ETV Bharat / state

অসমলৈ বৃন্দাবনী বস্ত্র : অসম চৰকাৰ আৰু ব্ৰিটিছ সংগ্ৰহালয় কর্তৃপক্ষৰ মাজত স্বাক্ষৰ 'লেটাৰ অৱ ইনটেন্ট'

বৃন্দাবনী বস্ত্রখন অসমলৈ অহাটো পূর্বপুৰুষ নিজ গৃহলৈ অহাৰ দৰে অনুভৱ হ'ব : মুখ্যমন্ত্ৰী

VRINDAVANI VASTRA TO ASSAM
সম চৰকাৰ আৰু ব্ৰিটিছ সংগ্ৰহালয় কর্তৃপক্ষৰ মাজত 'লেটাৰ অৱ ইনটেন্ট'ত স্বাক্ষৰ (Himanta Biswa Sarma FB Page)
author img

By ETV Bharat Assamese Team

Published : November 18, 2025 at 12:39 AM IST

4 Min Read
Choose ETV Bharat

হায়দৰাবাদ : ব্ৰিটিছ সংগ্ৰহালয়ত বর্তমান সংৰক্ষিত কৰি ৰখা অসমৰ অমূল্য সম্পদ বৃন্দাবনী বস্ত্রখন ৰাজ্যখনলৈ সাময়িকভাবে অনাৰ বাবে সোমবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অসম চৰকাৰ আৰু ব্রিটিছ সংগ্রহালয় কর্তৃপক্ষৰ মাজত এক 'লেটাৰ অৱ ইনটেন্ট' স্বাক্ষৰিত হয় ।

এই উপলক্ষে ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শর্মাই কয়, "বৃন্দাবনী বস্ত্রখন অসমৰ আধ্যাত্মিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ এক আপুৰুগীয়া সম্পদ । আজিৰ এই চুক্তি স্বাক্ষৰ অসম তথা ভাৰতবাসীৰ বাবে এক গৌৰৱপূৰ্ণ মুহূর্ত ।" তেওঁ এই অমূল্য সম্পদবিধক অসমলৈ ওভতাই অনাৰ ক্ষেত্ৰত মুকলি মনেৰে সহায় আৰু সহযোগিতা আগবঢ়োৱাৰ বাবে ব্ৰিটিছ সংগ্ৰহালয়ৰ কৰ্তৃপক্ষক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে ।

এই ক্ষেত্রত কূটনৈতিক প্রচেষ্টা গ্ৰহণ কৰা বাবে যুক্তৰাজ্যত নিযুক্ত ভাৰতীয় উচ্চায়ুক্তকো মুখ্যমন্ত্ৰীয়ে ধন্যবাদ জনায় । মুখ্যমন্ত্ৰী ৰ্শমাই কয়, "ভৌগোলিকভাৱে অসম এখন ক্ষুদ্র ৰাজ্য হ'লেও ইয়াৰ সভ্যতা আৰু সংস্কৃতি বিশাল । জনগোষ্ঠীভেদে বিভিন্ন ভাষা, ইতিহাস, পৰম্পৰা আৰু কলা-সংস্কৃতি আদিৰে সমন্বয়ৰ এক মিলন ভূমি অসম । পাৰস্পৰিক ক্ৰিয়া-কলাপৰ জৰিয়তে শাক্ত আৰু শৈৱ পৰম্পৰা, থলুৱা বিশ্বাসে ইজনে সিজনক সমৃদ্ধ কৰিছে ।"

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, "মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে নৱবৈষ্ণৱ আন্দোলনেৰে অনৈক্যৰ মাজত ঐক্যৰ সাঁকো গঢ়ি এখন বৰ অসম গঢ়ি তুলিছিল । মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ কেৱল এগৰাকী আধ্যাত্মিক গুৰুৱেই নাছিল, তেওঁ আছিল এগৰাকী কবি, নাট্যকাৰ, সংগীতজ্ঞ, সমাজ সংস্কাৰক আৰু সমাজ নিৰ্মাণৰ খনিকৰ ।"

VRINDAVANI VASTRA TO ASSAM
ব্ৰিটিছ সংগ্ৰহালয় কর্তৃপক্ষৰ সৈতে মুখ্যমন্ত্ৰী (Himanta Biswa Sarma FB Page)

মুখ্যমন্ত্ৰীয়ে কয় যে বৃন্দাবনী বস্ত্রখন হৈছে ষোড়শ শতিকাৰ অসমৰ বয়ন শিল্পৰ এক কীর্তিস্বৰূপ । বৃন্দাবনী বস্ত্রখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আধ্যাত্মিক ক্ষেত্ৰখনৰ এক আপুৰুগীয়া সৃষ্টি । মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ আধ্যাত্মিক মাৰ্গদৰ্শন আৰু তেৰাৰ শিষ্য মহাপুৰুষ মাধৱদেৱৰ নিদের্শনাত মথুৰাদাস বুঢ়া আতাৰ নেতৃত্বত এটি নিপুন বয়ন শিল্পীৰ দলে বৃন্দাবনী বস্ত্ৰখন প্রস্তুত কৰিছিল । তেওঁলোকে অত্যাধুনিক বয়ন কৌশলেৰে বৃন্দাবনত ভগৱান শ্রীকৃষ্ণৰ লীলা চিত্রিত কৰি এই বস্ত্ৰখন প্রস্তুত কৰিছিল ।

তেওঁ কয় যে ব্ৰিটিছ সংগ্ৰহালয়ৰ তত্বাৱধানত থকা এই বস্ত্ৰখনৰ অংশটো একাধিক ৰেচমৰ পেনেলৰ পৰা একত্ৰিত কৰা হৈছে । ইয়াৰ দৈর্ঘ প্রায় ৯.৪ মিটাৰ আৰু প্ৰস্থ ২.৩ মিটাৰৰো অধিক । এই বস্ত্ৰখন কেৱল ভক্তিৰ প্ৰতিফলনেই নহয়, সেই সময়ত অসমীয়া বয়ন শিল্পীৰ অসাধাৰণ কাৰিকৰী আৰু কলাত্মক কৌশলৰো ই সাক্ষ্য বহন কৰিছে ।

VRINDAVANI VASTRA TO ASSAM
ব্ৰিটিছ সংগ্ৰহালয় কর্তৃপক্ষৰ সৈতে মুখ্যমন্ত্ৰী (Himanta Biswa Sarma FB Page)

শৰ্মাই কয় যে আজি আনুষ্ঠানিকভারে গঢ়ি উঠা অংশীদাৰিত্বৰ জৰিয়তে এই অমূল্য সম্পদৰাজিয়ে এক নতুন যাত্ৰা আৰম্ভ কৰিব । যিখন দেশত বিশ্বাস আৰু কল্পনাৰে ইয়াক প্রথম সৃষ্টি কৰা হৈছিল সেই ভূমিলৈ বৃন্দাবনী বস্ত্ৰখনৰ উভতনি যাত্ৰাৰ পথ সুগম হৈ উঠিছে ।

তেওঁ কয় যে অসমবাসীৰ বাবে বৃন্দাবনী বস্ত্ৰখন কেৱল কাঁচৰ আঁৰত সংৰক্ষিত এখন পুৰণি বস্ত্ৰ নহয় । ই অসমৰ সামূহিক স্মৃতিৰ অংশ । প্ৰজন্মৰ পিছত প্ৰজন্মই ইয়াৰ বিষয়ে কীর্তনত গাইছে, সন্তানক ইয়াৰ বিষয়ে শিকাইছে, ইয়াৰ কাহিনীবোৰ কেতিয়াও নেদেখিলেও হৃদয়ত কঢ়িয়াই লৈ ফুৰিছে । এই বস্ত্ৰখনে অসমৰ আধ্যাত্মিক শিল্পৰ উচ্চমাত্ৰা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শক প্রতিনিধিত্ব কৰে । অসমৰ সমাজ ব্যৱস্থাৰ বিশ্বাস আৰু কাৰিকৰী শিল্পৰ মাজত থকা সম্পৃক্ততাকো ই সূচায় বুলি তেওঁ কয় । বৃন্দাবনী বস্ত্রখন অসমলৈ অহাটো পূর্বপুৰুষ নিজ গৃহলৈ অহাৰ দৰে অনুভৱ হ'ব বুলি তেওঁ মন্তব্য কৰে ।

VRINDAVANI VASTRA TO ASSAM
সম চৰকাৰ আৰু ব্ৰিটিছ সংগ্ৰহালয় কর্তৃপক্ষৰ মাজত 'লেটাৰ অৱ ইনটেন্ট'ত স্বাক্ষৰ (Himanta Biswa Sarma FB Page)

আজিৰ এই গুৰুত্বপূৰ্ণ সন্ধিক্ষণত মাৰ্গ দৰ্শন আৰু সহযোগিতা আগবঢ়োৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে । ৰাজ্যবাসীৰ আকাংক্ষাক কাৰ্যকৰী কৰাৰ বাবে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী ড° এছ জয়শংকৰলৈও মুখ্যমন্ত্ৰীয়ে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে । মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে গুৱাহাটীত অত্যাধুনিক বৃন্দাবনী বস্ত্ৰ সংগ্ৰহালয় স্থাপনৰ সিদ্ধান্ত গ্রহণ কৰিছে । ইতিমধ্যে ৰাজ্যিক কেবিনেটে ইয়াৰ বাবে ভূমি আবণ্টন দিছে আৰু বিশেষ গেলেৰী, নিৰাপদ সংৰক্ষণ, দৰ্শনাৰ্থীৰ সুবিধা আৰু লেণ্ডস্কেপিঙেৰে চৌপাশে অত্যাধুনিক সুবিধা গঢ়ি তোলাৰ বাবে পৰিকল্পনা প্রস্তুত কৰিছে ।

আজিৰ এই অনুষ্ঠানত যুক্তৰাজ্যত নিযুক্ত ভাৰতৰ উচ্চায়ুক্ত বিক্ৰম ড'ৰাইস্বামী, ব্ৰিটিছ সংগ্ৰহালয়ৰ অধ্যক্ষ জর্জ অছবর্ণ, ব্রিটিছ সংগ্ৰহালয়ৰ সঞ্চালক ড° নিকোলাছ কুলিনান, মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব ড° কে কে দ্বিবেদী উপস্থিত থাকে ।

লগতে পঢ়ক : অসমলৈ বৃন্দাবনী বস্ত্র অহাৰ পথ প্ৰশস্ত হৈছে, কেনেকৈ ? সৱিশেষ ক'লে মুখ্যমন্ত্রীয়ে

বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ ব্যৱস্থা কৰিবলৈ লণ্ডন অভিমুখে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

লণ্ডনত অসমীয়া সমাজক সাক্ষাৎ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ