বন্যহস্তীৰ জাকক পথ এৰি দি হোজাইত স্তব্ধ হ'ল দ্ৰুতবেগী ৰাজধানী এক্সপ্ৰেছৰ গতি
ভাৰতীয় ৰে'লৱেৰ ৰাজকীয়া ৰে'লখনে শিৰ নত কৰিলে এজাক বনৰীয়া হাতীৰ আগত ।

By ANI
Published : August 19, 2026 at 2:59 PM IST
হোজাই : ৰাজধানী এক্সপ্ৰেছ । ভাৰতীয় ৰে'লৰ এখন অতি দ্ৰুতবেগী ৰে'ল । শতাধিক গতিবেগত যাত্ৰা কৰা এই ৰে'লখনৰ ষ্টপেজৰ সংখ্যাও সীমিত । আনহাতে, ই গতিৰ আগত কোনো বাধা-বিঘিনি পৰোৱা নকৰে ।
কিন্তু এই দ্ৰুতবেগী ভাৰতীয় ৰে'লৱেৰ ৰাজকীয়া ৰে'লখনে শিৰ নত কৰিলে এজাক বনৰীয়া হাতীৰ আগত । কেৱল সেয়াই নহয় বন্যপ্ৰাণীৰ সুৰক্ষা যে ৰে'লখনৰ গতিতকৈও প্ৰথম অগ্ৰাধিকাৰ সেয়াও প্ৰকাশ কৰিলে ।
Creating Corridors of Safety!
— Himanta Biswa Sarma (@himantabiswa) August 19, 2026
In most of Assam's Elephant corridors along railway lines, @assamforest personnel are always on guard to allow safe passage to gentle giants 🐘
This morning in Hojai was no different where a high-speed train was alerted, saving precious lives🐘😊 pic.twitter.com/n1APOA1EPq
ঘটনাটো ঘটিছে হোজাই জিলাত । এটা বনৰীয়া হাতীৰ জাকক নিৰাপদে ৰে'লপথ অতিক্ৰম কৰাৰ সুবিধা প্ৰদান কৰাৰ বাবেই ৰাজধানী এক্সপ্ৰেছৰ গতি স্তব্ধ কৰি দিয়া হয় । এই কাৰ্যই ৰে'ল বিভাগৰ দায়িত্ব আৰু বন বিভাগৰ কৰ্মীৰ সজাগতাও প্ৰকাশ কৰিছে ।
চৰকাৰী সূত্ৰ মতে, কঠোৰ সতৰ্কতা আৰু বনকৰ্মীসকলৰ তৎকালীন সতৰ্কতামূলক ব্যৱস্থাৰ লগতে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সমন্বয়ৰ ফলত বুধবাৰে পুৱা হোজাই জিলাত হাতীৰ জাকটোৰ জীৱন ৰক্ষা কৰাত সহায় কৰে ।

খবৰ অনুসৰি, হোজাই জিলাৰ লংকাৰ সমীপৰ হাৱাইপুৰ অঞ্চলত ৰে'ল লাইন পাৰ হ’বলৈ চেষ্টা কৰি থকা অৱস্থাত ৰে’লপথৰ ওচৰত বনকৰ্মীসকলে হাতীৰ জাকটো দেখা পায় । সেই সময়ত নামনিমুৱা ৰাজধানী এক্সপ্ৰেছখন সেই দিশে ওচৰ চাপি আহিছিল ।
এই দৃশ্য প্ৰত্যক্ষ কৰাৰ লগে লগে বনকৰ্মী, লোকো-পাইলট আৰু লামডিং ৰে'লৱে কণ্ট্ৰ'ল ৰূমৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ বাবে হাতীৰ জাকটোৱে নিৰাপদে ৰে'ল লাইনটো পাৰ হৈ যায় । আনহাতে, হাতীৰ জাকটো পাৰ হৈ যোৱাৰ পিছত ৰে’লখনে পুনৰ যাত্ৰা আৰম্ভ কৰে ।
এই ঘটনাৰ বিষয়ে জানিব পাৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । বনকৰ্মীৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ আৰু হাতীৰ জাকটোৱে ৰে'ল লাইন পাৰ হোৱা ভিডিঅ' শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত লিখিছে, "সুৰক্ষাৰ কৰিড'ৰ সৃষ্টি ! ৰে'লপথৰ কাষৰ অসমৰ প্ৰায়বোৰ হাতী কৰিড'ৰত অসমৰ বনকৰ্মীসকল সদায় সতৰ্ক হৈ থাকে, যাতে এই নিমাখিত বিশালকায় প্ৰাণীবিধৰ নিৰাপদ যাতায়াতৰ সুবিধা হয় । আজি পুৱা হোজাইতো ইয়াৰ কোনো ব্যতিক্ৰম নাছিল । এখন তীব্ৰবেগী ৰে’লক সতৰ্ক কৰি দিয়া হয়, যাৰ ফলত বহুমূলীয়া জীৱন ৰক্ষা পৰে ।"

আনহাতে, সামাজিক মাধ্যমত এই হৃদয়স্পৰ্শী ভিডিঅ’টো শ্বেয়াৰ কৰি অসমৰ বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই X পোষ্টত লিখিছে, "অপ্ৰত্যাশিতভাৱে ট্ৰেক স্তব্ধ হৈ পৰে, সেয়া কিন্তু কেৱল আমাৰ মৰমৰ বিশালকায় প্ৰাণীকেইটা পাৰ হৈ যাবৰ বাবে । আজি পুৱা হোজাইৰ নগাঁও দক্ষিণ সংমণ্ডলৰ লংকা ৰেঞ্জৰ অন্তৰ্গত হাৱাইপুৰত হাতীৰ জাকে ট্ৰেক পাৰ হোৱাৰ লগে লগে ১৬৭/৮ কিলোমিটাৰত গতি কৰি থকা নামনিমুৱা ৰাজধানী এক্সপ্ৰেছখন ৰখাই দিয়া হয় ।"

"আমাৰ অসমৰ বন বিভাগৰ ষ্টাফ, লোকো-পাইলট আৰু লামডিং ৰেলৱে কণ্ট্ৰ'ল ৰূমৰ সতৰ্কতামূলক ব্যৱস্থাই হাতীৰ জাকটো নিৰাপদে পাৰ হোৱাটো নিশ্চিত কৰে আৰু ৰে'লখনে পুনৰ যাত্ৰা আৰম্ভ কৰে । আন এটা দিন, আন এটা নিৰাপদ ক্ৰছিং !" তেওঁ লগতে কয় ।
An unexpected halt on the tracks, but only for our adorable giants to pass by.
— Jayanta Mallabaruah (@jayanta_malla) August 19, 2026
This morning, the Down Rajdhani Express was stopped at Km 167/8 as an elephant herd crossed the tracks at Hawaipur under Lanka Range, Nagaon South Division, Hojai.
Alert action by our @assamforest… pic.twitter.com/qhPseOLNCv
মন্ত্ৰীগৰাকীয়ে লগতে কয়, "প্ৰতিদিনে আমাৰ নিষ্ঠাৱান বনকৰ্মীসকল সতৰ্ক হৈ থাকে, নীৰৱে আমাৰ বন্যপ্ৰাণীৰ সুৰক্ষা নিশ্চিত কৰে । এইবোৰ হয়তো নীৰৱ কাহিনী, কিন্তু প্ৰতিটো নিৰাপদ পাৰ হোৱাৰ ঘটনা প্ৰকাশ কৰাৰ যোগ্য কাহিনী ।"

