হিয়াৰ আমঠুক হত্যা কৰা হৈছিল ? এই প্ৰশ্নৰ উত্তৰ লৈ আহিছে ১২ ডিচেম্বৰ
আজি দাখিল হ’ল জুবিন গাৰ্গৰ মৃত্যু তদন্তৰ অভিযোগনামা ৷ এছআইটিৰ এই অভিযোগনামাই উদঘাটন কৰিব নে কি হৈছিল ১৯ ছেপ্টেম্বৰত?

Published : December 12, 2025 at 10:07 AM IST
হায়দৰাবাদ: আজি ১২ ডিচেম্বৰ। এটা বছৰ গৰকি এই তাৰিখটো আকৌ আহিছে। কিন্তু ২০২৫ চনৰ এই ১২ ডিচেম্বৰে কেৱল শীতৰ আগমনৰ বাৰ্তা দিয়া নাই। শুকুৰবাৰৰ জাৰৰ পুৱা সাৰ পাই উঠা প্ৰত্যেক অসমীয়াৰ বাবে বহু প্ৰশ্নৰ উত্তৰ কঢ়িয়াই আনিছে ১২ ডিচেম্বৰে।
প্ৰায় ৮৩ টা দিন পূৰ্বে ১৯ ছেপ্টেম্বৰত অসমৰ পৰা ৪০০০ কিঃমিঃ দূৰৰ ছিংগাপুৰৰ নীলা সমুদ্ৰৰ বুকুত কি ঘটিছিল সেই প্ৰশ্নৰ উত্তৰ দিব ১২ ডিচেম্বৰে। প্ৰায় চাৰে তিনি কোটি অসমৰ জনগণে অন্ততঃ সেই আশাৰেই বাট চাই আছে ।
এক ৰহস্যজনক পৰিঘটনাই সেই অভিশপ্ত দিনটোত অসমৰ হৃদস্পন্দন স্তব্ধ কৰি পেলালে। নিজৰ প্ৰাণৰ সন্তানক হেৰুৱাই অসমী আইৰ বকু উদং হৈ পৰিল। নিজৰ ঘৰৰ ল’ৰাটোক চিৰনিদ্ৰাত দেখি শোকত বিহ্বল হৈ পৰিল উজনিৰ পৰা নামনিলৈ প্ৰতিটো পৰিয়াল।
প্ৰাণৰ শিল্পীগৰাকীৰ অকাল প্ৰয়াণে প্ৰায় তিনিটা মাহ অসমক এক প্ৰকাৰ স্থবিৰ কৰি ৰাখিছে। কাৰণ এই মৃত্যু, এই বিদায়, অসমৰ বাবে কেৱল এক গভীৰ আঘাতেই নহয়, এই মৃত্যু এক সাঁথৰ।
জুবিন গাৰ্গৰ নামৰ এই বিশাল সত্তা নোহোৱা হোৱাটো আজিও অসমীয়াই মনে প্ৰাণে গ্ৰহণ কৰিব পৰা নাই । ছিংগাপুৰত সেই দিনটোত কি হৈছিল তাৰ আঁৰৰ সত্য পোহৰলৈ অহাটো এতিয়া অসমৰ কোটি কোটি জনতাৰ বাবে প্ৰাথমিকতা ৷ নিৰ্বাচন আসন্ন অসমক এতিয়াও নিৰ্বাচনী বতাহে চুব পৰা নাই ৷ সকলোৰে এটাই দাবী জুবিন গাৰ্গৰ বাবে ন্যায় লাগে ৷ যিবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি প্ৰায় তিনিমাহ ধৰি সকলোৰে মাজত এক উৎকণ্ঠা বিৰাজ কৰিছে তাৰ অৱসান লাগে ৷
আজি অসমৰ চৰকাৰে জুবিনৰ মৃত্যুৰহস্য ভেদ কৰিবৰ বাবে গঠন কৰি দিয়া অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী দলৰ যোৱা প্ৰায় আঢ়ৈ মাহজোৰা কৰ্মযজ্ঞৰ ফলাফল ঘোষণাৰ সময় ৷ শুকুৰবাৰে কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত এছআইটিয়ে দাখিল কৰিছে অভিযোগনামা ৷ ১৮/২০২৫ নং গোচৰত প্ৰায় তিনিশ লোকৰ সাক্ষ্য গ্ৰহণৰ অন্ততঃ প্ৰায় ৩৫০০ পৃষ্ঠাৰ এক চাৰ্জশ্বীট সাজু কৰা হৈছিল ৷ য‘ত নিহিত হৈ আছে সেই ৰহস্য ৷ চাৰ্জশ্বীট দাখিলৰ পিছতে কিছু সময়ৰ পিছত এছআইটিৰ মুৰব্বী এছডিজিপি মুন্না প্ৰসাদ গুপ্তাই চিআইডি কাৰ্যালয়ত সম্বোধন কৰিব সংবাদমেল ৷
এতিয়া এই কথা পোহৰলৈ অহাৰ অপেক্ষা যে প্ৰকৃততে মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ দাবী কৰা মতেই জুবিন গাৰ্গক হত্যা কৰা হৈছিল নেকি? ছিংগাপুৰত নীলা সাগৰৰ বুকুত পৰিকল্পিতভাৱেই মৃত্যুমুখলৈ ঠেলি দিয়া হ’ল নেকি জুবিনক? সঁচাকৈয়ে প্ৰাণ কাঢ়ি নিয়া হ’ল নেকি প্ৰাণৰ শিল্পীগৰাকীৰ? কাৰাগাৰত থকা ৭ অভিযুক্তই সেইসকল নেকি যিসকলে ৰচিছিল মৃত্যুৰ সেই চক্ৰবেহু ? কোন দায়ী এই প্ৰাণৰ শিল্পীৰ অকালবিদায়ৰ বাবে - সিদ্ধাৰ্থ শৰ্মা,শ্যামকানু মহন্ত,শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ? জুবিন গাৰ্গৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য ভূমিকা কি আছিল ?
এই সকলো প্ৰশ্নৰ উত্তৰ লৈ আহিছে ১২ ডিচেম্বৰ আৰু সেই উত্তৰ শুনিবলৈ এতিয়া উদগ্ৰীৱ ঈশ্বৰপুত্ৰ মৰ্যাদা পোৱা জুবিনৰ অসম ৷
লগতে পঢ়ক: জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু : ১২ ডিচেম্বৰত আদালতত দাখিল হ'ব অভিযোগনামা

