ETV Bharat / state

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত: বহু প্ৰশ্নৰ অৱতাৰণা কৰি ন্যায়িক তদন্ত আয়োগত আছাম পাব্লিক ৱৰ্কছৰ শপতনামা

জুবিন গাৰ্গৰ মৃত্যৰ তদন্তক লৈ সৰৱ আছাম পাব্লিক ৱৰ্কছ । ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ এজনীয়া ন্যায়িক আয়োগত শপতনামা দাখিল এ পি ডব্লিউৰ ।

Assam Public Works filed an affidavit with the Judicial Inquiry Commission raising many questions
ন্যায়িক আয়োগত শপতনামা দাখিল এ পি ডব্লিউৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 13, 2025 at 4:50 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী: "আজি এনেকুৱা লাগিছে জুবিন গাৰ্গৰ অনুৰাগীসকল যেন শুই গ'ল এতিয়া । আজি জুবিন গাৰ্গৰ অনুৰাগীসকল হঠাৎ নোহোৱা হৈ গ'ল । জুবিনৰ ন্যায়ৰ বাবে আমি সদায় লাগি থাকিব লাগিব, আগুৱাই যাব লাগিব ।"-এজনীয়া ন্যায়িক তদন্ত আয়োগত সাক্ষ্যদান কৰি এই মন্তব্য আছাম পাব্লিক ৱৰ্কছৰ সভাপতি আভিজিত্‍ শৰ্মাৰ ।

বৃহস্পতিবাৰে গুৱাহাটীৰ চানমাৰীৰ খাদী আৰু গ্ৰামোদ্যোগৰ কাৰ্যালয় চৌহদত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে গঠিত ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বৰ এজনীয়া ন্যায়িক আয়োগত আছাম পাব্লিক ৱৰ্কছৰ তৰফৰ পৰা শপতনামা দাখিল কৰা হয় ।

ন্যায়িক আয়োগত শপতনামা দাখিল এ পি ডব্লিউৰ (ETV Bharat Assam)

শপতনামা দাখিলৰ পাছতে সংবাদ মাধ্যমৰ আগত সংগঠনটোৰ সভাপতি আভিজিৎ শৰ্মাই কয়, "এজনীয়া ন্যায়িক তদন্ত আয়োগৰ আগত আজি আমি এ পি ডব্লিউৰ তৰফৰ পৰা শপতনামা দাখিল কৰিলোঁ । শপতনামাযোগে কোৱা হৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো শ্যামকানু মহন্তই নৰ্থ-ইষ্ট ফেষ্টিভেল চলাই নিছিল, ফেশ্বন শ্ব' পাতিছিল, কিন্তু পিছত সুবিধা বুজি মিছা মাতিছিল, অথচ তথ্যই প্রমাণ কৰে যে শ্যামকানু মহন্তই মিছা মাতিছিল, বিষয়টো স্পৰ্শকাতৰ, চালি-জাৰি চাব লাগে ।"

তেওঁ লগতে কয়, "অভিমন্যু তালুকদাৰক গ্ৰেপ্তাৰ কৰা হোৱা নাই নেকি সেই কথাটো কোৱা হৈছে । জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত উপস্থিত থকা চাৰিজন ব্যক্তিক তদন্তকাৰী দলে গ্ৰেপ্তাৰ কৰিলে, অথচ তাত উপস্থিত থকা ছিংগাপুৰ নিবাসী এজনো প্রবাসী অসমীয়াক গ্ৰেপ্তাৰ কৰা নহ'ল । ১৮ জনৰ ৪ জনক যদি গ্ৰেপ্তাৰ কৰিলে বাকী ১৪ জনক হাত দিবলৈ সাহস নকৰাৰ কাৰণ কি ? গোটেই ঘটনাক্ৰমৰ সাক্ষী তথা উদ্যোক্তা হোৱাৰ পাছতো বিশেষ একো ব্যৱস্থা লোৱা নহ'ল ট্ৰেণ্ড এম এম এছৰ এগৰাকী সঞ্চালক তথা লম্পট শ্যামকানু মহন্তৰ পত্নীৰ বিৰুদ্ধে । অথচ তেওঁৰ চীল কৰা ঘৰ আগতীয়াকৈ খোলাৰ পৰা বিভিন্ন প্ৰকাৰে সন্দেহজনক ভূমিকাত থকা মহিলাগৰাকীক ভালকৈ সোধা-পোছা কৰাৰ প্ৰাসংগিকতা আছে ।"

শৰ্মাই কয়,"অনুজ কুমাৰ বৰুৱা, নৰ্থ-ইষ্ট ফেষ্টিভেলৰ পি আৰ মেনেজাৰ, এখেতেও জুবিন গাৰ্গৰ মৃত্যুৰ পাছত সকলো অনুষ্ঠান বাতিল হোৱা বুলি কৈ সামাজিক মাধ্যমত মিছা মাতি আছিল কিয় ? জুবিন গাৰ্গৰ মৃত্যু স্কুবা ড্রাইভ কৰি হোৱা বুলি প্ৰচাৰ কৰাত এখেতৰ ভুমিকা আছিল আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা দিল্লীত এওঁৰ সহায়ত আত্মগোপন কৰি থকাৰ সম্ভাৱনা আছে, এয়া তদন্ত কৰা প্রয়োজন ।"

শপতনামাত দিয়া বিষয়সমূহৰ প্ৰসংগত তেওঁ কয়,"জুবিন গাৰ্গ আৰু সহযোগী শিল্পীসকলৰ ছিংগাপুৰৰ ভিছা কেনেকুৱা আছিল, কাৰণ ছিংগাপুৰৰ ভিছাৰ বেলেগ বেলেগ প্ৰকাৰ আছে বুলি আমি জানিব পাৰিছোঁ । সাংস্কৃতিক কৰ্মীৰ বাবে সুকীয়া ভিছা লৈ তেওঁলোকক নিয়া হৈছিল নেকি ? গৰিমা শ‍ইকীয়া গাৰ্গৰ ভিছা বাতিল হৈছিল নে আবেদনেই কৰা হোৱা নাছিল, এই বিষয়বোৰ পুংখানুপুংখকৈ চোৱাৰ বাবে আমি কৈছোঁ ।"

তেওঁ কয়, "সেইদৰে জুবিন গাৰ্গক মৃত্যুৰ সময়ত, ছিংগাপুৰৰ ইমান তীক্ষ্ণ আইন থকাৰ পাছতো, প্রবাসী অসমীয়া তথা আন সকলোৱে লাইফ জেকেট নিপিন্ধাকৈ পানীত নামিব দিয়া, ঘটনাৰ আধা ঘণ্টালৈ অকল য়াটচৰ কেপ্টেইনে চি পি আৰ দিয়া (অথচ ছিংগাপুৰত সাগৰীয় এম্বুলেন্সৰ ব্যৱস্থা আছে) এইবোৰ স্বাভাৱিক যেন নালাগে । ইয়াৰ তদন্ত হ'ব লাগে । জুবিন গাৰ্গৰ AUTOPSY দিল্লীৰ এইমছতেই কৰা নহ'ল কিয় । গুৱাহাটীত কৰালৈ বিষাক্ত কিবা যদি আছিল সেইবোৰ চিনাক্ত কৰাটো সম্ভৱ হৈ আছিলনে, এই বিষয়বোৰ চাব লাগে ।"

এ পি ডব্লিউৰ সভাপতিগৰাকীয়ে কয়, "জানিব পৰা মতে বতৰৰ বাবে যিখিনি ঠাইত য়াটচখন গৈছিল সেই দ্বীপটোলৈ যোৱাত আগতীয়াকৈ কিছু পৰামৰ্শ আছিল, সেয়া অমান্য কৰা হৈছিল নেকি ? য়াটচৰ এছ অ' পি চিগনেলবোৰ পৰীক্ষা কৰা হৈছিলনে ? যদি লুক আউট চাৰ্কুলাৰ আছিলেই তেন্তে কেনেকৈ শ্যামকানু মহন্তই আৰামত আহি দিল্লী পাইছিল, চালিজাৰি চাব লাগে । বিশেষ ব্যক্তি কিছুমানক মাতি এছ আই টিয়ে যে এখন সভা পাতিছিল, ইয়াৰ যুক্তিযুক্ততা ক'ত ?"

শেষত অভিজিত শৰ্মাই কয়, "এগৰাকী আৰক্ষীৰ উচ্চ পদবীৰ বিষয়া হিচাপে জুবিন গাৰ্গৰ ভাতৃ হিচাপে সন্দীপন গাৰ্গে নিজৰ দায়িত্ব পালন কৰিছিলনে ? যিহেতু তেওঁ আৰক্ষী বিষয়া সেয়েহে সেই সময়ত যদিও অন্য দেশ তথাপি তেওঁৰ ন্যূনতম কৰণীয়খিনি পালন কৰিছিলনে ? যদি কৰা নাছিল কিয় ? ইয়াৰ উপৰি আৰু বহু কথা শপতনামাত আমি উল্লেখ কৰিছোঁ । সকলোখিনি এতিয়াই কোৱাটো উচিত নহ'ব । আয়োগে বিচাৰিলে আকৌ আহিম ।"

লগতে পঢ়ক: এন এইচ এম কৰ্মচাৰীৰ প্ৰতিবাদ সাময়িকভাৱে স্থগিত

দিল্লীৰ ঘটনাক লৈ সামাজিক মাধ্যমত পোষ্ট: লখিমপুৰত দুজনক গ্ৰেপ্তাৰ