ETV Bharat / state

অসমৰ মাটিত নগাৰ জৰীপ: বাধা দিয়া অসমীয়া যুৱকক গুৰুলা-গুৰুলকৈ প্ৰহাৰ

উত্তপ্ত অসম-নাগালেণ্ড সীমান্তৰ ২নং চেইনপুৰ ! নগাৰ জৰীপ কাৰ্যত বাধা প্ৰদান কৰাৰ বাবেই নগাই অসমৰ যুৱকক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন ৷

Assam Nagaland Border Tension
উত্তপ্ত অসম-নাগালেণ্ড সীমান্তৰ ২নং চেইনপুৰ ! (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 13, 2026 at 12:50 PM IST

3 Min Read
Choose ETV Bharat

সৰুপথাৰ: উৰিয়ামঘাটৰ নগা সমস্যাক চৰকাৰে গুৰুত্ব নিদিয়াৰ ফল ভুগিছে সীমান্তবাসীয়ে । দেওবাৰে ২ নং চেইনপুৰত নগাৰ লোকপিয়লত বাধা দিয়াৰ বাবেই গুৰুলা গুৰুলকৈ নগাই অসমৰ যুৱকক প্ৰহাৰ কৰে ।

গোলাঘাট জিলাৰ সৰুপথাৰ সমজিলাৰ অসম নাগালেণ্ড সীমান্তত নগাৰ অবৈধ আগ্ৰাসন আৰু লোকপিয়ল কাৰ্যক অসম চৰকাৰে গুৰুত্ব নিদিয়াৰ পৰিপ্ৰেক্ষিততে এই ঘটনা সংঘটিত হ’ল বুলি সীমান্তবাসী ৰাইজে অভিযোগ কৰে ৷

উৰিয়ামঘাটৰ নগা সমস্যাক চৰকাৰে গুৰুত্ব নিদিয়াৰ ফল ভুগিছে সীমান্তবাসীয়ে (ETV Bharat Assam)

ঘটনাৰ বিৱৰণী মতে, ৪/৫ জনীয়া নগাৰ দল এটাই দেওবাৰে অসম নাগালেণ্ড সীমান্তৰ বি চেক্টৰৰ ২ নং চেইনপুৰ গাঁৱত লোকপিয়লৰ জৰীপ চলাবলৈ আহে । শনিবাৰে ১ নং চেইনপুৰত লোকপিয়ল চলোৱা নগাৰ দলটোৱে অবৈধভাৱে সীমান্তৱৰ্তী অসমৰ গাঁৱত এনেদৰে লোকপিয়ল চলোৱা কাৰ্যক ২ নং চেইনপুৰ গাঁৱৰ লোকে দেওবাৰে বাধা প্ৰদান কৰে ।

নগা লোকপিয়লৰ দলটোক বাধা প্ৰদান কৰাৰ সময়ত ঘটনাস্থলীত বহু নগালোক আহি লোকপিয়লত বাধা দিয়া দলটোৰ সৈতে সংঘাতত লিপ্ত হয় । অৱশেষত নগাৰ দলটোৱে অসমৰ লোক কেইজনক প্ৰহাৰ কৰাৰ ফলত ছানি কাপুৰ তপ্প নামৰ প্ৰায় ২৯/৩০ বছৰীয়া যুৱক এজন গুৰুতৰভাৱে আহত হয় । আহত ছানি কাপুৰ তপ্প সৰুপথাৰৰ অসামৰিক চিকিৎসালয়ত বৰ্তমানো চিকিৎসাধীন হৈ আছে ।

সৰুপথাৰ সমজিলা অসামৰিক চিকিৎসালয়ৰ চিকিৎসক তথা অধীক্ষকগৰাকীয়ে যুৱকজনৰ স্বাস্থ্য সন্দৰ্ভত কয়, ‘‘তেওঁৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ অৱস্থাত আছে ৷ ডাক্তৰৰ নিৰিক্ষণত তেওঁক চিকিৎসালয়তে ৰখা হৈছে ৷ ওঁঠত চিলাই পৰিছে আৰু তেওঁৰ দেহৰ বিভিন্ন স্থানত আঘাতৰ চিন স্পষ্ট হৈ আছে ৷’’ ইফালে এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ ফালৰ পৰা কোনোধৰণৰ মন্তব্য প্ৰদান কৰা নাই ৷

উল্লেখযোগ্য যে, ক্ৰমান্বয়ে অসম-নগালেণ্ড উৰিয়ামঘাট সীমান্তত সংঘাত বৃদ্ধি পাই আহিছে । যাৰ পৰিণাম সীমান্তবাসীয়ে ভুগিব লগাত পৰিছে ৷ ইফালে নগাই জৰীপ কাৰ্য চলাই থকাৰ ভিডিঅ’ মোবাইলৰ কেমেৰাত আবদ্ধ কৰাৰ অভিযোগত ২ নং চেইনপুৰ গাঁৱৰ প্ৰাক্তন গাঁও প্ৰধান তথা যোৱা ২০১৪ চনত নগা দুষ্কৃতিৰ বলি হোৱা প্ৰয়াত আফ্ৰিকা তপ্পৰ পুত্ৰ ছানি কাপুৰক (বয়স প্ৰায় ২৮/৩০ বছৰ) নগা দলটোৱে বেয়াকৈ আঘাপ্ৰাপ্ত কৰিছে ৷

আনফালে সীমান্তত যোৱা কিছুদিনৰ পৰা চলি থকা ঘটনাকলৈ সৰুপথাৰ সমজিলা অসম নাগালেণ্ড সীমান্তত পুনৰ ২০১৪ চনৰ অনুৰূপ ঘটনা সংঘটিত হ'ব নেকি বুলিও প্ৰশ্ন উত্থাপিত হৈছে ? কিয়নো ইখনৰ পাছত সিখন গাঁৱত নগালোকে নীতি বৰ্হিঃভূতভাৱে জৰীপ চলাই যোৱাৰ পাছতো কুম্ভকৰ্ণৰ নিদ্ৰাত গোলাঘাট জিলা প্ৰশাসন । অসম চৰকাৰে নগাৰ আগ্রাসনৰ বিষয়টো গুৰুত্বসহকাৰে গ্রহণ নকৰাত পুনৰ উৰিয়ামঘাট সীমান্তৰ ২ নং চেইনপুৰত নগাই জৰীপ চলা থকা কথাটো পোহৰলৈ আহিছে ।

লগতে পঢ়ক : অসম-নাগালেণ্ডৰ সীমা সমস্যা নাই বুলি কৈ বিপদত মৃণাল শইকীয়া

লগতে পঢ়ক : ৩৮ কিঃমিঃ অসম-বাংলাদেশ সীমা কিয় উন্মুক্ত ? তাৰ কাৰণ ক'লে মন্ত্ৰী অতুল বৰাই