়তে আগন্তুক ১-৩ ঘণ্টাৰ ভিতৰত গুৱাহাটী মহানগৰীৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত ধুমুহা আৰু ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি ৰাইজক সতৰ্ক কৰি দিয়া হৈছিল ৷

প্ৰাকৃতিক দুৰ্যোগৰ পৰা জনসাধাৰণক সুৰক্ষিত কৰিবলৈকে প্ৰশাসনে আগতীয়াকৈ এই সতৰ্কবাণী জাৰি কৰে । লক্ষণীয় বিষয় যে অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ ভিন্ন প্ৰান্তত ৩-৬ জুনৰ ভিতৰত ধুমুহা-বৰষুণ, ধেৰেকণি হোৱাৰ সম্ভাৱনা আছে ৷ গুৱাহাটী আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত ঘণ্টাত ৩০-৪০ কিলোমিটাৰ গতিবেগত ধুমুহা অহাৰ সম্ভাৱনা আছে বুলি সতৰ্কতা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷

সেই সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাই বাৰ্তা প্ৰেৰণ কৰে অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণে । দুৰ্যোগ প্ৰশমন বিভাগে সৰ্বসাধাৰণ ৰাইজক অতি জৰুৰী কাম নহ’লে ঘৰৰ পৰা বাহিৰলৈ নাযাবলৈ আহ্বান জনাইছে । বিশেষকৈ গছৰ তল, পুৰণি জৰাজীৰ্ণ দেৱাল, বিদ্যুৎ পৰিবাহী তাঁৰ বা ট্ৰান্সফৰ্মাৰ আৰু ওখ বিলবোৰ্ডৰ তলত আশ্ৰয় নল’বলৈ সতৰ্ক কৰি দিয়া হৈছে ।

গুৱাহাটীৰ বাবে এই সতৰ্কবাণী অত্যন্ত স্পৰ্শকাতৰ, কিয়নো কৃত্ৰিম বান আৰু ধুমুহাই মহানগৰীৰ স্বাভাৱিক জীৱনযাত্ৰা প্ৰায়ে বিপৰ্যস্ত কৰি তোলে । প্ৰশাসনে সকলোকে শান্ত হৈ থাকিবলৈ আৰু নিৰাপদ স্থানত অৱস্থান কৰিবলৈ অনুৰোধ জনাইছে । লক্ষণীয় বিষয় যে, কিছুদিন পূৰ্বে কৃত্রিম বানৰ বাবে গুৱাহাটীৰ মালিগাঁৱত উন্মুক্ত নলাত পৰি এগৰাকী মহিলাৰ মৃত্যু হৈছিল । তাৰ প্ৰতি লক্ষ্য ৰাখি এনেদৰে মোবাইল যোগে সতৰ্কবাণী প্ৰদান কৰিছে ৷

ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰ, গুৱাহাটীয়ে আগন্তুক ১-৩ ঘণ্টাত কামৰূপ মহানগৰ জিলাৰ কিছুমান ঠাইত বিজুলী-ধেৰেকণি আৰু ধুমুহাৰ লগতে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি পূৰ্বানুমান কৰিছে । যাৰ বাবে এনেদৰে মোবাইলত এলাৰ্ট জাৰি কৰা হয় ।

লগতে পঢ়ক:দহ হাজাৰ টকা লৈ কিদৰে যোৰহাটৰ পৰা শ্বিলঙত উপস্থিত হৈছিল চাৰি শিক্ষাৰ্থী ?