ETV Bharat / state

উচ্চ ন্যায়ালয়ৰ সেউজ সংকেত পালে নেঘেৰিবিলত পুনৰ চলিব উচ্ছেদ

নেঘেৰিবিলৰ পূৰ্বে উচ্ছেদিত স্থান পৰিদৰ্শন বিশেষ মুখ্য সচিব এম কে যাদৱৰ ।

Assam Special CS M K Yadav visits Negheribil evicted area
নেঘেৰিবিলৰ পূৰ্বে উচ্ছেদিত অঞ্চল পৰিদৰ্শন বিশেষ মুখ্য সচিব এম কে যাদৱৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 28, 2026 at 5:26 PM IST

3 Min Read
Choose ETV Bharat

গোলাঘাট: বিগত বছৰ উচ্ছেদ চলোৱা অসম-নাগালেণ্ড সীমান্তৰ স্পৰ্শকাতৰ মেৰাপানীৰ নেঘেৰিবিলত হঠাৎ বৃহস্পতিবাৰ উপস্থিত হ'ল অসম চৰকাৰৰ বন বিভাগৰ বিশেষ মুখ্য সচিব এম কে যাদৱ । বিষয়াগৰাকীৰ সৈতে গোলাঘাটৰ জিলা আয়ুক্ত পূৱালী গোঁহাই, বন বিভাগৰ উচ্চপদস্থ বিষয়া, অসম আৰক্ষী আৰু চিআৰপিএফৰ বিষয়াসকলো উপস্থিত থাকে । উচ্ছেদৰ পিছত অঞ্চলটোৰ সামগ্ৰিক পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে বিশেষ মুখ্য সচিবগৰাকীয়ে অঞ্চলটো পৰিদৰ্শন কৰে । বিশেষকৈ উচ্ছেদিত লোকসকল পুনৰ ঘূৰি আহিছে নেকি বা তাত নতুন নিৰ্মাণকাৰ্য আৰম্ভ হৈছে নেকি সেয়া পৰ্যালোচনা কৰিবলৈ বিশেষ মুখ্য সচিবগৰাকয়ে প্ৰশাসনৰ লোকৰ সৈতে অঞ্চলটো পৰিদৰ্শন কৰে ।

ইফালে বিষয়াগৰাকীৰ পৰিদৰ্শনৰ সময়ত সমগ্ৰ অঞ্চলটোত নিৰাপত্তাৰ লগতে কোনো ধৰণৰ অবৈধ দখল বা পুনৰ ঘৰ স্থাপনৰ চেষ্টা ৰোধ কৰিবলৈ প্রশাসনে কঠোৰ স্থিতি গ্ৰহণ কৰিছে ।

আদালতৰ নিৰ্দেশ পালে পুনৰ নেঘেৰিবিলত উচ্ছেদ আৰম্ভ কৰাৰ ইংগিত এম কে যাদৱৰ (ETV Bharat)

উল্লেখ্য যে সীমান্তৱৰ্তী এই অঞ্চলটোত পূৰ্বে চলোৱা উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি ৰাজ্যজুৰি ব্যাপক চৰ্চা হৈছিল । তাৰ পিছতেই প্রশাসনে অঞ্চলটোৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে । পৰিদৰ্শনৰ সময়ত বিশেষ মুখ্য সচিব এম কে যাদৱে কয়, "বিগত বৰ্ষত আমি এই স্থানত উচ্ছেদ চলাইছিলোঁ । ইয়াৰ মাটিকালি প্ৰায় ৫৫ হেক্টৰ । উচ্ছেদ অভিযানৰ সময়ত ৫৯ টা পৰিয়ালে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল উচ্ছেদ অভিযান বন্ধ কৰিবলৈ । তাৰ পাছত উচ্চ ন্যায়ালয়ে উচ্ছেদ অভিযান বন্ধ কৰিবলৈ জাননী জাৰি কৰিছিল । সেই আবেদনৰ শুনানিৰ অন্তত উচ্চ ন্যায়ালয়ে পৰিয়ালবোৰক জাননী জাৰি কৰিবলৈ কৈছিল । সেই মতে আমি জাননী জাৰি কৰিছিলোঁ । কিন্তু তেওঁলোকে পুনৰ উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে আৰু সেই আবেদন বৰ্তমান বিচাৰাধীন হৈ আছে । উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পিছতে আমি পৰৱৰ্তী কাৰ্যপন্থা হাতত লম ।"

Assam Special CS M K Yadav visits Negheribil evicted area
নেঘেৰিবিলৰ পূৰ্বে উচ্ছেদিত অঞ্চলত অসম চৰকাৰৰ বিশেষ মুখ্য সচিব এম কে যাদৱ (ETV Bharat)

অঞ্চলটোত পুনৰ উচ্ছেদ হ'ব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "আমি উচ্ছেদৰ বাবে সকলো সময়তে সাজু আছো আৰু উচ্চ ন্যায়ালয়ে এই স্থানত বৰ্তমানৰ স্থিতাৱস্থা বাহাল ৰাখিবলৈ নিৰ্দেশ দিছিল সেই মৰ্মে আমি পৰিদৰ্শন কৰিছোঁ । ইয়াৰ উপৰিও কালি উৰিয়ামঘাট অঞ্চল পৰিদৰ্শন কৰিছোঁ । তাত উচ্ছেদৰ পাছত কোনো ধৰণৰ নতুনকৈ গৃহ নিৰ্মাণ কৰা নাই ।" উক্ত অঞ্চলত শিল মাফিয়াৰ অবৈধ খনন চলা সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত বিষয়াগৰাকীয়ে কয় যে সেই সন্দৰ্ভত প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ।

Assam Special CS M K Yadav visits Negheribil evicted area
নেঘেৰিবিলৰ পূৰ্বে উচ্ছেদিত অঞ্চল পৰিদৰ্শন বিশেষ মুখ্য সচিব এম কে যাদৱৰ (ETV Bharat)

ইফালে হঠাৎ অসম চৰকাৰৰ বন বিভাগৰ বিশেষ মুখ্য সচিব অঞ্চলটোত উপস্থিত হোৱাক লৈ পৰিয়ালবোৰৰ মাজত আতংকৰ সৃষ্টি হৈছে । পুনৰ উচ্ছেদ চলিব পাৰে বুলিও তেওঁলোকে সন্দেহ কৰিছে । বিষয়াগৰাকীয়ে জনোৱা মতে ইতিমধ্যে কেইবাটাও পৰিয়ালে সেই অঞ্চল ত্যাগ কৰিছে । আনহাতে উচ্ছেদৰ পিছৰ পৰা তাত কোনো নতুন নিৰ্মাণকাৰ্য চলা নাই বুলিও বিষয়াগৰাকীয়ে উল্লেখ কৰে ।

লগতে পঢ়ক :

কচুতলিৰ ঘটনা : বহু আৰক্ষী বিষয়া ‍আৰু জোৱানলৈ জাননী জাৰি ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ