ETV Bharat / state

কাছাৰত ১৬৮ কোটি টকাৰ য়াবা টেবলেট জব্দ

৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰে অনা এই নিচাজাতীয় টেবলেটবোৰ অসমৰ মাজেৰে পৰিবহণ কৰাৰ পিছত দেশৰ আন প্ৰান্তলৈ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰা হৈছিল ৷

DRUGS SEIZED IN CACHAR
৫.৬ লাখ য়াবা টেবলেট জব্দ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 27, 2026 at 1:33 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ: আন্তঃৰাজ্যিক ড্ৰাগছ সৰবৰাহ চক্ৰৰ বিৰুদ্ধে অসম ৰাইফলছ আৰু ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ বৃহৎ সফলতা ৷ এক যুটীয়া অভিযানত কাছাৰ জিলাৰ লক্ষীপুৰৰ জুজাং পাহাৰ অঞ্চলৰ পৰা ৫.৬ লাখ য়াবা টেবলেট জব্দ কৰা হৈছে ৷ জব্দকৃত য়াবা টেবলেটখিনিৰ মূল্য প্ৰায় ১৬৮ কোটি টকা ৷

আজিৰ পৰা দুদিন পূৰ্বে অৰ্থাৎ ২৫-২৬ আগষ্টৰ নিশা চলোৱা এক অভিযানত প্ৰায় ৬০ কিলোগ্ৰাম ওজনৰ য়াবা টেবলেটখিনি জব্দ কৰিবলৈ অভিযানকাৰী দলটো সক্ষম হয় ৷ অভিযানকাৰী দলটোৱে এটা ড্ৰাগছ সৰবৰাহকাৰীক ইতিমধ্যে কৰায়ত্ত কৰিছে ৷ আনহাতে, সৰবৰাহকাৰীটোৱে এনে কাৰ্যত ব্যৱহাৰ কৰা এখন ট্ৰাকো অভিযানকাৰী দলটোৱে জব্দ কৰে ।

DRUGS SEIZED IN CACHAR
ড্ৰাগছৰ বিৰুদ্ধে পুনৰ এক সফল অভিযান (ETV Bharat Assam)

উল্লেখ্য যে, জব্দকৃত য়াবা টেবলেটখিনি মণিপুৰৰ পৰা অসমলৈ অনা হৈছিল বুলি অভিযানকাৰী দলটোৱে প্ৰাথমিক তদন্তত সন্দেহ প্ৰকাশ কৰিছে ৷ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰে অনা এই নিচাজাতীয় টেবলেটবোৰ অসমৰ মাজেৰে পৰিবহণ কৰাৰ পিছত দেশৰ আন প্ৰান্তলৈ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰা হৈছিল বুলি অভিযানকাৰী দলটোৱে প্ৰাথমিক তদন্তৰ অন্তত জানিবলৈ দিয়ে ৷

ইয়াৰ লগতে কাছাৰ আৰু শ্ৰীভূমি জিলাক আন্তঃৰাজ্যিক ড্ৰাগছ সৰবৰাহৰ কৰিডৰ হিচাপে ব্যৱহাৰ কৰিবলৈ এক প্ৰচেষ্টা চলি থকা বুলি অভিযানকাৰী দলসমূহে সন্দেহ প্ৰকাশ কৰিছে ।

এনেবোৰ খবৰৰ মাজতে অৱশ্যে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে ৷ বুধবাৰে নিশা কোকৰাঝাৰ আৰক্ষীয়ে ১৩১ টা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত প্ৰায় ১০.৫ কোটি টকা মূল্যৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হৈছিল ৷

জব্দকৃত হেৰ’ইনখিনিৰ ওজন প্ৰায় ১.৪৮ কেজি ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজে সামাজিক মাধ্যমৰ জৰিয়তে এই খবৰ প্ৰকাশ কৰে ৷

লগতে পঢ়ক: কিয় আত্মহননৰ পথ বাচি ল'লে বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ? স্তম্ভিত সকলো