ETV Bharat / state

'শৰবিদ্ধ আকাশ' ৰ কবি ৰফিকুল হোছেইন আৰু নাই

গুৱাহাটীত চিকিৎসাধীন অৱস্থাত বিশিষ্ট কবি, নাট্যকাৰ আৰু পৰিচালক ৰফিকুল হোছেইনে ইহলীলা সম্বৰণ কৰে ।

Rafiqul Hossain passes away
'শৰবিদ্ধ আকাশ'ৰ কবি ৰফিকুল হোছেইন আৰু নাই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 8, 2026 at 5:05 PM IST

4 Min Read
Choose ETV Bharat

কাজিৰঙা: পাৰ্থিৱ শৰীৰ এৰি অজান দেশলৈ গ'লগৈ হ'ল 'শৰবিদ্ধ আকাশ' ৰ কবি ৰফিকুল হোছেইন ৷ শনিবাৰে নিশা ১০.৩০ বজাত গুৱাহাটীত চিকিৎসাধীন অৱস্থাতে বোকাখাতৰ কবি, নাট্যকাৰ, পৰিচালক ৰফিকুল হোছেইনে এই সংসাৰৰ পৰা বিদায় লয় ৷

জানিব পৰা মতে যোৱা ১ ফেব্ৰুৱাৰীত মৰিগাঁৱৰ এখন হোটেলত তেওঁ হঠাৎ অসুস্থ হৈ পৰিছিল । জানিব পৰা মতে উচ্চ ৰক্তচাপজনিত কাৰণত মগজুৰ ৰক্তক্ষৰণ হয় বিশিষ্ট কবিগৰাকীৰ । ততাতৈয়াকৈ তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ প্ৰেৰণ কৰা হয় ৷ কিন্তু শনিবাৰে নিশা গুৱাহাটীৰ জি এম চি এইচত তেওঁৰ দেহাৱসান ঘটে । ইফালে দেওবাৰে পুৱা কবিগৰাকীৰ নশ্বৰদেহ বোকাখাতলৈ অনা হয় ৷ বোকাখাত নাট্য মন্দিৰত শতাধিক দল-সংগঠনে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ সন্ধিয়া বোকাখাতত ৰাজ্যিক মৰ্যাদাৰে কবি ৰফিকুল হোছেইনৰ শেষকৃত্য সম্পন্ন কৰা হ'ব ৷ তেওঁৰ মৃত্যুৰ লগে লগে শোকস্তব্ধ হৈ পৰিছে বোকাখাতবাসীৰ লগতে সমগ্র অসম ।

'শৰবিদ্ধ আকাশ'ৰ কবি ৰফিকুল হোছেইন আৰু নাই (ETV Bharat Assam)

তেওঁৰ মৃত্যুত সাংস্কৃতিক কৰ্মী সোণেশ্বৰ নৰহ আৰু বোকাখাতৰ কবি, নাট্যকাৰ তথা পৰিচালক অমৰ শৰ্মাই শোকপ্ৰকাশ কৰিছে ৷ নৰহে কয়, "তেওঁৰ এয়া মৃত্যু নহয় ৷ বিভিন্নজনে কোৱাৰ দৰেই এয়া তেওঁৰ স্বকীয় জীৱনশৈলীৰে পৰিপুষ্ট এটি জীৱনৰ সফল পৰিসমাপ্তি ৷ পৃষ্ঠাই পৃষ্ঠাই, নাটকৰ মঞ্চই মঞ্চই ৰফিকুল হোছেইনৰ কবিতা, নাটক সজীৱ হৈ থাকিব । মৃত্যুৰ পিছত জুবিন যেনেদৰে ভয়াৱহ, শক্তিশালী ৰফিকুল হোছেইনেও প্ৰমাণ কৰিছে তেখেতৰ মৃত্যু অসম কাৰণে এটা শক্তিশালী আবেদন । ৰাজ্যিক মৰ্যাদাৰে চৰকাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰিব আমি আদৰণি জনাইছোঁ । লগতে সংগীত নাটক একাডেমী তেওঁ কিয় লাভ নকৰিলে সেইটোও আক্ষেপ কৰিছো । কাৰণ যোগ্য এজন ব্যক্তি আছিল । গতিকে মৰণোত্তৰভাৱে যদিও তেওঁ পায় সেইটো আমি ভাবিবলগীয়া আছে ।"

Rafiqul Hossain passes away
কবি ৰফিকুল হোছেইন আৰু নাই (ETV Bharat Assam)

প্ৰগতিশীল আদৰ্শৰ ধাৰাত সংপৃক্ত হৈ কাব্য সাধনা কৰি অহা ৰফিকুল হোছেইন কাব্যসৃষ্টিৰ লগতে এগৰাকী নাট্যকাৰ তথা পৰিচালক হিচাপেও শিল্প সাধনা অব্যাহত ৰাখিছিল ৷

একাধাৰে এগৰাকী কবি, নাট্যকাৰ, পৰিচালকগৰাকীয়ে ১৯৫৪ চনত বোকাখাতত জন্মগ্রহণ কৰে ৷ তেওঁৰ প্ৰথমখন কবিতা পুথি 'শৰবিদ্ধ আকাশ' ১৯৮৪ চনত প্ৰকাশ পাইছিল ৷ যাৰ পাছতে অসমীয়া প্ৰগতিশীল কাব্যজগতত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হোৱা ৰফিকুল হোছেইন পৰৱৰ্তীকালত 'শৰবিদ্ধ আকাশ'ৰ কবি হিচাপেই পৰিচিত হৈ পৰে ৷ ২০০৯ চনত প্ৰকাশ পাই তেওঁৰ দ্বিতীয় কাব্য সংকলন 'বিষাদ বসন্ত' ৷

Rafiqul Hossain passes away
কবি তথা নাট্যকাৰ ৰফিকুল হোছেইন (ETV Bharat Assam)

একেদৰে তৃতীয়খন ২০১৮ চনত 'চাকিৰ চাংঘৰ' আৰু চতুৰ্থখন ২০২২ চনত 'গোপনৰ অন্তেষপুৰ' প্ৰকাশ পায় ৷ ২০২৫ চনত প্ৰকাশ পায় 'ৰফিকুল হোছেইনৰ কবিতা সমগ্র'। নাট্য-চিন্তাৰ মাধ্যমেৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ পাঠক, সমালোচক, নাট্যকর্মীসকলৰ লগতে নিৰহংকাৰভাৱে জীৱন কটোৱা কবি, নাট্যকাৰ, পৰিচালকগৰাকী অন্তৰংগ মহলত পৰিচিত আছিল 'ৰফিক দা' হিচাপে ৷

'আজন্ম' শীৰ্ষক নাটকেৰে ১৯৮১-৮২ চনত নাট্য-সৃষ্টিৰ পথত খোজ দিয়া ৰফিকুল হোছেইনে ১৯৯৫ চনত প্রকাশিত তেওঁৰ নাট্য সংকলন 'ধোঁৱা-দৈৱকী-জলাশয়'ৰ যোগেদি অসমীয়া নাট্য সাহিত্যলৈ উল্লেখযোগ্য অবদান আগবঢ়াইছে ৷ সমান্তৰালকৈ 'জলপ্রপাত', 'সপোনৰ বৃন্দাৱন', 'অৰণ্যত উর্মিলা' আৰু 'ৰাতিৰ আকাশ' পূর্ণাংগ নাটকৰ লগতে ৮ খনকৈ একাংক নাটেৰে তেওঁ নাট্য সাহিত্যক সমৃদ্ধ কৰিছে । নিজৰ নাট্য-জীৱনৰ বিভিন্ন অভিজ্ঞতাৰ ভিত্তিত লিখা থিয়েটাৰী গল্প সংকলন 'এটা পেটিকোটৰ কাহিনী আৰু অন্যান্য' প্রকাশ পায় ২০১৫ চনত ৷

ইফালে সাধনাৰ স্বীকৃতিস্বৰূপে তেওঁ 'কাব্য হৃদয় বঁটা', 'তিলক চন্দ্ৰ শৰ্মা সোঁৱৰণী নাট্য বঁটা', 'শৈলধৰ ৰাজখোৱা বঁটা', 'ক্রান্তিকাল সাহিত্য সন্মান', 'সৈনিক শিল্পী ব্রজনাথ শর্মা বঁটা', 'অমূল্য কাকতি স্মাৰক বঁটা', 'পথাৰ প্ৰদীপ্ত বঁটা', 'আলি হাইদৰ নাট্যকাৰ বঁটা' আদি বঁটাৰেও সন্মানিত হৈছিল ।

লগতে পঢ়ক : দৃষ্টি সঠিক হ'লে লক্ষ্য নেহেৰায় ! ৮৬ বছৰ বয়সত প্ৰমাণ কৰি দিলে আইতা সৰোজিনীয়ে