সাহিত্য সভাৰ অধিৱেশন বিতৰ্ক : এইবাৰ ৰান্ধনীয়ে ধন নোপোৱাৰ গুৰুতৰ অভিযোগ
বিতৰ্ক আৰু বিবাদেৰে সামৰণি সাহিত্য সভাৰ অধিৱেশন । এইবাৰ ৰান্ধনীক কেন্দ্ৰ কৰি তীব্ৰ বিতৰ্ক ।

Published : February 5, 2026 at 3:26 PM IST
গুৱাহাটী : বাক-বিতণ্ডা, বিবদমান পৰিস্থিতিৰ মাজৰে সামৰণি পৰিল অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক পঞ্চৰত্ন গুৱাহাটী অধিৱেশন । গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত যোৱা ৩১ জানুৱাৰী পৰা ৩ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত বিশেষ অধিৱেশনৰ সামৰণি হোৱাৰ পিছতো যেন বিতৰ্কৰ অন্ত পৰা নাই ।
শেহতীয়াকৈ ৰান্ধনীক ধন নিদিয়াক কেন্দ্ৰ কৰি পুনৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিল অসম সাহিত্য সভা । অসম সাহিত্য সভাৰ অধিৱেশন সময়ত ভোজ-ভাত বনোৱা কৰ্মত নিয়োজিত হৈ থকা ৰান্ধনীসকল নিজৰ প্ৰাপ্য ধন বিচাৰি একগোট হৈ ওলাই আহিল কলাক্ষেত্ৰৰ চৌহদত । ৰান্ধনীসকলে সাহিত্য সভাই পাপ্য ধন মোকলাই নিদিয়াৰ অভিযোগ উত্থাপন কৰি শংকৰদেৱ কলাক্ষেত্ৰৰ চৌহদত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰে ।
প্ৰায় অৰ্ধ শতাধিক ৰান্ধনীয়ে সংবাদ মাধ্যমৰ সন্মুখতে সাহিত্য সভাৰ আদৰণী সমিতিৰ বিষয়ববীয়াক ফোন কৰি নিজৰ প্ৰাপ্য ধন বিচাৰিলে ।
ৰান্ধনীসকলৰ মুৰব্বীগৰাকীয়ে এইদৰে কয়, "আমি দহদিন ধৰি সাহিত্য সভাৰ অধিৱেশনত খাদ্য ৰান্ধি আছিলোঁ । কিন্তু আমাক কমিটীয়ে এপ্ৰিল, মে' মাহৰ তাৰিখত টকা উলিয়াব পৰাকৈ চাৰিখন বেংকৰ চেক দিছে । আমি তেওঁলোকক নগদ ধন দিবলৈ কৈছোঁ যদিও এটকাও দিয়া নাই । এতিয়া সকলো ৰান্ধনীকে নগদ ধন লাগে । মই ক'ৰ পৰা দিম টকা । আয়োজক কমিটীৰ বিষয়ববীয়াক আজি মাতিছোঁ, আজিৰ তাৰিখৰ চেকত টকা দিবলৈ । কিন্তু তেওঁলোকে মান্তি হোৱা নাই । তাৰ বিপৰীতে সংবাদ মাধ্যমৰ আগত এই কথা ক'লে এক টকাও নিদিওঁ বুলি কৈছে । কি কৰিম মই ।"
ইপিনে, সাহিত্য সভাৰ অধিৱেশনত সভাপতি আৰু প্ৰতিনিধিসকলৰ মাজত হোৱা অপ্ৰীতিকৰ ঘটনাৰ পিছত পুনৰ ৰান্ধনীসকলক কেন্দ্ৰ কৰি হোৱা এই ঘটনাই সকলোকে আচৰিত কৰি তুলিছে ।
সাহিত্যৰ গুৰিধৰোঁতাসকলৰ মাজতেই যদি নিয়মানুৱৰ্তিতা, শৃংখলাবদ্ধতা আৰু দায়বদ্ধতা নাথাকে তেন্তে কি হ'ব বুলি একাংশই সমালোচনা কৰিছে ।
উল্লেখ্য যে সাহিত্য সভাৰ অধিৱেশনত প্ৰায় শতাধিক ৰান্ধনী-কৰ্মচাৰীয়ে কাম কৰিছিল । ইপিনে সাহিত্য সভাই এতিয়ালৈ এটকাও মোকলাই নিদিয়াৰ অভিযোগ উত্থাপন কৰে ৰান্ধনী আৰু ৰান্ধনীৰ কৰ্মচাৰীসকলে ।

