ETV Bharat / state

নেপালৰ বানত সন্ধানহীন গুৱাহাটীৰ প্ৰাক্তন অধ্যাপিকা-স্বামী; মেৰাপানীৰ ৰাহুলৰো খবৰ নাই

নেপালত সন্ধানহীন গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা আৰু স্বামী; কৈলাস মানসৰোবৰলৈ গৈছিল তেওঁলোক... কামৰ সন্ধানত যোৱা মেৰাপানীৰ ৰাহুল দৈমাৰীৰ সৈতেও ঘৰৰ এতিয়ালৈ যোগাযোগ নাই...

Assamese missing in Nepal
নেপালত সন্ধানহীন গুৱাহাটীৰ প্ৰাক্তন অধ্যাপিকা-স্বামী;মেৰাপানীৰ ৰাহুলৰো খবৰ নাই (ETV Bharat/ANI)
author img

By ANI

Published : August 29, 2026 at 6:23 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী/গোলাঘাট : নেপাল-তিব্বত সীমান্তৰ আকস্মিক বানত অসমৰ এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যাপিকা আৰু তেওঁৰ স্বামীও নিৰুদ্দেশ হৈ থকাৰ খবৰ পোৱা গৈছে । গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা দীপালী সৰকাৰ আৰু তেওঁৰ স্বামী মানস ঘোষৰ সৈতে পৰিয়াল তথা আত্মীয়ই যোগাযোগ কৰিব পৰা নাই । যাৰ বাবে পৰিয়াল, সহকৰ্মী আৰু স্থানীয় লোকৰ মাজত উদ্বেগৰ সৃষ্টি হৈছে ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপিকা সৰকাৰে কলকাতাৰ পৰা ৩২ জনীয়া এটা দলৰ অংশ হিচাপে স্বামীৰ সৈতে ভ্ৰমণ কৰিছিল । দলটো নেপাল হৈ কৈলাস মানসৰোৱৰলৈ গৈ থকা অৱস্থাতে নিৰুদ্দেশ হৈ পৰে ।

নেপালৰ বানপানী
নেপালত সন্ধানহীন অসমীয়া (ANI)

গুৱাহাটীৰ লংকেশ্বৰৰ বাছেৰা এপাৰ্টমেণ্টৰ বাসিন্দা সৰকাৰৰ নিৰুদ্দেশে সহযোগী অৱসৰপ্ৰাপ্ত অধ্যাপিকা কুন্তলা পাত্ৰকে ধৰি সহযোগীসকলৰ মাজত উদ্বিগ্নতাৰ সৃষ্টি কৰিছে । এই সন্দৰ্ভত পাত্ৰই কয়, "তেওঁলোকে অন্তিমবাৰৰ বাবে ২১ আগষ্টত আমাৰ সৈতে যোগাযোগ কৰিছিল আৰু তেতিয়াৰ পৰাই তেওঁলোকৰ সৈতে যোগাযোগ কৰিব পৰা নাই ।"

পাত্ৰই লগতে কয় যে তেওঁ নেপালত থকা ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ কৰিছে কিন্তু এতিয়ালৈকে কোনো তথ্য প্ৰদান কৰা হোৱা নাই । চৰকাৰক উদ্দেশ্যি পাত্ৰই কৰ্তৃপক্ষক নেপালত আবদ্ধ আৰু নিৰুদ্দেশ হোৱা ভাৰতীয় নাগৰিকৰ সন্ধান আৰু উদ্ধাৰৰ বাবে তাৎক্ষণিক পদক্ষেপ ল'বলৈ আহ্বান জনায় ।

মেৰাপানীৰ ৰাহুল
মেৰাপানীৰ ৰাহুল (ETV Bharat)

ইফালে গোলাঘাট জিলাৰ পৰাও আন এজন যুৱক নেপালত নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে । যুৱকজন মেৰাপানীৰ ১ নং জয়পুখুৰীৰ ৰাহুল দৈমাৰী । ২৬ আগষ্টৰ মহাপ্ৰলয়ৰ পিছৰে পৰা পৰিয়ালে যুৱকজনৰ সৈতে যোগাযোগ কৰিব পৰা নাই ।

মেৰাপানীৰ ৰাহুলৰো খবৰ নাই (ETV Bharat)

ৰাহুলৰ পৰিয়ালটো সম্প্ৰতি শোকত ভাগি পৰিছে । ৰাহুল বিগত এবছৰৰ পৰা নেপালৰ এটা পাইপ লাইনৰ কোম্পানীত কৰ্মৰত হৈ আছে । পিতৃৰ মৃত্যুৰ পাছত ঘৰলৈ আহি সকাম কৰি পুনৰ ১৪ আগষ্টত ঘৰৰ পৰা নেপাললৈ গৈছিল । নেপালৰ জলপ্ৰলয়ৰ পাছৰে পৰা পৰিয়ালৰ সৈতে তেওঁ যোগাযোগত নাই ।

এই সম্পৰ্কে ৰাহুল দৈমাৰীৰ মাতৃয়ে কয়, "তেওঁ ১৪ আগষ্টত ঘৰৰ পৰা নেপাললৈ গৈছিল আৰু তাৰ পাছত কোনোধৰণৰ খবৰ লাভ কৰা নাই । ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত পিতৃৰ মৃত্যু হৈছিল । তাৰ পাছত মোৰ পুত্ৰ ৰাহুলে পিতৃৰ মৃতদেহ লৈ ঘৰলৈ আহিছিল আৰু ১১ দিনৰ দিনা সকাম কৰি পুনৰ ১৪ আগষ্টত নেপালৰ কৰ্মস্থলীলৈ বুলি ওলাই গৈছিল । ১৮ আগষ্টত তাত উপস্থিত হৈ মোক ফোন কৰি জনাইছিল যে 'মই ভালে ভালে আহি পালোঁ' । বৰ্তমান কোনোধৰণৰ যোগাযোগ নাই । মই এতিয়া কেনেকৈ পুত্ৰৰ সন্ধান লাভ কৰিম । অসম চৰকাৰে ভাৰত চৰকাৰৰ লগত যোগাযোগ কৰি মোৰ পুত্ৰৰ সন্ধান উলিয়াবলৈ অনুৰোধ জনালোঁ ।"

মেৰাপানীৰ ৰাহুল বাসগৃহত (ETV Bharat)

এগৰাকী আত্মীয়ই জনোৱা মতে ৰাহুল নেপালৰ কোম্পানীটোত ছুপাৰভাইজাৰ হিচাপে নিয়োজিত হৈ আছে ।

উল্লেখ্য যে অসমৰ ১২ গৰাকী লোক নেপালত সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে । ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাইও সন্ধানহীন লোকসকলৰ তথ্য প্ৰকাশ কৰিছে । সেই তালিকাত এই ৩ গৰাকী লোক অন্তৰ্ভুক্ত আছে ।

(null)

জানিব পৰা মতে নেপালৰ ৰাছুৱা জিলাত ২৬ আগষ্টত হোৱা আকস্মিক বানত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইয়ে আছে । শেহতীয়াকৈ নেপাল আৰক্ষীয়ে প্ৰকাশ কৰা মতে এতিয়ালৈ ৬১৬ টা মৃতদেহ উদ্ধাৰ হৈছে । ২৩০১ গৰাকী লোকক আহত অৱস্থা উদ্ধাৰ কৰা হৈছে ।

(null)

যোৱা ২৬ আগষ্টত ভোটেকোশী নদীৰ বানৰ ফলত চিটৱান জিলাত সৰ্বাধিক ২৩৩ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে নৱালপাৰাছী (পূব)ত ১৫৮, গোৰ্খাত ৪৮, নৱালপাৰাছী (পশ্চিম)ত ৪৭, ধাডিঙত ৪৫, নুৱাকোটত ৪১, টানাহুনত ৩১ আৰু ৰাছুৱাত ১৩ গৰাকী লোকৰ মৃত্যু হৈছে ।

নেপাল আৰক্ষীৰ তথ্য অনুসৰি নুৱাকোটৰ পৰা ১৪২২ গৰাকী, ৰাছুৱাৰ পৰা ৬৭৬ আৰু ধাডিঙৰ পৰা ৩ গৰাকী লোকক উদ্ধাৰ কৰা হৈছে । নেপালৰ বানাক্ৰান্ত অঞ্চলত উদ্ধাৰ আৰু সাহায্যৰ বাবে মুঠ ৪৮১১ গৰাকী আৰক্ষী জোৱান নিয়োগ কৰা হৈছে ।

ইফালে মৃতদেহবোৰ সংৰক্ষণ কৰি ৰখাৰ বাবে গুৰুতৰ সমস্যাৰ সন্মুখীন হৈছে প্ৰশাসন । কাৰণ দেশজুৰি মৰ্গত প্ৰায় ৩৫০ টা মৃতদেহ মজুত কৰাৰ ক্ষমতা আছে । যাৰ ফলত পৰিয়ালবোৰে চিনাক্ত কৰি মৃতদেহ গ্ৰহণ নকৰালৈকে সংৰক্ষণ কৰিবলৈ ঠাইৰ অভাৱ হৈছে ।

লগতে পঢ়ক :

নেপালত সন্ধানহীন অসমৰ ১২জন: তালিকা দিলে মুখ্যমন্ত্ৰীয়ে