ETV Bharat / state

পবিত্ৰ ঈদ উল আজহা : বিশ্ব শান্তিৰ কামনাৰ্থে ৰাজ্যৰ বিভিন্ন ঈদগাহ ময়দানত আদায় ঈদৰ সমূহীয়া নামাজ

পবিত্ৰ ঈদ উল আজহা উপলক্ষে এইবাৰ গো পৰিৱৰ্তে ছাগলী কোৰবানী দিছে ৰাজ্যৰ অধিকাংশ ইছলাম ধৰ্মাৱলম্বী লোকসকলে ৷

Eid  celebrates with prayers for global peace
বিশ্ব শান্তিৰ কামনাৰে ঈদৰ সমূহীয়া নামাজ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 28, 2026 at 11:12 AM IST

6 Min Read
Choose ETV Bharat

নিউজ ডেস্ক: আজি (বৃহস্পতিবাৰ) পবিত্ৰ ঈদ ৷ সমগ্ৰ বিশ্বৰ লগতে দেশ তথা ৰাজ্যজুৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰে পবিত্ৰ ঈদ উল আজহা ৷ পুৱাই মুছলমান সম্প্ৰদায়ৰ লোকসকলে বিশ্বশান্তিৰ কামনাৰে নিজা নিজা অঞ্চলৰ ঈদগাহ ময়দানসমূহত ঈদৰ সমূহীয়া নামাজ আদায় কৰে । প্রেম-ভাতৃত্ববোধ, বিশ্ব শান্তিৰ বাণী লৈ ইছলাম ধৰ্মালম্বী লোকসকলে পালন কৰে এই পবিত্ৰ ঈদ উল আজহা ।

উল্লেখ্য যে, ইছলামিক মাহ জিল হিজ্জা আৰম্ভ হোৱা চন্দ্ৰ দেওবাৰে সন্ধিয়া দেশৰ অধিকাংশ স্থানতে দেখা নগ’ল, যাৰ বাবে ইছলাম ধৰ্মগুৰুসকলে ভাৰতত ২৮ মে’ত ঈদ উদযাপন কৰা হ’ব বুলি ঘোষণা কৰিছিল ৷ ঈদ উল আজহা চন্দ্ৰ দেখাৰ দশম দিনা পালন কৰা হয় ৷

ধুবুৰী

ধুবুৰীত পবিত্ৰ ঈদ উল আজহা উদযাপন (ETV Bharat Assam)

ধুবুৰীৰ ঈদগাহ ময়দান প্ৰাংগনতো বৃহস্পতিবাৰে পুৱা সহস্ৰাধিক লোকে সমূহীয়াকৈ আদায় কৰে ৷ ঈদগাহ ময়দানস্থলীৰ পৰা ৰাজ্যবাসীৰ লগতে সমগ্ৰ বিশ্বৰ মংগল কামনা কৰি সকলোৰে মাজত শান্তি সম্প্ৰীতিৰ এনাজৰীডাল অটুট থকাৰ বাবে আল্লাহৰ ওচৰত সমূহীয়া দোৱা কৰে ইছলামধৰ্মী লোকসকলে । পবিত্ৰ ঈদ উল আজহাৰ নামাজ উপলক্ষে ধুবুৰী চহৰত জিলা আৰক্ষী প্ৰশাসনে নিৰাপত্তা ব্যৱস্থাও কটকটীয়া কৰি তোলা দেখা যায় ৷

Eid  celebrates with prayers for global peace
ধুবুৰী ঈদগাহৰ দৃশ্য (ETV Bharat Assam)

ইফালে অসম চৰকাৰে বলৱৎ কৰা গো-আইনৰ প্ৰতি সন্মান জনাই এইবাৰ ধুবুৰীৰ ইছলাম ধৰ্মাৱলম্বী ৰাইজে গো-কোৰবানী দিয়া নাই । ইয়াৰ বিপৰীতে এইবেলি ছাগলীহে কোৰবানী দিয়াহে পৰিলক্ষিত হৈছে।

ধুবুৰীত শান্তিপূৰ্ণভাৱে ঈদৰ নামাজ অনুষ্ঠিত হোৱাত ধুবুৰী ঈদগাহ কমিটীয়ে ধুবুৰী জিলা প্ৰশাসনে লোৱা পদক্ষেপৰ প্ৰতি সন্তুষ্টি প্ৰকাশ কৰে । ইছলাম ধৰ্মাৱলম্বী এজন লোকে কয়, ‘‘আমি অসম চৰকাৰে বলৱৎ কৰা গো-আইনৰ প্ৰতি সন্মান জনাইছো । আমি এইবাৰ গো-কোৰবানী দিয়া নাই । এই গো-আইন বলৱৎ হোৱাৰ পাছৰে পৰাই সমাজত শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধ অটুট থাকিব ৷’’

আন এজন লোকে কয়, ‘‘মই সকলো মুছলমান লোকক আনুৰোধ জনাইছে যে আজি যি কোৰবানী দিয়া হ’ব, পৰৱৰ্তী সময়ত সেই স্থান ভালকৈ পৰিস্কাৰ কৰি দিয়া হয়, যাতে আনৰ অসুবিধা নহয় ৷ আমি চৰকাৰে বান্ধি দিয়া নিয়ম মতেই কোৰবানীৰ সকলো কাম-কাজ কৰিম ৷’’

মৰিগাঁও

মৰিগাঁৱত পবিত্ৰ ঈদ উল আজহা উদযাপন (ETV Bharat Assam)

সমগ্ৰ দেশৰ লগতে মৰিগাঁৱৰ জালুগুটিত উলহ-মালহেৰে পবিত্ৰ ঈদ-উল-আজহা অৰ্থাৎ কোৰবানী ঈদ উদযাপন কৰা দেখা গৈছে। পুৱাৰ ভাগতে জালুগুটি আঞ্চলিক ঈদগাহ ময়দানত সকলোৱে সমূহীয়া নামাজ আদায় কৰে । ত্যাগ, উচৰ্গা আৰু ভাতৃত্ববোধৰ প্ৰতীক এই পবিত্ৰ উৎসৱক কেন্দ্ৰ কৰি ইছলামধৰ্মী ৰাইজৰ মাজত এক উখল-মাখল পৰিৱেশে বিৰাজ কৰা দেখা গৈছে ।

ইতিমধ্যে অঞ্চলটোৰ ঐতিহাসিক ঈদগাহ ময়দান আৰু মছজিদসমূহক স্থানীয় কমিটীৰ উদ্যোগত সুন্দৰকৈ সজাই-পৰাই তোলা হৈছে । নামাজৰ শেষত সকলোৱে ইজনে সিজনক আলিংগন কৰি ঈদৰ শুভেচ্ছা বিনিময় কৰে আৰু নিয়ম অনুসৰি কোৰবানীৰ মাংস দৰিদ্ৰ তথা আত্মীয়-স্বজনৰ মাজত বিতৰণ কৰা হ’য় ।

Eid  celebrates with prayers for global peace
ঈদগাহ ময়দানত আদায় ঈদৰ সমূহীয়া নামাজ (ETV Bharat Assam)

ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে যাতে অতি শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে এই উৎসৱ উদযাপন কৰিব পাৰি, তাৰ বাবে স্থানীয় প্ৰশাসন আৰু সচেতন ৰাইজে সকলোকে সহযোগিতা কৰিবলৈ আহ্বান জনাইছে ।

জালুগুটি আঞ্চলিক ঈদগাহ কমিটীৰ এজন লোকে কয়, ‘‘আজি পবিত্ৰ ঈদ ৷ অসম তথা দেশৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো পবিত্ৰ ঈদৰ শুভেচ্ছা জনাইছো ৷ আমি সকলোৱে খুব সুন্দৰকৈ ঈদৰ নামাজ আদায় কৰিলো ৷’’

আন এজন লোকে কয়, ‘‘আমাৰ অসমখন বিভিন্ন জাতি-জনগোষ্ঠীৰে ভৰা ৷ পূৰ্বতে যেনেকৈ সকলোৱে শান্তি-সম্প্ৰিতিৰে মিলি-জুলি বাস কৰিছিল, আগলৈয়ো যাতে তেনেদৰেই বাস কৰে, আল্লাহৰ ওচৰত তাৰে দোৱা কৰিলো ৷’’

নগাঁও

নগাঁৱত পবিত্ৰ ঈদ উল আজহা উদযাপন (ETV Bharat Assam)

সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে পুৱাই আদায় কৰে ঈদ উল আজহাৰ সমূহীয়া নামাজ । ঈদ উল আজহাৰ দিনটোত নগাঁৱৰ জুৰীয়াত ঈদৰ নামাজত পুৰুষৰ সমান্তৰালভাৱে শ শ মহিলায়ো অংশগ্ৰহণ কৰা দেখা গ’ল । ধৰ্মীয় ৰীতি-নীতিৰে, অতি শৃংখলাবদ্ধভাৱে মহিলাসকলেও বিশ্ব শান্তিৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰে ।

ইছলাম ধৰ্মাৱলম্বী এজন লোকে কয়, ‘‘চৰকাৰে বান্ধি দিয়া সকলো নীতি-নিয়ম মানি আমি ঈদ উদযাপন কৰিছো ৷ মই সকলো ইছলাম ধৰ্মাৱলম্বী লোকক শান্তিপূৰ্ণেভাৱে ঈদ উদযাপন কৰিবলৈ অনুৰোধ জনাইছো ৷ আমাক যেনেকৈ ইছলামে শিকাইছে, তেনেকৈয়ে সকলোৱে ঈদ উদযাপন কৰক ৷’’

যোৰহাট

যোৰহাটত পবিত্ৰ ঈদ উল আজহা উদযাপন (ETV Bharat Assam)

পবিত্ৰ ঈদ উল আজহাৰ বাবে আটকধুনীয়াকৈ যোৰহাট জিলাৰ ঈদগাহ ময়দান আৰু মছজিদসমূহ সজাই পৰাই তোলা দেখা যায় । প্ৰতিকূল বতৰকো নেওচি ইছলামিক ধৰ্মী লোকসকলে আদায় কৰে নামাজ ৷ সুখ-সমৃদ্ধি আৰু বিশ্ব শান্তিৰ বাবে ইছলাম ধৰ্মাৱলম্বী লোকসকলে আল্লাহ ওচৰত দোৱা কৰে ৷

Eid  celebrates with prayers for global peace
ঈদগাহ ময়দানত আদায় ঈদৰ সমূহীয়া নামাজ (ETV Bharat Assam)

যোৰহাট জিলাৰ ঈদগাহ কমিটীৰ এজন লোকে কয়, ‘‘মুখ্যমন্ত্ৰীৰ আহ্বানক আমি সঁহাৰি জনাইছো ৷ কোনোৱে যদি কোৰবানী কৰিছে, তেন্তে নিৰ্দিষ্ট আৰ-বেৰ মানি কৰিব লাগে ৷ অসমক দেশৰ আন ৰাজ্যৰ লগত তুলনা কৰি লাভ নাই, কাৰণ অসমত আন ৰাজ্যৰ দৰে হিন্দু-মুছলিম ভেদাভেদ নহয় ৷ সকলোৱে একত্ৰিত হৈ থাকে ৷’’

Eid  celebrates with prayers for global peace
পবিত্ৰ ঈদ উল আজহাৰ নামাজ আদায় (ETV Bharat Assam)

আৰৱীত ঈদ শব্দৰ অৰ্থ হৈছে আনন্দ স্ফূৰ্তি আৰু আজহা শব্দৰ অৰ্থ হৈছে কোৰবানী অৰ্থাৎ ত্যাগ । পোনপটীয়াকৈ ক’বলৈ গলে ঈদ-উল-আজহা মানেই ত্যাগৰ এক উৎসৱ । আনহাতে ঈদ-উল-আজহাক কোনো কোনোৱে কোৰবানীৰ ঈদ অথবা বকৰী ঈদ বুলিও অভিহিত কৰে ।

কিছুদিন পূৰ্বে ঈদৰ সময়ত গো-কোৰবানী নিদিবলৈ মুছলমান সমাজলৈ আহ্বান জনাইছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীৰ সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যৰ সহ্ৰাধিক ঈদগাহ সমিতিয়ে গো কোৰবানী দিয়া পৰা বিৰত থকা দেখা যায় ।

গুৱাহাটী

গুৱাহাটীত পবিত্ৰ ঈদ উল আজহা উদযাপন (ETV Bharat Assam)

বিশ্ব শান্তিৰ কামনাৰে গুৱাহাটীৰ সাতগাঁও জামে মছজিদৰ প্ৰাংগনত পুৱা কেইবাশতাধিক লোকে ঈদৰ সমূহীয়া নামাজ আদায় কৰে ।

নলবাৰী

নলবাৰীত পবিত্ৰ ঈদ উল আজহা উদযাপন (ETV Bharat Assam)

নলবাৰী জিলাৰ দিপ্তা সুৰাদী মাহখৰীয়া আঞ্চলিক ঈদগাহত ময়দানত শতাধিক ইছলামধৰ্মী লোকে পবিত্ৰ নামাজ আদায় কৰে ৷ ইমাম হজৰত ৰফিকুল ইছলামে পৰিচালনা কৰা নামাজত বিশ্ব শান্তিৰ বাবে কামনা কৰা হয় ৷

নামাজ অনুষ্ঠানত অংশগ্ৰহণ কৰি সমাজকৰ্মী প্ৰফুল্ল বড়োৱে কয়, ‘‘উত্তৰৰ পৰা দক্ষিণ আৰু পূবৰ পৰা পশ্চিমলৈ আমি সকলো ভাষা-ভাষিক জনগোষ্ঠীয়ে মিলাপ্ৰীতিৰে বসবাস কৰি থাকিব লাগিব ৷ আজি ঈদৰ নামাজৰ জৰিয়তে ইমাম ৰফিকুল ইছলামে তাকেই প্ৰকাশ কৰিছে ৷’’

লগতে পঢ়ক : ঈদত গৰু কোৰবানী নিদিয়ে ৮০০ ঈদগাহ সমিতিয়ে, মৈৰাবাৰীৰ ৰাইজেও সন্মতি দিলে মুখ্যমন্ত্ৰীৰ আহ্বানত

লগতে পঢ়ক : হিন্দুৰ চেতনাক সন্মান জনাই ঈদত গৰু কোৰবানী নিদিব: সদনৰ পৰা মুখ্যমন্ত্ৰীৰ আহ্বান

লগতে পঢ়ক : ভাৰতত ২৮ মে’ত পালন কৰা হ’ব ঈদ উল আজহা

লগতে পঢ়ক : ঈদৰ প্ৰাকক্ষণত যোৰহাট নগৰৰ মাজমজিয়াত গো-মাংস উদ্ধাৰ