ETV Bharat / state

মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি: পত্নী পলায়নকাৰীক এশিকনি দিবলৈ ৰছিদুলৰ ‘‘হিন্দুস্তান মুৰ্দাবাদ, পাকিস্তান জিন্দাবাদ’’ লিখি উত্তেজনা

মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া মূল অভিযুক্ত আৰক্ষীৰ জালত । পত্নীক পলুৱাই নিয়াৰ প্ৰতিশোধ ল’বলৈ মোবাৰক আলীৰ নামত ফেচবুক একাউণ্ট খুলি ভাবুকি দিছিল ৰছিদুলে ।

Death threat to Assam CM
মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া মূল অভিযুক্ত আৰক্ষীৰ জালত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 31, 2026 at 6:39 PM IST

4 Min Read
Choose ETV Bharat

নগাঁও : স্বাধীনতা দিৱসৰ দিনা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি দিয়া মূল অভিযুক্ত ইতিমধ্যে নগাঁও আৰক্ষীৰ জালত পৰিছে ৷ নাম ৰছিদুল হক ৷ ৰছিদুল নগাঁৱৰ জুৰীয়াৰ বাসিন্দা ৷

আৰক্ষীৰ জালত পৰাৰ পাছতে ৰছিদুলৰ যেন মূৰত সৰগ ভাগি পৰিছে ৷ কি কৰিব, ক’লৈ যাব, কাৰ সহায় বিচাৰিব ৷ মুখ্যমন্ত্ৰীক উদ্দেশ্যি ধৃত ৰছিদুলে কৈ গ’ল ফেচবুকত পোষ্ট দিয়াৰ আঁৰৰ কাহিনী ৷ কি এই কাহিনী?

মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া মূল অভিযুক্ত আৰক্ষীৰ জালত (ETV Bharat Assam)

আচলতে ৰছিদুল হকৰ উদ্দেশ্য আছিল মুবাৰক আলী নামৰ যুৱকজনক বিপদত পেলোৱা, কাৰণ ৰছিদুলৰ দুই বিশেষভাৱে সক্ষম সন্তানক এৰি তেওঁৰ পত্নীয়ে মুবাৰক আলী নামৰ ব্য়ক্তিৰ লগত পলাই গৈছিল ৷ যাৰ ফলত ৰছিদুল ক্ষোভিত হৈ পৰিছিল ৷

এই কথা ধৃত ৰছিদুলে সংবাদ মাধ্যমৰ আগত নিজে স্বীকাৰ কৰেঃ

ৰছিদুলে কয় যে মুবাৰক আলীক শাস্তি দিয়াৰ বাবে এদিন তেওঁ এদিন এটা বুদ্ধি সাজিলে ৷ সেই উদ্দেশ্যে ৰছিদুলে মুবাৰক আলীৰ নামত এটা ভুৱা ফেচবুক একাউণ্ট খুলিলে৷

ৰছিদুলে কৰা বুদ্ধি অনুসৰি তেওঁ সেই মুবাৰকৰ নামত খুলা ভুৱা একাউণ্টৰ জৰিয়তে স্বাধীনতা দিৱসৰ দিনটোত মুখ্যমন্ত্ৰীৰ লাইভ অনুষ্ঠান চলি থকাৰ ফেচবুক লাইভৰ পোষ্টটোতে তেওঁক হত্যা কৰাৰ ভাবুকি দিয়ে ৷

অৱশ্য়ে ৰছিদুলে সৈ কাঢ়ি কয় যে মুখ্যমন্ত্ৰীক লক্ষ্য় কৰি লোৱাৰ উদ্দেশ্য তেওঁৰ কেতিয়াও নাছিল ৷

ইফালে মুবাৰক আলীৰ ভুৱা একাউণ্টৰ পৰা ৰছিদুলে সেই কমেণ্ট কৰাৰ পাছতে চাৰিওফালে হাহাকাৰ লাগি যায় ৷ লগে লগে আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰে ৷ সেই অনুসন্ধান অনুসৰি, কেৰালাৰ পৰাই জুৰীয়া আৰক্ষীয়ে ৰছিদুলক আটক কৰি আনে ৷ সোমবাৰে আৰক্ষীৰ সৈতে ৰছিদুল নগাঁৱত উপস্থিত হয় ৷

আৰক্ষীৰ আগত ৰছিদুলে কয়, ‘‘হিন্দুস্তান জিন্দাবাদ, মুখ্যমন্ত্ৰী জিন্দাবাদ ৷ মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভালপাওঁ ৷ তেওঁক তেনেকৈ কোৱাৰ মোৰ বেয়া উদ্দেশ্য নাছিল ৷ মুবাৰকে মোৰ পত্নীক পলুৱাই লৈ গ’ল ৷ মোৰ সন্তান দুটা বিশেষভাৱে সক্ষম, ৰাইজে ল’ৰাটোৰ চিকিৎসাৰ বাবে পাঁচ লাখ টকা দিছিল ৷ সেই টকাখিনি লৈ মুবাৰকৰ লগত মোৰ পত্নী পলাই গ’ল ৷ সেয়ে মুবাৰকক শাস্তি দিয়াৰ উদ্দেশ্যে এই ভুৱা একাউণ্ট খুলিছিলো ৷’’

প্ৰকৃত ঘটনাটো কি ?

স্বধীনতা দিৱসৰ পতাকা উত্তোলন কৰি ভাষণ দি থকা অৱস্থাতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক একাউণ্টৰ পৰা পোনপটীয়া সম্প্ৰচাৰ চলি আছিল । কিন্তু পোনপটীয়া সম্প্ৰচাৰ চলি থকা সময়তে মোবাৰক আলী নামৰ এটা ফেচবুক একাউণ্টৰ পৰা মুখ্যমন্ত্ৰী ড৹ শৰ্মাক হত্যাৰ ভাবুকি দিছিল, সেই মন্তব্য়ৰ পাছতেই অসম আৰক্ষী ঘটনাৰ অনুসন্ধানত তৎপৰ হৈ পৰিছিল ।

এই বিষয়টোৰ পম খেদি আৰক্ষীয়ে মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ পৰা মোবাৰক আলীক আটক কৰি জেৰা চলাইছিল । অৱশ্যে মোবাৰক আলীয়ে এই ঘটনা তেওঁ সংঘটিত কৰা নাই বুলি দবী কৰি, সঠিক তদন্ত কৰিবলৈ আৰক্ষীক অনুৰোধ কৰে ৷

পৰৱৰ্তী সময়তে আৰক্ষীয়েও ফেচবুক একাউণ্টৰ প্ৰকৃত লোকজনক বিচাৰি তদন্ত আৰম্ভ কৰে । অৱশেষত মুখ্যমন্ত্ৰীক ভাবুকি দিয়া ফেচবুক একাউণ্টটো নগাঁৱৰ জুৰীয়াৰ ৰছিদুল হকৰ বুলি আৰক্ষী নিশ্চিত হয় আৰু আৰক্ষীয়ে ৰছিদুল হকৰ ঘৰত অভিযান চলায় ৷

কিন্তু অভিযুক্ত ৰছিদুল কৰ্মসূত্ৰে কেৰালাত থকাৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল । অৱশেষত কেৰালাত গৈ জুৰীয়া আৰক্ষীয়ে অভিযান চলাই মুখ্যমন্ত্ৰীক ভাবুকি দিয়া মূল অভিযুক্ত ৰছিদুল হকক গ্ৰেপ্তাৰ কৰে । ৰছিদুল হকক গ্ৰেপ্তাৰ কৰাৰ পাছত ঘটনাৰ মূল কাৰণ পোহৰলৈ আহিছে ৷

লগতে পঢ়ক : মৃত্যুৰ ভাবুকি থাকিলেও ৰাইজৰ মাজত হিমন্ত !

লগতে পঢ়ক : ১ কোটি টকাৰ বিনিময়ত মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া আব্দুল মুতালেবক আটক