দুহাতেৰে মাত্ৰ টকা গোটাই, ধৃত এচিএছ বিষয়াৰ ঘৰৰ প্ৰতিটো কোণৰ পৰা উদ্ধাৰ নোটৰ বাণ্ডিল
লাচিত কুমাৰ দাসৰ সম্পত্তিৰ তালিকা দেখিলে আপুনিও আচৰিত হ’ব ৷ গুৱাহাটী, ৰহা, হোজাই আদিত আছে কোটি টকাৰ মাটি-সম্পত্তি ৷

Published : May 23, 2026 at 11:21 AM IST
গুৱাহাটী : উৎকোচ লৈ ৰঙাঘৰৰ আলহী হোৱা উচ্চপদস্থ চৰকাৰী বিষয়া লাচিত কুমাৰ দাসৰ ঘৰত ওলাইয়ে আছে টকা ৷ তদন্তকাৰী বিষয়াও শান্ত হৈ বহি থকা নাই, য’তেই খবৰ পাইছে তাতেই চলাইছে অভিযান ৷ বৃহস্পতিবাৰৰ পাছত শুকুৰবাৰেও অভিযুক্ত এচিএছ বিষয়া লাচিত কুমাৰ দাসৰ আন এটা ঘৰত তদন্তকাৰী দলে অভিযান চলায় ৷
শুকুৰবাৰে নিশা অভিযুক্ত দাসৰ ৰুক্মিণী গাঁও হাউছফেড এপাৰ্টমেণ্টৰ প্ৰথম মহলাৰ বি-১০৪ (B-104) নম্বৰৰ ঘৰত দুৰ্নীতি নিবাৰক শাখাই অভিযান চলায় ৷ পুৱতি নিশালৈকে চলোৱা এই অভিযানত দুৰ্নীতি নিবাৰক শাখাই নগদ ১ কোটি ১৭ লাখ ৩০ হাজাৰ টকাৰ লগতে বহু নথি-পত্ৰও জব্দ কৰে ।
এই সন্দৰ্ভত অভিযানস্থলীতে দুৰ্নীতি নিবাৰক শাখাৰ DIG বেদান্ত মাধৱ ৰাজখোৱাই সংবাদ মাধ্যমৰ আগত কয়, "আজিৰ অভিযানত এটা আলমাৰীত ১ কোটি ১৭ লাখ ৩০ হাজাৰ টকা উদ্ধাৰ কৰা হৈছে । তদুপৰি তেওঁৰ সা-সম্পত্তি, মাটিৰ বহু নথি-পত্ৰ পোৱা গৈছে । তেওঁৰ গুৱাহাটীৰ বেলতলাত দুটা ফ্লেট, ৰহাত ১ বিঘা মাটি, হোজাইত ৪ কঠা ১১ লেচা মাটি, বেলতলাত ১.৬৭ লেচা মাটিৰ অন্য এটা প্লট আছে ।’’
বেদান্ত মাধৱ ৰাজখোৱাই লগতে কয়, ‘‘মহানগৰীতে আছে ১ কঠা ১০ লেচা মাটিৰ অন্য এডোখৰ প্লট ৷ এইবোৰৰ লগতে কিবা তেওঁৰ সা-সম্পত্তি আছে নেকি সেই সন্দৰ্ভত অনুসন্ধান চলি আছে । অৱশ্যে এই ফ্লেটটোৰ পৰা কোনো সোণৰ আ-অলংকাৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷’’
তেওঁ আৰু কয়, "আমি বৃহস্পতিবাৰে অভিযান চলোৱাৰ সময়ত এইটো ফ্লেট তেওঁৰ বুলি গম পোৱা নাছিলো । তেওঁৰ খুলশালীয়েক এইটো ফ্লেটত থাকে । পিছত এইটো ফ্লেট তেওঁৰ বুলি গম পোৱাত অভিযান চলোৱা হ'ল । খুলশালীয়েকো ইয়াৰ লগত জড়িত আছে নেকি, তাৰ অনুসন্ধান চলোৱা হ'ব ।"
উল্লেখ্য যে, বৃহস্পতিবাৰে মাটি ক্ৰয়ৰ আপত্তিবিহীন প্ৰমাণপত্ৰৰ নামত উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছিল চৰকাৰী বিষয়া লাচিত কুমাৰ দাস । গুৱাহাটীৰ ৰূপনগৰস্থিত ভূমিলেখ্য সঞ্চালকালয়ৰ অতিৰিক্ত ভূমিলেখ্য অধিকর্তা হিচাপে কৰ্মৰত এইগৰাকী বিষয়াই এগৰাকী আবেদনকাৰীৰ পৰা মাটি ক্ৰয়ৰ আপত্তিবিহীন প্রমাণপত্ৰৰ নামত ৪৫ হেজাৰ টকা উৎকোচ লওঁতে দুর্নীতি নিবাৰক শাখাৰ জালত পৰে ।
অভিযোগ মতে, মাটি ক্ৰেতাৰ পৰা লাচিত কুমাৰ দাসে এক লাখ টকা দাবী কৰিছিল ৷ কিন্তু এক লাখ টকা অভিযোগকাৰীয়ে দিব নোৱাৰো বুলি কোৱাত তেওঁ ৫০ হাজাৰ টকা দাবী কৰে । সেইসূত্রে বৃহস্পতিবাৰে তেওঁ ৪৫ হেজাৰ টকা উৎকোচ লোৱাৰ সময়তে দুর্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে ।
অভিযুক্ত দাসক গ্ৰেপ্তাৰ কৰাৰ পিছতেই অভিযানকাৰী দলে তেওঁৰ বেলতলাত থকা ফ্লেটত প্ৰায় ১২ ঘণ্টা অভিযান চলায় । এই অভিযানত নগদ ৪৮,৩৮,১৫০ টকা, ৪৮৩ গ্ৰাম সোণৰ অলংকাৰৰ উপৰিও বহু সম্পত্তিৰ নথি-পত্ৰ, জীৱন বীমা, বেংকৰ পাচবুকৰ লগতে অন্যান্য বহু লাগতিয়াল কাগজ জব্দ কৰে ।

