শোণিতপুৰৰ পাঁচ সমষ্টিত বৃদ্ধি পালে ৬,২৮৭ গৰাকী ভোটাৰ
দৰঙত মুঠ ভোটাৰৰ সংখ্যা হৈছে ৭,৩৭,৩১৬ গৰাকী । ৩,৭১,২৯২ জন পুৰুষ আৰু ৩,৬৬,০০৬ গৰাকী মহিলা ভোটাৰ ।

Published : December 28, 2025 at 4:34 PM IST
তেজপুৰ/দৰং : সমাগত বিধানসভা নিৰ্বাচনৰ বাবে শোণিতপুৰ আৰু দৰং জিলা প্ৰশাসনে বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়াৰ অন্তৰ্গত খচৰা ফটো ভোটাৰ তালিকা ২০২৬ আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে । শুকুৰবাৰে বিয়লি তেজপুৰস্থিত জিলা আয়ুক্তৰ সন্মিলন কক্ষত আয়োজিত এখন সংবাদমেলত আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া আনন্দ কুমাৰ দাসে জনোৱা মতে, এই বিশেষ পুনৰীক্ষণৰ বাবে যোগ্যতাৰ তাৰিখ ২০২৬ৰ ১ জানুৱাৰী ধাৰ্য কৰা হৈছে ।
জিলা আয়ুক্তই কয়, "ভোটাৰ তালিকা ২০২৫ ৰ চূড়ান্ত প্ৰকাশৰ পাছত শোণিতপুৰ জিলাৰ ভোটাৰ তালিকাত উল্লেখযোগ্য পৰিৱর্তন ঘটিছে । এই সময়ছোৱাত ২১,৪৯০ গৰাকী নতুন ভোটাৰ তালিকাভুক্ত কৰা হৈছে, যাৰ ভিতৰত উল্লেখযোগ্য সংখ্যক প্ৰথমবাৰৰ ভোটাৰো অন্তৰ্ভুক্ত হৈছে । আনহাতে মৃত্যু, স্থায়ীভাৱে স্থানান্তৰ আৰু দ্বৈত নামভুক্তিৰ দৰে কাৰণত ১৫,২০৩গৰাকীৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ দিয়া হৈছে । ইয়াৰ ফলত জিলাখনৰ পাঁচটা বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ৬,২৮৭ গৰাকী বৃদ্ধি পাইছে ।"

ভোটকেন্দ্ৰ সংখ্যা বৃদ্ধি :
বৰ্ধিত ভোটাৰৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি আৰু ভোটাৰৰ সুবিধা সুনিশ্চিত কৰাৰ উদ্দেশ্যে জিলাখনত ভোটকেন্দ্ৰৰ সংখ্যাও বৃদ্ধি কৰা হৈছে । বিশেষ পুনৰীক্ষণ ২০২৬ৰ অধীনত ৮০টা নতুন ভোটকেন্দ্ৰ সংযোজন কৰা হৈছে । ফলত শোণিতপুৰ জিলাত মুঠ ভোটকেন্দ্ৰৰ সংখ্যা ১,২৩১টালৈ বৃদ্ধি পাইছে ।
সমষ্টিভিত্তিক ভোটাৰ পৰিৱর্তনৰ বিৱৰণ :
জিলাখনৰ পাঁচটা বিধানসভা সমষ্টিত নতুন সংযোজন আৰু বিয়োজনৰ পৰিসংখ্যা হৈছে ৬৫ নং ঢেকিয়াজুলি বিধানসভা সমষ্টিত মুঠ ভোটকেন্দ্ৰ ২৮৫টা । নতুন সংযোজন ৫,৩৭৬ গৰাকী আৰু কৰ্তন ৪,৩৫৭ গৰাকী । মুঠ ভোটাৰ ২,২৮,৫০১ গৰাকী । ৬৬ নং বৰছলা বিধানসভা সমষ্টিত মুঠ ভোটকেন্দ্ৰ ২৫১টা । নতুন সংযোজন ৪,৪৯৫ গৰাকী আৰু কৰ্তন ২,৯০৮ গৰাকী । মুঠ ভোটাৰ হৈছে ১,৯৫,৭৪৪ গৰাকী ।
৬৭ নং তেজপুৰ বিধানসভা সমষ্টিত মুঠ ভোটকেন্দ্ৰ ২২৫টা । নতুন সংযোজন ৩,৫৩১ গৰাকী আৰু কৰ্তন ২,৪৬৩ গৰাকী । মুঠ ভোটাৰ ১,৮০,৮৮৫ গৰাকী । ৬৮নং ৰঙাপাৰা বিধানসভা সমষ্টিত মুঠ ভোটকেন্দ্ৰ ২১৪ টা । নতুন সংযোজন ৩,৯১০ গৰাকী আৰু কৰ্তন ২,৩৩৫ গৰাকী । মুঠ ভোটাৰ ১,৭১,৯৬৫ গৰাকী । ৬৯ নং নদুৱাৰ বিধানসভা সমষ্টিত মুঠ ভোটকেন্দ্ৰ ২৫৬টা । নতুন সংযোজন ৪,১৭৮ গৰাকী আৰু কৰ্তন ৩,১৪০ গৰাকী । মুঠ ভোটাৰ ২,০৪,৭২৮ গৰাকী ।

আনহাতে দাবী আৰু আপত্তি দাখিলৰ সময়সীমা নিৰ্বাচন বিভাগে জনোৱা মতে, খচৰা ভোটাৰ তালিকাৰ বিৰুদ্ধে দাবী আৰু আপত্তি দাখিলৰ সময়সীমা ২০২৫ৰ ২৭ নৱেম্বৰৰ পৰা ২০২৬ৰ ২২ জানুৱাৰীলৈ ধাৰ্য কৰা হৈছে ।
দৰঙত ভোটাৰৰ সংখ্যা ৭,৩৭,৩১৬ গৰাকী :
দৰঙৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত শনিবাৰে অনুষ্ঠিত এখন সভাত জিলাখনৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয় । জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতী, অতিৰিক্ত জিলা আয়ুক্ত, নিৰ্বাচনী বিষয়াই এই খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰে । প্ৰকাশিত খচৰা ভোটাৰ তালিকা অনুসৰি জিলাখনৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ৭,৩৭,৩১৬ গৰাকী । ইয়াৰৰ ভিতৰত ৩,৭১,২৯২ জন পুৰুষ আৰু ৩,৬৬,০০৬ গৰাকী মহিলা ভোটাৰ । ১৮ জন তৃতীয় লিংগৰ ভোটাৰ ।

৪৯ নং ছিপাঝাৰ বিধানসভা সমষ্টিৰ ভোটাৰৰ সংখ্যা ২১,১,২৯৯ গৰাকী । ৫০ নং মঙলদৈ বিধানসভা সমষ্টিৰ মুঠ ভোটাৰ ২০,৭,৬৯১ গৰাকী আৰু ৫১ নং দলগাঁও বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ৩,১৮,৩২৬ গৰাকী ।

