অপৰাধীক কৰায়ত্ত কৰাৰ ক্ষেত্ৰত আৰু এখোজ অসম আৰক্ষীৰ : অসমত স্থাপন এম চি ইউ
এম চি ইউৰ দ্বাৰা ধৰা পৰিব অপৰাধী । অপৰাধ অনুসন্ধানক আধুনিকীকৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে ।

Published : November 28, 2025 at 10:38 PM IST
গুৱাহাটী: এতিয়াৰে পৰা অপৰাধ কৰি সাৰি যাব নোৱাৰিব কোনো দাগী অপৰাধী । অপৰাধীক কৰায়ত্ত কৰাৰ ক্ষেত্রত বিজ্ঞানসন্মতভাৱে আৰু এখোজ আগুৱালে অসম আৰক্ষী । Criminal Procedure Identification Act 2022 ৰ অধীনত অসমত স্থাপন কৰা হৈছে Measurement Collection Unit চমুকৈ এম চি ইউ । এই ব্যৱস্থাৰ দ্বাৰা বৈজ্ঞানিক পদ্ধতিৰে সংৰক্ষণ কৰিব পৰা যাব অপৰাধীৰ ডি এন এৰ নমুনা ।
এম চি ইউ সন্দৰ্ভত শুকুৰবাৰে এখন সংবাদমেল সম্বোধন কৰে অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান তথা চি আই ডিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই । যিকোনো অপৰাধমূলক কাৰ্য সংঘটিত কৰি এতিয়াৰে পৰা সহজতে সাৰি যাব নোৱাৰিব অপৰাধী । এম চি ইউৰ দ্বাৰা ধৰা পৰিব অপৰাধী । অপৰাধ অনুসন্ধানক আধুনিকীকৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে ।
নতুন ব্যৱস্থাৰ জৰিয়তে অপৰাধমূলক তথ্য বৈজ্ঞানিকভাৱে সংগ্ৰহ আৰু সংৰক্ষণৰ সুবিধা প্ৰদান কৰা হৈছে, যাৰ ফলত অভ্যাসগত অপৰাধীসকলে আইনৰ পৰা সাৰি যোৱাটো অসম্ভৱ হৈ পৰিব । উন্নত বৈজ্ঞানিক কৌশল ব্যৱহাৰ কৰি অপৰাধীৰ ডি এন এৰ নমুনা ৰেকৰ্ড কৰি সংৰক্ষণ কৰিব এম চি ইউয়ে ।
সংবাদমেলত আৰক্ষী বিষয়াগৰাকীয়ে কয়, ‘‘আগতে কোনো অপৰাধী গ্ৰেপ্তাৰ হ'লে ফিংগাৰপ্ৰিণ্ট ৰখাৰ নিয়ম আছিল । কোনো অপৰাধ হ'লে মিলাই চাব পৰা যায় । এতিয়া সেইটো আৰু অধিক বহল কৰা হৈছে । এম চি ইউৰ দ্বাৰা সৰ্বভাৰতীয় এটা ডাটা বেংক হ'ব । যিদৰে ফিংগাৰপ্ৰিণ্ট ৰখা হয় । ডি এন এ ডাটা বেংক তৈয়াৰ হ'ব । ক'ৰবাত অপৰাধ হ'লে আমি ডি এন এ ডাটা বেংকত ছাৰ্জ কৰিব পাৰিম । অপৰাধীক আমি ছাৰ্জ কৰিব পাৰিম । বৰ্তমানৰ ফিংগাৰপ্ৰিণ্ট ডাটাবেছৰ দৰেই এম চি ইউয়ে অপৰাধীৰ ৰেটিনা আৰু সম্পূৰ্ণ শৰীৰৰ ডাটা স্কেন কৰি কেন্দ্ৰীভূত ডিজিটেল ডাটাবেছত সংৰক্ষণ কৰিব । এই তথ্যসমূহ পিছত ভাৰতৰ যিকোনো ঠাইৰ পৰা লাভ কৰিব পৰা যায় । যাৰ ফলত আৰক্ষীয়ে যিকোনো অপৰাধমূলক গোচৰৰ সৈতে জড়িত তথ্যসমূহ দ্ৰুতভাৱে ক্ৰছ-চেক কৰিব পাৰে । এম চি ইউত সংযুক্ত চফ্টৱেৰে অপৰাধৰ সৈতে জড়িত অপৰাধীসকলৰ তৎক্ষণাত পৰীক্ষণ সক্ষম কৰে । যাৰ ফলত তদন্ত যথেষ্ট ক্ষীপ্ৰ হ'ব । অসমৰ সকলো জিলা সদৰত এই ব্যৱস্থা ৰূপায়ণ কৰা হৈছে ।’’
তেওঁ লগতে কয়, ‘‘গুৰুত্বপূৰ্ণ কথাটো হ’ল এম চি ইউয়ে মহিলা আৰু শিশুৰ বিৰুদ্ধে অপৰাধৰ সৈতে জড়িত অপৰাধীৰ ডি এন এ নমুনাও সংৰক্ষণ কৰিব । যাৰ ফলত সুৰক্ষা আৰু জবাবদিহিতা বৃদ্ধি পোৱাটো নিশ্চিত হ’ব । এই বৈজ্ঞানিক পদক্ষেপৰ জৰিয়তে অসম আৰক্ষীৰ লক্ষ্য হৈছে আইন প্ৰয়োগক শক্তিশালী কৰা আৰু কোনো পুনৰাবৃত্তিকাৰী অপৰাধীয়ে যাতে ন্যায়ৰ পৰা হাত সাৰিব নোৱাৰে । পূৰ্বতে ডি এন এ নমুনা সংৰক্ষণ কৰা হৈছিল বহিঃৰাজ্যত ।’’
লগতে পঢ়ক: উত্তৰ-পূবৰ আভ্যন্তৰীণ জলপথ উন্নয়নৰ বাবে ৩০০০ কোটি টকাৰ বুজাবুজি চুক্তিত স্বাক্ষৰিত

