অসম-নাগালেণ্ড সীমান্তৰ উত্তেজনাক লৈ আছুৰ ক্ষোভ, সীমান্ত উন্নয়ন মন্ত্ৰীৰ পদত্যাগৰ দাবী
সৰুপথাৰৰ অন্তৰ্গত অসম-নাগালেণ্ড সীমান্তৰ খেৰবাৰী অঞ্চলত পুনৰ এক তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷

Published : May 31, 2026 at 8:30 PM IST
সৰুপথাৰ: অসম-নাগালেণ্ড সীমান্ততৰ ঘটনাক লৈ আছুৰ প্ৰতিক্ৰিয়া । উৰিয়ামঘাটৰ দৈয়াং নৈত অবৈধ শিল খনন ৰোধ কৰিবলৈ সেই স্থান পৰিদৰ্শন কৰিছিল অসমৰ বন বিভাগৰ মুখ্য সচিব এম.কে.যাদৱে । শিল খনন ৰোধ কৰিবলৈ অস্থায়ী নিৰীক্ষণৰ শিবিৰ নিৰ্মাণ কৰিছিল । য'ত বনৰক্ষীৰ লগতে চি আৰ পি এফৰ অস্থায়ী শিবিৰত শতাধিক নগাই আক্ৰমণ চলায় । একপ্ৰকাৰে জ্বলাই দিয়ে সেই শিবিৰ । ইয়াৰ পিছতেই আছুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । সীমান্ত উন্নয়ন মন্ত্ৰীক লৈও প্ৰশ্ন উত্থাপন কৰিছে আছুৱে ।
উল্লেখ্য যে, সৰুপথাৰৰ অন্তৰ্গত অসম-নাগালেণ্ড সীমান্তৰ খেৰবাৰী অঞ্চলত পুনৰ এক তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছিল, য'ত নগা দুৰ্বৃত্তই অসম বন বিভাগে নিৰ্মাণ কৰা এটা টহলদাৰী কেম্পত অতৰ্কিতে আক্ৰমণ চলাইছিল ।
শনিবাৰে বিয়লিৰ সময়ত সংঘটিত হৈছিল এই ঘটনা । দুৰ্বৃত্তৰ দলটোৱে কেৱল আক্ৰমণ কৰিয়েই ক্ষান্ত নাথাকি বন বিভাগৰ সেই অস্থায়ী নিৰীক্ষণ শিবিৰটো সম্পূৰ্ণৰূপে ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে তাত অগ্নিসংযোগো কৰে ৷ যাৰ ফলত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে ।
এই আক্ৰমণৰ সময়ত শিবিৰটোত উপস্থিত থকা শ্ৰমিককে ধৰি বন বিভাগৰ প্ৰায় ৭ জনকৈ কৰ্মচাৰীয়ে কোনোমতে নিজৰ প্ৰাণ বচাই ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ বাধ্য হয় আৰু এই অনাকাংক্ষিত ঘটনাৰ পাছতে এতিয়া সমগ্ৰ সীমান্তৱৰ্তী অঞ্চলটোত এক আতংকময় আৰু চেপা উত্তেজনাই বিৰাজ কৰিছে ।
সদৌ অসম ছাত্ৰ সন্থাৰ ধনশিৰি মহকুমাৰ সভাপতি বিকাশ বৰাই মন্তব্য কৰি কয়, ‘‘এয়া অতি পৰিতাপৰ বিষয় । এটা বিভাগীয় কৰ্তৃপক্ষৰ মুখ্য সচিবগৰাকী আহি সেই স্থান পৰিদৰ্শন কৰিলে, তাৰ পাছত বন বিভাগে এটা নিৰীক্ষণ কেম্প স্থাপন কৰিলে অস্থায়ীভাৱে । তাৰ পাছতেই সেই কেম্পটো নগা দুষ্কৃতিকাৰী আহি ভাঙি তচনচ কৰিলে । তাৰ পাছতো সেই নগা দুষ্কৃতিকাৰীসকলক কৰায়ত্ত কৰিব নোৱৰাটো বা নগা উগ্ৰপন্থীসকলক কৰায়ত্ত কৰিব নোৱৰাটো আচলতে খুব দুৰ্ভাগ্যজনক কথা ।’’
‘‘অসমৰ ভূমি নগাৰ মানচিত্ৰলৈ যাব নোৱাৰাকৈ ব্যৱস্থা কৰিবৰ কাৰণে ছাত্ৰ সন্থাই পূৰ্বতে কৈ আহিছিলোঁ আৰু আজিও আমি কওঁ যে কোনো কাৰণত যাতে অসমৰ মানচিত্ৰত বা অসমৰ ভূখণ্ডত যাতে নগাই ল’ব নোৱাৰে বা নগা দুষ্কৃতিকাৰীয়ে ল’ব নোৱাৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে অসম চৰকাৰক আমি আহ্বান জনাইছোঁ ।’’ তেওঁ লগতে কয় ৷
সীমান্ত উন্নয়ন মন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি আছুৰ নেতাগৰাকীয়ে কয়, "যিগৰাকী সীমান্ত উন্নয়ন মন্ত্ৰী, তেওঁ গোলাঘাটৰেই ৷ বোকাখাতৰ বিধায়ক হোৱাৰ পিছতো আজিৰ তাৰিখলৈকে তেওঁ যি ভূমিকা ল’ব লাগিছিল, তেনে ভূমিকা লোৱা দেখিবলৈ পোৱা নাই । সীমান্ত উন্নয়ন মন্ত্ৰীগৰাকীয়ে আচলতে সীমান্তত হৈ থকা ঘটনাবিলাকৰ যিধৰণে তদাৰক কৰিব লাগে বা যিধৰণে পৰ্যবেক্ষণ কৰিব লাগে আজিৰ তাৰিখলৈকে তেওঁলোকে পৰ্যবেক্ষণ কৰা নাই ৷ তেওঁক নৈতিকভাৱে নিজৰ দায়িত্বৰ পৰা অব্যাহতি ল'বৰ বাবে আমি তেখেতক অনুৰোধ জনাইছোঁ । আৰু এটা কথা ক’ব বিচাৰিছোঁ, অসমৰ ভূমি বা অসমৰ ভূখণ্ড যাতে নগাই ল’ব নোৱাৰে বা নগা দুষ্কৃতিকাৰীয়ে ল'ব নোৱাৰে এই ক্ষেত্ৰত ব্যৱস্থা ল’বৰ কাৰণে অসম চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষক আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ ।’’
লগতে পঢ়ক: সৰুপথাৰৰ অসম-নাগালেণ্ড সীমান্তৰ বনবিভাগৰ শিবিৰত আক্ৰমণ নগা দুৰ্বৃত্তৰ

