'অসুৰক্ষিত অনুভৱ কৰিলে ১৮১ ট'ল ফ্ৰী নম্বৰত যোগাযোগ কৰক'- আহ্বান মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকাৰ
মহিলাৰ সুৰক্ষা আৰু ন্যায়ৰ বাবে সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰথমবাৰৰ বাবে বাইক ৰেলী ৰাজ্যিক মহিলা আয়োগৰ । এক বিশেষ সাক্ষাৎকাৰত কি ক'লে আঙুৰলতা ডেকাই ?

Published : November 14, 2025 at 11:21 AM IST
নগাঁও: ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষাৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত নাৰীৰ সুৰক্ষা আৰু ন্যায় প্ৰদানৰ বাবে মহিলা আয়োগক এক নতুন গতি প্ৰদানৰ প্ৰচেষ্টা হাতত লৈছে প্ৰাক্তন বিধায়িকা তথা মোহময়ী অভিনেত্ৰী আঙুৰলতা ডেকাই । ৰাজ্যৰ চুকে কোণে মহিলা আয়োগ সন্দৰ্ভত সজাগতা সৃষ্টিৰ লক্ষ্যৰে ৰাজ্যিক মহিলা আয়োগৰ উদ্যোগত প্ৰথমবাৰৰ বাবে উলিওৱা হৈছে এক সজাগতামূলক বাইক ৰেলী ।
বুধবাৰে গুৱাহাটীৰ সোণাপুৰ জুবিন ক্ষেত্ৰৰ পৰা মৰিগাঁও হৈ বৃহস্পতিবাৰে দ্বিতীয় দিনা অধ্যক্ষা আঙুৰলতা ডেকাৰ নেতৃত্বত বাইক ৰেলী উলিওৱা মহিলা আয়োগৰ দলটো উপস্থিত হয় মধ্য অসমৰ নগাঁও জিলাত । মৰিগাঁৱত উপস্থিত হৈ মৰিগাঁও জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ সৈতে এক বৈঠকত অংশ লোৱাৰ পাছত বৃহস্পতিবাৰে সন্ধিয়াৰভাগত নগাঁৱত উপস্থিত হয় মহিলা আয়োগৰ দলটো ।
বৃহস্পতিবাৰে নগাঁও জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ সৈতে বৈঠকত অংশ লোৱাৰ পাছত নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এক সজাগতা সভাতো অংশগ্ৰহণ কৰে ৰাজ্যিক মহিলা আয়োগৰ দলটোৱে । নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত উপস্থিত হোৱা ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকাৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰ গ্ৰহণ কৰে ই টি ভি ভাৰতৰ সাংবাদিকে ।
ই টি ভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰত মহিলা আয়োগ সন্দৰ্ভত ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ মাজত সজাগতা সৃষ্টি কৰাৰ কথা উল্লেখ কৰি ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকাই কয়,“প্ৰথমে আমি ৰাজ্যিক মহিলা আয়োগ কি ? এই বিষয়ে ৰাজ্যৰ মহিলাসকলক অৱগত কৰাৰ চেষ্টা হাতত লৈছোঁ । ইয়াৰে বাবে সজাগতা সৃষ্টিৰ লক্ষ্যৰে অসম ৰাজ্যিক মহিলা আয়োগে প্ৰথমবাৰৰ বাবে বাইক ৰেলী উলিওৱাৰ ব্যৱস্থা কৰিছে । 'বিশ্বাস যাত্ৰা' শীৰ্ষক বাইক ৰেলীৰ জৰিয়তে সজাগতা সৃষ্টিৰ উপৰিও জিলা প্ৰশাসনৰ সৈতে আলোচনাত মিলিত হৈছোঁ ।"

তেওঁ লগতে কয়,"দহগৰাকী মহিলা ৰাইডাৰ আৰু ছগৰাকী পুৰুষ ৰাইডাৰৰৰ লগত মই নিজেই ৰাইডৰ জৰিয়তে মহিলা আয়োগ সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছোঁ । ইয়াৰ মূলত মহিলা আয়োগৰ দ্বাৰা কিদৰে মহিলাসকল উপকৃত হ’ব, এই সন্দৰ্ভত সজাগতা সৃষ্টি কৰা । মহিলাসকল অসুৰক্ষিত অনুভৱ কৰিলে অথৱা নিৰ্যাতনৰ বলি হলেই মহিলা আয়োগৰ কাষ চাপিব পাৰে । এই ক্ষেত্ৰত ১৮১ ট'ল ফ্ৰী নম্বৰত যোগাযোগ কৰিলে সকলোৱে সহায় লাভ কৰিব । ১৮১ ট'ল ফ্ৰী নম্বৰৰ বিষয়ে অধ্যক্ষাৰ দায়িত্ব লোৱাৰ পূৰ্বে মই নিজেই জ্ঞাত নাছিলোঁ । পূৰ্বৰ পৰাই ২৪ ঘণ্টাই সক্ৰিয় থকা ১৮১ ট'ল ফ্ৰী নম্বৰটো আমি ৰাইজৰ মাজলৈ লৈ যাব বিচাৰিছোঁ । যিকোনো সময়ত অসুৰক্ষিত অনুভৱ কৰিলে এই ট'ল ফ্ৰী নম্বৰত যোগাযোগ কৰিলে সহায় লাভ কৰিব ।"

ডেকাই কয়,"মই দায়িত্ব লৈয়েই বিষয়াসকলক কৈছিলোঁ যে মই এ চি ৰুমত বহি কেৱল কাম নকৰোঁ । মহিলা আয়োগৰ পৰা যিকোনো পৰিস্থিতিৰ সন্মুখীন হোৱা মহিলাই অন্তত এটা পৰামৰ্শ হলেও লাভ কৰিব । মহিলা আয়োগৰ এটা সুন্দৰ ব্যৱস্থা আছে, কিন্তু ব্যৱস্থাটো ভালকৈ হোৱা নাছিল । এতিয়া মোৰ ওচৰলৈ সকলো আহে । এই ব্যৱস্থাটোক সক্ৰিয় কৰিলে সুন্দৰ ব্যৱস্থা এটাত আহিব । মই মহিলা আয়োগৰ দায়িত্ব লোৱাৰ আঢ়ৈ মাহত ৬০ টা নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে । পূৰ্বৰ প্ৰায় দুশটা গোচৰ আছে ।”
ইপিনে, পুৰুষ নিৰ্যাতন সন্দৰ্ভত সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰতো মন্তব্য কৰে মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকাই । এই সন্দৰ্ভত আঙুৰলতা ডেকাই কয়,"আপোনালোকো যদি নিৰ্যাতিত হৈছে প্ৰতিবাদ কৰক, হয়তো আয়োগ পাই যাব ।" মহিলা আয়োগ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে উলিওৱা বাইক ৰেলী কাজিৰঙা, গোলাঘাট হৈ যোৰহাটত সামৰণি পৰিব বুলিও জনায় মহিলা আয়োগৰ ৰাজ্যিক অধ্যক্ষা আঙুৰলতা ডেকাই ।

