ETV Bharat / state

প্ৰথম বছৰতে ১ লাখ কোটি বিনিয়োগৰ প্ৰতিশ্ৰুতি: বিশ্ব অৰ্থনৈতিক মঞ্চত মুখ্যমন্ত্ৰী

"অসম বিনিয়োগৰ গন্তব্যস্থান হ'ব পাৰে বুলি কোনেও ভবা নাছিল । আৰু মই যেতিয়া অসমৰ কথা কওঁ, তেতিয়া উত্তৰ-পূবৰ কথাও কওঁ ।" মুখ্যমন্ত্ৰী

Himanta Biswa Sarma at WEF
প্ৰথম বছৰতে ১ লাখ কোটি বিনিয়োগৰ প্ৰতিশ্ৰুতি: বিশ্ব অৰ্থনৈতিক মঞ্চত মুখ্যমন্ত্ৰী (Captured photo from X@HimantaBiswaSarma video)
author img

By PTI

Published : January 22, 2026 at 8:43 AM IST

4 Min Read
Choose ETV Bharat

ডাভোছ : বিশ্ব অৰ্থনৈতিক মঞ্চৰ ইতিহাসত প্রথমবাৰৰ বাবে বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰি অসমে ইতিমধ্যে ১ লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি নিশ্চিত কৰিছে । লগতে বিশ্বৰ ক্ষেত্ৰত ৰাজ্যখনৰ বাবে ই মাথোঁ এক ভেটিহে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে ।

ডাভোছত পি টি আইৰ সৈতে হোৱা সাক্ষাৎকাৰত মুখ্যমন্ত্ৰীয়ে কয় যে অসম বা উত্তৰ-পূৰ্বাঞ্চলৰ যিকোনো ৰাজ্যৰ পৰা প্ৰথমবাৰৰ বাবে ডাভোছলৈ আহিছে আৰু ই এক জ্ঞানদায়ক অভিজ্ঞতা হৈছে । ই আমাক নীতি নিৰ্ধাৰণ আৰু আমাৰ ৰাজ্যলৈ অধিক বিনিয়োগ অনাত সহায় কৰিব ।

ৰিজাৰ্ভ বেংকৰ তথ্যৰ উদ্ধৃতি দি তেওঁ কয় যে অসম এতিয়া দেশৰ ভিতৰতে আটাইতকৈ দ্ৰুতগতিত বিকশিত ৰাজ্য আৰু বিগত পাঁচ বছৰত আমি ধাৰাবাহিকভাৱে ১৩ শতাংশতকৈ অধিক বিকাশ লাভ কৰিছোঁ । আনহাতে, অহা বছৰ আমাৰ বিকাশৰ প্ৰক্ষেপণ প্ৰায় ১৫ শতাংশ হ’ব ।

"আমি এক সৰু অৰ্থনীতি, কিন্তু এতিয়া আমি দ্ৰুত গতিত বিকাশ লাভ কৰিছোঁ । প্ৰধানমন্ত্ৰী অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ হিত সাধনৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ।"

মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰীয়ে এটা বৃহৎ ইউৰিয়া কাৰখানা আৰু এটা গ্ৰীণফিল্ড কেমিকেল কমপ্লেক্সৰ আধাৰশিলা স্থাপন কৰিছে ।

"টাটা ছেমিকণ্ডাক্টৰ চূড়ান্ত পৰ্যায়ত আছে, য’ত মই ভাবোঁ যে তাত এতিয়াৰ পৰা দুই-তিনিমাহৰ পিছত চিপ উৎপাদন আৰম্ভ কৰিব ।" তেওঁ লগতে কয় ।

মুখ্যমন্ত্ৰীয়ে কয়, "এতিয়া আমি আমাৰ কাহিনী বিশ্বৰ আগত ক’ব বিচাৰোঁ আৰু ডাভোছত থকাৰ সময়ছোৱাত আমি বিশ্বৰ বিভিন্ন বিখ্যাত ব্যক্তিক লগ পাইছোঁ ।"

মুখ্যমন্ত্ৰীয়ে লগতে কয়, "কিন্তু তথাপিও এয়া মাত্ৰ আৰম্ভণিহে । মই ভাবোঁ যে আমি আগন্তুক তিনি-চাৰি বছৰলৈ আমি নিৰন্তৰ প্ৰয়াস কৰিব লাগিব, যাতে আমি বিশ্বৰ বিনিয়োগকাৰীৰ দৃষ্টি অসমৰ প্ৰতি আকৰ্ষণ কৰিবলৈ সক্ষম হওঁ ।"

মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰে এই ধৰণৰ সামগ্ৰীত বিনিয়োগৰ ওপৰত ধাৰাবাহিকভাৱে গুৰুত্ব আৰোপ কৰি আছে, যিবোৰ আমি প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰি বিকশিত কৰিব পাৰোঁ ।

অসম এক নিৰ্দিষ্ট ভূখণ্ড হোৱাৰ বাবে শক্তি আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলিও তেওঁ লগতে কয় ।

"সৌৰ সংৰক্ষণ প্ৰকল্প, সেউজ শক্তি, হাইড্ৰ’কাৰ্বন, অৰ্ধপৰিবাহী আৰু ইলেক্ট্ৰ'নিক্স হৈছে আমি বিনিয়োগকাৰীৰ সৈতে যোগাযোগ কৰা মূল ক্ষেত্ৰসমূহৰ ভিতৰত অন্যতম ।" তেওঁ কয় ।

মুখ্যমন্ত্ৰীয়ে কয় যে কেইবছৰমান আগলৈকে মানুহে কেৱল জানিছিল যে অসমত চাহ উৎপাদন হয়, ইয়াত এশিঙীয়া গঁড় আছে আৰু কিছু হাইড্ৰ’কাৰ্বনৰ সম্ভাৱনা আছে ।

তেওঁ কয়, "অসম বিনিয়োগৰ গন্তব্যস্থান হ'ব পাৰে বুলি কোনেও ভবা নাছিল । আৰু মই যেতিয়া অসমৰ কথা কওঁ, তেতিয়া উত্তৰ-পূবৰ কথাও কওঁ । কাৰণ আমি অবিচ্ছেদ্য অংগ ।"

আজি মানুহে শুনি আছে আৰু সম্ভাৱনা কি আছে আৰু কেনেকৈ বিনিয়োগ কৰিব পাৰে সেয়া জানিব বিচাৰিছে বুলিও তেওঁ কয় ।

"ভাৰতৰ বৃহৎ ঔদ্যোগিক প্ৰতিষ্ঠানৰ লগতে বহু আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰী আহি আমাক লগ কৰি অসমত তেওঁলোকে কি কৰিব পাৰে সেই কথা বুজিবলৈ চেষ্টা কৰিছে ।" মুখ্যমন্ত্ৰীয়ে কয় ।

"আগন্তুক কেইবছৰমানৰ ভিতৰত অসমখন ৰাষ্ট্ৰীয় ভূ-প্ৰকৃতিৰ এক অতি গুৰুত্বপূৰ্ণ গন্তব্যস্থান হিচাপে আত্মপ্ৰকাশ কৰিব বুলি মই নিশ্চিত ।" তেওঁ কয় ।

"প্ৰধানমন্ত্ৰীয়ে সক্ৰিয়ভাৱে অসমৰ হিতৰ বাবে কাম কৰি আছে । আৰু অসমৰ ভৱিষ্যতক লৈ মই অত্যন্ত আত্মবিশ্বাসী ।" তেওঁ কয় ।

মুখ্যমন্ত্ৰীয়ে লগতে কয়, "এই ভ্ৰমণে আমাক অসমত প্ৰায় ১ লাখ কোটি টকাৰ বিনিয়োগ প্ৰদান কৰিব । কিন্তু এয়া আৰম্ভণিহে, কাৰণ আমি এখন বৃহৎ ছবিৰ ওপৰত গুৰুত্ব দিছোঁ ।"

"মই ভাবোঁ আমি ভৱিষ্যতৰ বাবে ভেটি স্থাপন কৰিছোঁ ।" তেওঁ লগতে কয় ।

আনহাতে, তেওঁৰ পুৰণি দল কংগ্ৰেছৰ শাসনত অসমৰ মুখ্যমন্ত্ৰী বিশ্ব অৰ্থনৈতিক মঞ্চলৈ অহাটো সম্ভৱ হ’লহেঁতেননে বুলি সোধা প্ৰশ্নৰ উত্তৰত ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে তেওঁ ডাভোছত ৰাজনৈতিক হ’ব নিবিচাৰে, কিন্তু কথাটো হ’ল অসমৰ কথা কোনেও ভবা নাছিল, অসমক প্ৰক্ষেপ কৰাৰ কথা কোনেও ভবা নাছিল ।

"প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ প্ৰতি অতিৰিক্ত আগ্ৰহ প্ৰকাশ কৰিছে । গতিকে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি সেই ধৰণৰ দায়বদ্ধতা আগতে নাছিল ।" মুখ্যমন্ত্ৰীয়ে কয় ।

লগতে পঢ়ক :ভাৰতৰ দ্ৰুত বিকশিত ৰাজ্য় হৈছে অসম: বিশ্ব অর্থনৈতিক মঞ্চত হিমন্ত বিশ্ব শর্মা
লগতে পঢ়ক :ডাভোছত ভাৰতৰ অৰ্থনৈতিক অগ্ৰগতিৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ, অসমক দ্ৰুতগতিত বৃদ্ধি পোৱা বিনিয়োগ কেন্দ্ৰ বুলি উল্লেখ মুখ্যমন্ত্ৰীৰ