প্ৰজ্ঞাৰ সাধক, বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ পূণ্যতিথিত সশ্ৰদ্ধ সোঁৱৰণ
চাৰিবছৰ পূৰ্বলৈকে নিজৰ জ্ঞানেৰে সকলোকে বশ কৰিব পৰা বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ পৰলোকপ্ৰাপ্তিয়ে কাহানিও পূৰাব নোৱৰা গভীৰ শূন্যতাৰ সৃষ্টি কৰিছিল ৷

Published : October 22, 2026 at 3:42 PM IST
গুৱাহাটী: সত্ৰীয়া সংস্কৃতিৰ সাধক, বৰপেটা সত্ৰৰ অন্যতম গুৰিধৰোতা, বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ পৰলোকপ্ৰাপ্তি ঘটাৰ চাৰি বছৰ সম্পূৰ্ণ ৷ আজি বিশাল ব্যক্তিত্বৰ অধিকাৰীগৰাকীৰ চাৰিবছৰীয়া পূণ্য তিথি ৷
চাৰিবছৰ পূৰ্বলৈকে নিজৰ জ্ঞানেৰে সকলোকে বশ কৰিব পৰা বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ পৰলোকপ্ৰাপ্তিয়ে কাহানিও পূৰাব নোৱৰা গভীৰ শূন্যতাৰ সৃষ্টি কৰিছিল ৷ নিজৰ পাণ্ডিত্যৰ বলতেই তেওঁ শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰিছিল ৷ তেওঁক এগৰাকী প্ৰজ্ঞাৰ সাধকৰ সলনি এজোপা জ্ঞানৰ বটবৃক্ষ বুলিহে আখ্যা দিয়া হৈছিল ৷
On the solemn occasion of the Mahaprayan Diwas of revered Sattriya sadhak and former Satradhikar of Barpeta Satra, Basistha Dev Sarma dangoriya, offering my humble tributes to his pious memory. Assam remains forever indebted to his immense contribution toward strengthening our sacred Sattriya traditions and spiritual heritage. Tributes to the noble soul🙏
— Pijush Hazarika (@Pijush_hazarika) October 22, 2026
বশিষ্ঠ দেৱশৰ্মাৰ মৃত্যুতিথিত ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই সামাজিক মাধ্যমৰ জৰিয়তে পোষ্ট প্ৰকাশ কৰি তেখেতক স্মৰণ কৰে ৷ মন্ত্ৰীগৰাকীয়ে পোষ্টটোত কয়, ‘‘শ্ৰদ্ধাৰ সত্ৰীয়া সাধক তথা বৰপেটা সত্ৰৰ প্ৰাক্তন সত্ৰাধিকাৰ বশিষ্ঠ দেৱ শৰ্মা ডাঙৰীয়াৰ মহাপ্ৰয়াণৰ বৰ্ষপূৰ্তি উপলক্ষে তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছো । আমাৰ পবিত্ৰ সত্ৰীয়া পৰম্পৰা আৰু আধ্যাত্মিক ঐতিহ্যক শক্তিশালী কৰাৰ দিশত তেওঁৰ অপৰিসীম অৱদানৰ বাবে অসম চিৰদিন তেওঁৰ ওচৰত ঋণী হৈ থাকিব । এই মহান আত্মাগৰাকীলৈ নমন ।’’
জীৱনপঞ্জী
১৯৩৮ চনৰ ১ এপ্ৰিলত বৰপেটা জিলাৰ সুন্দৰীদিয়াত এইগৰাকী পণ্ডিতে জন্মগ্ৰহণ কৰিছিল ৷ তেওঁৰ পিতৃ গিৰীশ চন্দ্ৰ শৰ্মা আৰু মাতৃ দময়ন্তী দেৱী । সত্ৰীয়া পৰিৱেশত ডাঙৰ-দীঘল হোৱা বশিষ্ঠ দেৱশৰ্মাই শৈশৱৰে পৰা শংকৰী সত্ৰীয়া সংস্কৃতি, ঘোষা, বৰগীত আৰু ভাওনাৰ সৈতে জড়িত হৈ পৰিছিল ৷ তেওঁ আকাশবাণীযোগেও কীৰ্তন, ঘোষা, নাওখেলৰ গীত, ভাওনা আদিৰ চৰ্চা কৰিছিল ।
বশিষ্ঠ দেৱশৰ্মাই বৰপেটাৰ পল্লাৰপাম প্ৰাথমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে যোগদান কৰি কৰ্মজীৱনৰ পাতনি মেলিছিল ৷ তাৰ পাছত তেওঁ সুন্দৰীদিয়াৰ দক্ষিণহাটী প্ৰাথমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ৷ ১৯৯৩ চনত তেওঁ বৰপেটা সত্ৰৰ প্ৰথম ডেকা সত্ৰাধিকাৰ আৰু ২০০৭ চনত বুঢ়াসত্ৰীয়া হিচাপে দায়িত্ব গ্ৰহণ কৰে ।
শৈশৱৰ পৰাই বশিষ্ঠ দেৱশৰ্মাই সুন্দৰীদিয়া সত্ৰৰ সাংস্কৃতিক কামবোৰত অংশগ্ৰহণ কৰিছিল ৷ ১৯৬৫ চনত আকাশবাণী গুৱাহাটীয়ে তেওঁক সাংস্কৃতিক অনুষ্ঠানৰ বাবে আমন্ত্ৰণ জনায় ৷ তেওঁ গুৱাহাটী ৰেডিঅ’ চেণ্টাৰত বীৰ নাম, নিবিৰ কীৰ্তন, ঘোষা, হোলীগীত, নাওখেলৰ গীত, বৰগীত, ভাওনা আদি পৰিৱেশন কৰিছিল ৷
গুৱাহাটী ৰেডিঅ’ চেণ্টাৰত সংগীতৰ ব্যাখ্যাৰে তেওঁ শ্ৰীবৎস চিন্তা, নল-দময়ন্তী, সতী বেউলা, পূজনী পাখি ইত্যাদি পৰিচালনা কৰিছিল ৷ আনকি তেওঁৰ কোমল অথচ গভীৰ কণ্ঠেৰে ৰাজ্যৰ লক্ষ লক্ষ শ্ৰোতাৰ মন আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল ৷
তেওঁ কেইবাটাও অডিঅ’ কেছেটত পৰিচালক আৰু কণ্ঠশিল্পী হিচাপে কাম কৰিছিল ৷ তাৰ ভিতৰত সুন্দৰ, হৰি গুণ গাই নাচা, মোহন কলিয়া, দেৱ যদুপতি (থিয়নাম ), বনমালি ৰাম আদি উল্লেখযোগ্য ৷ উল্লেখ্য যে, বশিষ্ঠ দেৱ শৰ্মাই ১৯৯৩ চনত বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া হিচাপে নিৰ্বাচিত হৈছিল ৷
তেওঁ ১৪ বছৰ ধৰি বৰপেটা সত্ৰত ডেকাসত্ৰীয়া হিচাপে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিছিল ৷ তাৰ পিছত ২০০৭ চনত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া হিচাপে তেওঁক নিৰ্বাচিত কৰা হৈছিল ৷ তেওঁৰ কৰ্মজীৱনৰ কালছোৱাত পশ্চিমবংগ, দিল্লী, বিহাৰ, হিমাচল প্ৰদেশ, পঞ্জাব, মহাৰাষ্ট্ৰ, তামিলনাডু আদি ভাৰতৰ বিভিন্ন ৰাজ্যত সত্ৰীয়া সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰৰ হকে কাম কৰিছিল ৷
এইগৰাকী বুঢ়াসত্ৰীয়াই উজনি, নামনি আৰু মধ্য অসমৰ বিভিন্ন স্থানত বৰপেটা সত্ৰৰ শাখা সত্ৰ স্থাপন কৰি পদ্ধতিগতভাৱে গুৰুজনাৰ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ লগতে গুৰু সেৱা আগবঢ়াই আহিছিল ৷ তেওঁৰ পদক্ষেপতে বৰপেটা সত্ৰৰ শাখা সত্ৰ সমাজ গঠন হৈছিল ৷ লগতে বৰপেটা শাখা সত্ৰৰ প্ৰায় ৩০০ খন সত্ৰ একত্ৰিত আৰু সংঘবদ্ধভাৱে তেওঁৰ নেতৃত্বতে গুৰু দুজনাৰ ধৰ্ম আৰু সত্ৰীয়া সংস্কৃতি প্ৰচাৰ কৰি অহা হৈছিল ৷
অসমৰ বিভিন্ন প্ৰান্তত তেওঁ বহু যাত্ৰা নাটক আৰু অংকীয়া ভাওনা মঞ্চস্থ কৰিছিল ৷ কেৱল সাংস্কৃতিক ক্ষেত্ৰতে নহয়, অসমীয়া সাহিত্যটো তেওঁৰ অৱদান অন্যতম ৷ বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাই বাংলাৰ পৰাও অসমীয়া ভাষালৈ বহু নাটক অনুবাদ কৰিছিল ৷ তেওঁ অনুবাদ কৰা নাটসমূহৰ ভিতৰত মাটিৰ মানুহ, নহুষ উদ্ধাৰ, মহিষাসুৰ বধ, বেথাৰ পূজা আদি অন্যতম ৷
নাওখেলৰ গীত, মহোহো গীত, থানৰ বাতৰি সোধা ভবা ৰোগৰ ঔষধ কৃষ্ণ কথা, সত্ৰত শৰণৰ ব্যৱস্থা, ৰাস তথ্য, শকত ব্যঞ্জন, মানৱ জীৱন চন্দন কথা, ধৰ্ম আদি তেওঁৰ উল্লেখযোগ্য ৰচনা ৷ আনহাতে, বশিষ্ঠ দেৱশৰ্মাৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থসমূহৰ ভিতৰত সত্ৰীয়া নীতি বিচাৰ, শংকৰদেৱ, সুন্দৰীদিয়া, থিয় নাম, এক মধুৰ সোঁৱৰণি আদি অন্যতম ৷
ৰাজ্য চৰকাৰৰ শংকৰদেৱ বঁটা, সুন্দৰীদিয়া সত্ৰৰ মাধৱদেৱ বঁটা, ২০১১ চনত সাংস্কৃতিক মহাসভা অসমৰ পৰা জীৱনযোৰা সাংস্কৃতিক সাধনা বঁটা, ২০১১ চনত শ্ৰী শ্ৰী দৈত্তাৰী ঠাকুৰ দেৱ বঁটা, গুৱাহাটীৰ অসম জাতীয় বিদ্যালয়ৰ বৰপেটা ফেল’শ্বিপ, শ্ৰী শ্ৰী মথুৰাদাস বুঢ়া আতা বঁটা, কমলাবাৰী সত্ৰ, অসমৰ পৰা শ্ৰীশ্ৰী বদলা পদ্ম আতা বঁটা, ২০১৪ চনত যোৰহাটৰ শংকৰ মাধৱ সঞ্চাৰণ বঁটা, হাউলী বঁটা, ২০১৭ চনত কৃষ্ণনন্দ বঁটা নিৰ্ণায়ক সমিতিৰ পৰা কৃষ্ণনন্দ বঁটা, ২০১৮ চনত অখিল ভাৰত হিন্দু মহাসভা, অসম সমিতিৰ পৰা লুইতপৰীয়া জীৱনযোৰা সাধনা বঁটাকে ধৰি বহু বঁটা-সন্মান এইগৰাকী বিদ্বানে লাভ কৰিছিল ৷
লগতে পঢ়ক: জয়পুৰ আন্তৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱলৈ মনোনীত মুকুট নাথৰ ছবি ‘শুদ্ধি- The Catharsis’

