ভাৰতীয় সেনাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ সমকক্ষ হ'ব দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমী: দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰীৰ ঘোষণা
দীক্ষান্ত সমাৰোহত সৰ্বমুঠ ৪০৩ গৰাকী বিষয়া-জোৱানৰ অংশগ্ৰহণ ৷ লাচিত বৰফুকন আৰক্ষী একাডেমীত প্ৰশিক্ষণ লোৱাৰ বাবে আগ্ৰহী বিভিন্ন ৰাজ্য ৷

Published : September 2, 2026 at 10:11 AM IST
দেৰগাঁঁও : দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীত বুধবাৰে অনুষ্ঠিত হয় অসম আৰক্ষীৰ দীক্ষান্ত সমাৰোহ ৷ দীক্ষান্ত সমাৰোহত ৩২ গৰাকী উপ-আৰক্ষী অধীক্ষক আৰু ৩৭১ গৰাকী আৰক্ষী কনিষ্টবলে অংশগ্ৰহণ কৰে ৷
মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰে ৷ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই দীক্ষান্ত সমাৰোহক সম্বোধন কৰি এই সমাৰোহত উপস্থিত থাকিবলৈ পাই গৌৰৱবোধ অনুভৱ কৰা বুলি প্ৰকাশ কৰে ৷ তেওঁ কয়- "লাচিত বৰফুকন আৰক্ষী একাডেমীক ভাৰতীয় সেনাৰ প্ৰশিক্ষণ একাডেমীৰ সমকক্ষকৈ গঢ়ি তোলা হ'ব ৷"
আনহাতে দেশৰ বিভিন্ন ৰাজ্যয়ো লাচিত বৰফুকন আৰক্ষী একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰাৰ বাবে অসমৰ সৈতে যোগাযোগ কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে ৷
দীক্ষান্ত সমাৰোহত সৰ্বমুঠ ৪০৩ গৰাকী বিষয়া-জোৱানে অংশগ্ৰহণ কৰে ৷ উপ-আৰক্ষী অধীক্ষকসকলে সফলতাৰে ৫২ সপ্তাহৰ বুনিয়াদী প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছে ৷ তেওঁলোকে লাচিত বৰফুকন আৰক্ষী একাডেমীত দুসপ্তাহ আৰু মেঘালয়ৰ নৰ্থ ইষ্ট পুলিচ একাডেমীতো (নেপা) দুমাহৰ প্ৰশিক্ষণ লৈছে ৷
আনহাতে আৰক্ষী কনিষ্টবলসকলে হাউলি দ্বিতীয় অসম আৰক্ষী বেটেলিয়ন আৰু ২৮ অসম আৰক্ষী বেটেলিয়নত সফলতাৰে ২০ সপ্তাহৰ বুনিয়াদী প্ৰশিক্ষণ গ্ৰহণ কৰিছে ৷ তেওঁলোকে আধুনিক ডিজিটেল যোগাযোগ সঁজুলি, চাইবাৰ নিৰাপত্তাৰ ওপৰত বিশেষ প্ৰশিক্ষণ লাভ কৰাৰ উপৰিও পুলিচ কমিউনিকেছনৰ ওপৰতো অভিজ্ঞতা অৰ্জন কৰিছে ৷
অসম আৰক্ষীৰ দীক্ষান্ত সমাৰোহত মন্ত্ৰী অতুল বৰা, অজন্তা নেওগ, সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক বিশ্বজিৎ ফুকন আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিৎ সিং উপস্থিত থাকে ৷
২ ছেপ্টেম্বৰ আৰু ৩ ছেপ্টেম্বৰত লাচিত বৰফুকন আৰক্ষী একাডেমীত জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ ষষ্ঠ সন্মিলনো অনুষ্ঠিত হ’ব । মুখ্যমন্ত্রীৰ উপস্থিতিত জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ সন্মিলনখন অনুষ্ঠিত হ'ব ৷ নিচাজাতীয় সামগ্ৰীৰ বেহা ৰোধেই এই সন্মিলনৰ প্রধান বিষয় হ'ব বুলি জানিব পৰা হৈছে ৷
লগতে পঢ়ক : ‘বিকশিত অসম : ইনফ্ৰা ভিজন’ শীৰ্ষক আঁচনিৰ বাবে অসম কেবিনেটৰ ৫০,০০০ কোটি টকাৰ অনুমোদন

