জাপানীজ ভাষাৰ শিক্ষক হ'ব বিচাৰে নেকি ?
কেৱল জাপানীজ ভাষা নিজে শিকাই নহয় আনকো শিকাব পাৰিব । ইতিমধ্যে আৰম্ভ হৈছে বিশেষ প্ৰশিক্ষণৰ ।

Published : July 1, 2026 at 7:38 PM IST
গুৱাহাটী: আপুনি জাপানীজ ভাষা শিকিব বিচাৰে নেকি ? আপুনি জাপানীজ ভাষাৰ শিক্ষক হ'ব বিচাৰে নেকি ? তেন্তে আপোনাৰ বাবে ভাল খবৰ । অসম দক্ষতা বিশ্ববিদ্যালয়ে লৈছে এক বিশেষ পদক্ষেপ । বিশ্ববিদ্যালয়ে আৰম্ভ কৰিছে জাপানীজ ভাষা শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী । অৰ্থাৎ এই প্ৰশিক্ষণ কাৰ্যসূচীত জাপানীজ ভাষা শিকি আপুনিও আনক শিকাব পাৰিব বা জাপানীজ ভাষাৰ শিক্ষক হ'ব পাৰিব ।
অসম দক্ষতা বিশ্ববিদ্যালয়ে দ্য জাপান ফাউণ্ডেশ্যন (জেএফ) আৰু ইণ্ডো জাপান বিজনেছ কাউন্সিল (আইজেবিচি)-ৰ সহযোগত বুধবাৰৰ পৰা জাপানীজ ভাষাৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে । ৮ মাহলৈ জাপানৰ প্ৰশিক্ষকে অসমৰ ইচ্ছুক লোকসকলক এই প্ৰশিক্ষণ দিব । বুধবাৰে অসম দক্ষতা বিশ্ববিদ্যালয়ৰ বিৰুবাৰীত থকা চৌহদৰ প্ৰশিক্ষণ কেন্দ্ৰত এই কাৰ্যসূচী মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে উদ্বোধন কৰে ।
প্ৰশিক্ষণ কেন্দ্ৰ উদ্বোধন কৰি মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে কয়, "জাপানীজ ভাষা শিকিবলৈ প্ৰথমে শিক্ষক লাগিব । যিয়ে জাপানীজ ভাষাটো ছাত্ৰ-ছাত্ৰীক শিকাব পাৰিব । সেয়েহে শিক্ষকক প্ৰশিক্ষণ দিয়াৰ বাবে কেন্দ্ৰ মুকলি কৰা হৈছে । ইতিমধ্যে মুখ্যমন্ত্ৰীৰ এফএলআইজিএইচটি (FLIGHT) আঁচনি চলি আছে যাৰ অধীনত জাপানীজ ভাষা ছাত্ৰ-ছাত্ৰীসকলে শিকি আছে । আজি আৰম্ভ কৰা কেন্দ্ৰই শিক্ষকৰ অভাৱ নোহোৱা কৰিব ।"
অনুষ্ঠানত উপস্থিত থাকি জাপান ফাউণ্ডেচনৰ সঞ্চালক ক'জি চাটুই কয়, "ভাষা শিকাটো ইমান ডাঙৰ কথা নহয় । জাপান ফাউণ্ডেচনৰ অভিজ্ঞতা সম্পন্ন প্ৰশিক্ষকে প্ৰশিক্ষণ প্ৰদান কৰিব ।"
ইফালে অসম দক্ষতা বিশ্ববিদ্যালয়ৰ একাডেমীক ডীন ডঃ মনোজ কুমাৰ ডেকাই এই প্ৰশিক্ষণ সন্দৰ্ভত কয়, "আমাৰ এই প্ৰশিক্ষণৰ বাবে সমগ্ৰ ৰাজ্যৰ পৰা আবেদন আহিছে । ২৯ গৰাকী শিক্ষকক প্ৰশিক্ষণ দিয়া হ'ব । পৰৱৰ্তী সময়ত একেলগে ২০০-৩০০ শিক্ষকক প্ৰশিক্ষণ দিয়াৰ পৰিকল্পনা কৰা হৈছে । এই প্ৰশিক্ষণ লোৱাৰ পিছত তেওঁলোকে জাপানীজ ভাষা শিকাব পাৰিব । ইয়াৰ উপৰিও জাপানলৈ গৈ নিজৰ যোগ্যতাৰ ভিত্তিত কামো পাব ।"
লগতে পঢ়ক :
৪৩ বছৰীয়া হ'ল যোৰহাট জিলা: বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন যোৰহাট জিলা দিৱস

