অসমৰ ভূমিত নগাই স্থাপন কৰা গেট উঠাই নিয়ক ! মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ সময়ত পথ বন্ধৰ হুংকাৰ সীমান্তবাসীৰ
চুঙাজান নৱমিলনপুৰ গাঁৱত নগাই স্থাপন কৰা গেটখনত নিউলেণ্ড জিলা বুলি সীমা নিৰ্ধাৰণ । ইয়াৰ পিছতো নীৰৱ প্ৰশাসন ।

Published : March 4, 2026 at 2:10 PM IST
সৰুপথাৰ : ৭ মাৰ্চত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সৰুপথাৰলৈ আহিব । ইয়াৰ পূৰ্বে যদি সীমান্তত অসমৰ ভূমিত নগাই স্থাপন কৰা গেট প্ৰশাসনে উঠাই দিব নোৱাৰে তেতিয়াহ'লে চুঙাজান-ডিমাপুৰ সংযোগী পথ বন্ধৰ হুংকাৰ দিছে ক্ষুব্ধ ৰাইজে ।
চুঙাজান নৱমিলনপুৰ গাঁৱত নগাই স্থাপন কৰা গেটখনত নিউলেণ্ড জিলা বুলি সীমা নিৰ্ধাৰণ কৰা ঘটনাক লৈ চুঙাজানত মঙলবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে । যোৱা ১৭ ফেব্ৰুৱাৰীত চুঙাজানৰ ৰাইজে প্ৰতিবাদী সমদল কৰি সৰুপথাৰ সমজিলাৰ আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল । প্ৰায় এমাহ পাৰ হৈ যোৱাৰ পাছতো অসম চৰকাৰে আজিলৈকে নগাই স্থাপন কৰা গেটখন উচ্ছেদ কৰা নাই । সেয়েহে স্থানীয় ৰাইজ ক্ষুব্ধ হৈ আছে ।
প্ৰতিবাদকাৰীয়ে অহা ৭ মাৰ্চত ১২ ঘণ্টা চুঙাজান-ডিমাপুৰ সংযোগী দুটাকৈ পথ বন্ধ কৰাৰ কথা ঘোষণা কৰিছে । আনহাতে যদি ৭ মাৰ্চৰ পূৰ্বেই গেটখন উচ্ছেদ কৰে তেতিয়াহ'লে ৰাইজে উচ্ছেদ কৰাৰ কথাও সকীয়াই দিয়ে । উল্লেখ্য় যে সৰুপথাৰৰ চুঙাজানত নগাই স্থাপন কৰা আদৰণি পকী গেটক লৈ এতিয়াও ৰাইজৰ প্ৰতিবাদ অব্যাহত আছে । চ'খেভি নামেৰে নামকৰণ কৰি নাগালেণ্ডৰ নিউলেণ্ড জিলা বুলি আদৰণি পকী গেট স্থাপন কৰাৰ পিছতেই সীমান্তবাসীয়ে বিৰোধিতা কৰি আহিছে ।
অবৈধ আদৰণি গেট উচ্ছেদ কৰাৰ বাবে সীমান্তবাসীয়ে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ পেৰণ কৰাৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰিছে । মঙলবাৰেও চুঙাজানত টায়াৰ জ্বলাই ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে । এই সন্দৰ্ভত প্ৰতিবাদকাৰী দীপেন গগৈয়ে কয়, "নৱমিলনপুৰ গাঁওবাসীয়ে তথা চুঙাজান সীমামূৰীয়া অঞ্চলৰ ৰাইজে সৰুপথাৰত প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি এটা কথা অসম চৰকাৰখনক কৈছিল যে আমাৰ সীমামূৰীয়া অঞ্চলৰ ৰাইজৰ ধৈৰ্যৰ পৰীক্ষা নল’ব । আজি এমাহ পাৰ হৈ যোৱাৰ পাছতো কিন্তু অসমৰ আৰক্ষী প্ৰশাসনে চুঙাজান নৱমিলনপুৰত নগাই স্থাপন কৰা গেটত এই নিউলেণ্ড জিলা নামটো আঁতৰ কৰিবলৈ সক্ষম নহ’ল ।"

তেওঁ পুনৰ কয়, "সংবাদ মাধ্যমৰ যোগেদি আমি কৈ আহিছো যে আমাক অন্ততঃ সীমামূৰীয়া অঞ্চলত সীমা সমস্যাৰ কাৰণে অসম চৰকাৰে কাম কৰিব লাগে । সীমা সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত কাম কৰিব লাগে । সীমান্তত বসবাস কৰা খিলঞ্জীয়া ৰাইজক ভূমি পট্টা প্ৰদান কৰিবৰ কাৰণে বাৰে বাৰে আমি প্ৰতিবাদ কৰি অহাৰ পাছতো কিন্তু আজিলৈকে চৰকাৰে কোনো কাণসাৰ দিয়া নাই । আজি ১০টা বছৰ বিজেপি চৰকাৰে শাসন কৰি যোৱাৰ পাছতো আজিলৈকে ডাবল ইঞ্জিন চৰকাৰ হৈ থকাৰ পাছতো আৰু নাগালেণ্ডত বিজেপি চৰকাৰ থকাৰ পাছতো কিন্তু কেন্দ্ৰতো বিজেপি চৰকাৰ হোৱাৰ পাছতো সীমা সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা নাই । বাৰে বাৰে নগাই এমাহৰ পূৰ্বে ৯৫ টাকৈ পৰিয়ালৰ ঘৰ জ্বলাই দিলে চুঙাজান টেঙাতলত। আকৌ চুঙাজান নৱমিলনপুৰ গাঁৱত নগাই আহি গেট স্থাপন কৰি সীমা নিৰ্ধাৰণ কৰিছে, তাৰ পিছতো অসম চৰকাৰে শুই আছে ।"

ডিমাপুৰ সংযোগী পথ বন্ধৰ হুংকাৰ:
দীপেন গগৈয়ে পুনৰ কয়, "ৰাইজে সংকল্প লৈছো । টায়াৰ জ্বলাই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি আমি চুঙাজানবাসীয়ে সংকল্প লৈছো যে ৭ তাৰিখে মুখ্যমন্ত্ৰী সৰুপথাৰলৈ অহাৰ কথা আছে । সিদিনা আমি চুঙাজানৰ পৰা ডিমাপুৰৰ যাতায়তৰ কাৰণে যি দুটা ৰাস্তা আছে, এই দুয়োটা ৰাস্তা পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈকে বন্ধ ৰাখিম । আমাৰ অকল এম্বুলেন্স আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ কাৰণে ৰাস্তা খোলা ৰাখিছো আৰু যদি এই ৭ তাৰিখৰ ভিতৰত যদি অসম চৰকাৰে, আৰক্ষী প্ৰশাসনে এই নিউলেণ্ড জিলাৰ নামটো উঠাবলৈ সক্ষম নহয়, তেতিয়া আমি ৰাইজে কিন্তু তাত গৈ নাম উঠাবৰ কাৰণে সাজু আছো ।"

