ETV Bharat / state

খাকীৰ বদনাম শুনি থাকে, কিন্তু অৰুণ দাসৰ কথা জানিলে সলনি হ'ব আৰক্ষীৰ প্ৰতি ধাৰণা

খাকী পোছাকধাৰীৰো থাকে এটা সংস্কৃতিৱান মন । থাকে আধ্যাত্মিকতাৰ প্ৰতিও ধাউতি ।

Assam Police
অৰুণ দাসৰ কথা জানিলে সলনি হ'ব আৰক্ষীৰ প্ৰতি ধাৰণা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 11, 2026 at 8:23 PM IST

3 Min Read
Choose ETV Bharat

চামগুৰি: খাকী পোছাকধাৰী বুলিলেই আমাৰ মনত সততে এখন ৰুক্ষ, কৰ্কশ, কঠোৰ, নিৰ্মম লোকৰ ছবি ভাহি আহে । তাৰ মাজতে আকৌ বিভিন্ন সময়ত খাকী পোছাকধাৰী আৰক্ষীৰ বিভিন্ন বদনামেও এই ধাৰণাত সাৰ-পানী যোগায় ।

ব্যতিক্ৰম নহয় অসম আৰক্ষীও । মাজে-সময়ে অসম আৰক্ষীৰ জোৱানৰ বদনাম ওলাই থাকে, মানুহে শুনি থাকে ৷ কিন্তু অসম আৰক্ষীয়ে কৰা ভাল কামৰ চৰ্চা খুব কমকৈহে শুনা যায় ৷ আজি আমি এনে এজন আৰক্ষী জোৱানৰ কথা ক'বলৈ ওলাইছোঁ, যিগৰাকী আৰক্ষী বৰ্তমান সমাজৰ বাবে আদৰ্শ হৈ পৰিছে ৷ আৰক্ষী জোৱানজনে বিভাগটোৰ ভাবমূৰ্তি উজ্জ্বল কৰি ৰাখিবলৈ অহৰহ কাম কৰি গৈছে ৷

অৰুণ দাসৰ কথা জানিলে সলনি হ'ব আৰক্ষীৰ প্ৰতি ধাৰণা (ETV Bharat Assam)

খাকী পোছাকৰ মান বৃদ্ধি কৰা এইগৰাকী আৰক্ষীৰ লোক হৈছে অৰুণ দাস ৷ অসম আৰক্ষীৰ হেড কনিষ্টবল অৰুণ দাস কলা-সংস্কৃতি, ভাওনা, শৰীৰচৰ্চা, জৈৱিক খেতি আদিৰ সৈতে জড়িত হৈ অন্যৰ বাবে আদৰ্শ হৈ পৰিছে ৷

নগাঁৱৰ হাতীগড়ৰ বাসিন্দা ৫৫ বছৰীয়া অৰুণ দাসে নিজৰ কঠোৰ দায়িত্ববোধৰ মাজতো সময় উলিয়াই কৃষ্টি-সংস্কৃতিৰ সাধনা কৰে ৷ গুৰুজনাৰ ভক্ত অৰুণ দাসে প্ৰতিবছৰে ভাওনাৰ সৈতে জড়িত হৈ অভিনয় কৰি শ্ৰোতা-দৰ্শকক আমোদ দিয়ে ৷ প্ৰতিবছৰে তেওঁৰ নিখুঁত অভিনয়ৰ চৰ্চা হয় ৷

কেৱল ইমানেই নহয়, নিজৰ মাটিত খেতি কৰি যুৱ-প্ৰজন্মৰ বাবে আদৰ্শ হৈ পৰিছে এইগৰাকী আৰক্ষী জোৱান ৷ ধান, কুঁহিয়াৰ, মাটিমাহ, শাক-পাচলিৰ খেতি, মৎস্যপালন আদি তেওঁ জৈৱিক পদ্ধিতৰে কৰে ৷ তেওঁ নিজৰ বাগানৰ কুঁহিয়াৰৰ পৰা মিঠৈ প্ৰস্তুত কৰে ৷

এইগৰাকী অৰুণ দাসে বৰ্তমান ৫৫ বছৰ বয়সলৈকে অসম আৰক্ষীত সেৱা আগবঢ়োৱাৰ সমান্তৰালভাৱে শৰীৰচৰ্চাও কৰি গৈছে ৷ ইণ্ডিয়ান বডী বিল্ডাৰ ফেডাৰেচনৰ অধীনত অনুষ্ঠিত কেইবাখনো প্ৰতিযোগিতাত অংশ লৈ সুনাম কঢ়িয়াই আনিবলৈও সক্ষম হৈছে ৷ শৰীৰচৰ্চাক জীৱনৰ অংগ হিচাপে লৈ ৫৫ বছৰ বয়সলৈকে সুঠাম দেহৰ অধিকাৰী হৈ আছে অৰুণ দাস ৷

তেওঁৰ মূলমন্ত্ৰ, সুস্থ-সবল হৈ থকাৰ লগতে নিচাৰ পৰা মুক্ত হৈ থকাৰ উপায় হৈছে শৰীৰচৰ্চা ৷

অৰুণ দাসে সংবাদ মাধ্যমৰ আগত কয়, "মই পুলিচত কৰ্ম কৰোঁ । জানেই পুলিচততো ২৪ ঘণ্টাই ডিউটী । তাৰ মাজতে সময় পালে ঘৰুৱা কাম, খেতি-বাতি আদি কৰোঁ । সময় পালে মই জিমলৈ যাওঁ আৰু শৰীৰচৰ্চা কৰোঁ । "

খাকীৰ বদনাম আপুনি সদায় শুনি থাকে যদিও অৰুণ দাসৰ দৰে আৰক্ষীৰ লোক আজি সমাজৰ বাবে আদৰ্শ হৈ পৰিছে ৷

লগতে পঢ়ক :কংক্ৰিটৰ মাজতো কৃষিকৰ্মৰে সফল হ'ব পাৰি...
লগতে পঢ়ক :পৰিৱেশ সুৰক্ষা আৰু জাতীয় সংহতিৰ বাণী প্ৰচাৰেৰে চাইকেল যাত্ৰা