ETV Bharat / state

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰলৈ ৰাওনা এছ আই টিৰ দল

ছিংগাপুৰলৈ ৰাওনা হোৱা অসম আৰক্ষীৰ এছ আই টিৰ দলক নেতৃত্ব দিছে এডিজিপি মুন্না প্ৰসাদ গুপ্তাই ।

Assam Police special team arrives in Singapore to probe Zubeen Garg's death
ছিংগাপুৰলৈ ৰাওনা হ'ল অসম আৰক্ষীৰ এছ আই টিৰ দল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 20, 2025 at 5:14 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ এমাহৰ পিছত তদন্তৰ বাবে ছিংগাপুৰলৈ ৰাওনা হ'ল অসম আৰক্ষীৰ এছ আই টিৰ দল । এছ আই টিৰ মুৰব্বী তথা অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান মুন্না প্রসাদ গুপ্তা আৰু সহকাৰী তদন্তকাৰী বিষয়া তৰুণ গোৱেলৰ দুজনীয়া এটা দলে ছিংগাপুৰত গৈ জুবিনৰ মৃত্যুৰ গোৱেল তদন্ত কৰিব ।

আই পি এছ বিষয়া মুন্না প্রসাদ গুপ্তাৰ নেতৃত্বত যোৱা এছ আই টিৰ দলটোৱে মঙলবাৰে ছিংগাপুৰ আৰক্ষীৰ সৈতে জুবিনৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত আনুষ্ঠানিক আলোচনাত মিলিত হ'ব । তদুপৰি এছ আই টিয়ে প্ৰাণৰ শিল্পীজনৰ মৃত্যুৰ তদন্তৰ সৈতে জড়িত ছিংগাপুৰৰ সংশ্লিষ্ট কর্তৃপক্ষৰ সৈতেও আলোচনাত বহিব ।

Assam Police special team arrives in Singapore to probe Zubeen Garg's death
এডিজিপি মুন্না প্ৰসাদ গুপ্তা (ETV Bharat Assam)

এছ আই টিৰ দুগৰাকী বিষয়া ছিংগাপুৰলৈ যোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মাধ্যমৰ আগত কয়, "তেওঁলোক যাঁওক । ঘূৰি অহাৰ পিছত এছ আই টিৰ এছ আই টিৰ মুৰব্বী মুন্না গুপ্তাই সংবাদ মাধ্যমৰ আগত জনাব । তাত আলোচনাৰ পিছতহে আমি সকলো কথা গম পাম । ছিংগাপুৰ ভ্ৰমণত তেওঁলোকে যিখিনি পালে কি আলোচনা কৰিলে সাংবাদিক সকলৰ আগত অৱগত কৰিব ।"

উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে অসম আৰক্ষীয়ে কেন্দ্ৰ মন্ত্রণালয়ৰ জৰিয়তে ছিংগাপুৰ এটর্ণী জেনেৰেললৈ জুবিনৰ ঘটনাৰ তদন্তত সহযোগ বিচাৰি পত্ৰ প্ৰেৰণ কৰিছিল । ইয়াৰ পৰিপ্রেক্ষিতত ছিংগাপুৰ আৰক্ষীয়ে এছ আই টিক তদন্তৰ বাবে সেউজ সংকেত কৰিছে ।

সেই সূত্রেই এতিয়া ছিংগাপুৰলৈ ৰাওনা হোৱা এছ আ দুজনীয়া দলটোৱে ছিংগাপুৰ আৰক্ষীৰ পৰা তদন্তৰ অগ্রগতি লোৱাৰ লগতে নিজাববীয়া কেতবোৰ তথ্য প্রমাণ সংগ্ৰহ কৰিব এছ আই টিৰ ফালৰ পৰা জানিবলৈ দিছে । এছ আই টিয়ে জুবিনৰ য়টত থকা শেষৰজন প্রবাসী অসমীয়া বাজিদ আহমেদৰ সাক্ষ্য লগতে য়টখনৰ দুই নাবিকৰো সাক্ষ্য গ্রহণৰ চেষ্টা চলাব ।

Assam Police special team arrives in Singapore to probe Zubeen Garg's death
ছিংগাপুৰলৈ ৰাওনা হ'ল অসম আৰক্ষীৰ এছ আই টিৰ দল (ETV Bharat Assam)

আনহাতে জুবিনে আশ্রয় লোৱা পঞ্চ তাৰকা পেন-পেচিফিক হোটেলৰ চি চি টিভি ফুটেজ আৰু হোটেলত জুবিনে গ্রহণ কৰা খাদ্যৰ নমুনাৰ ফনে প্রতিবেদনৰ লগতে শিল্পীজনৰ চিকিৎসা আৰু মৰণোত্তৰ পৰীক্ষা জড়িত চিকিৎসকৰো মতামত গ্ৰহণৰ চেষ্টা চলাব বুলি এছ আই প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : জুবিন গাৰ্গৰ স্মৃতিত ৮ বিঘা মাটিত গঢ়ি তোলা হ'ব মায়াবিনী উদ্যান

লগতে পঢ়ক : জুবিন গাৰ্গৰ নামত উৎসর্গিত মাজুলীৰ যুৱ সমন্বয় কৃষ্টি সংঘৰ ৰাসলীলা