অসম আন্দোলনে সদায় আমাৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি থাকিব: প্ৰধানমন্ত্ৰী মোদী
আজি শ্বহীদ দিৱস । বিশেষ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও সুঁৱৰিলে অসম আন্দোলনৰ শ্বহীদসকলক ।


By ANI
Published : December 10, 2025 at 11:56 AM IST
নতুন দিল্লী: বুধবাৰে সমগ্ৰ অসমতে পালন কৰা হৈছে শ্বহীদ দিৱস । অসম আন্দোলনত জপিয়াই প্ৰাণত্যাগ কৰা শ্বহীদসকলক শ্ৰদ্ধাৰে সুঁৱৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও । সামাজিক মাধ্যম X যোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই লিখিলে অসমীয়া ভাষাতে । শ্বহীদসকলৰ অৱদানে ভাৰতৰ ইতিহাত বিশেষ স্থান গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । লগতে দিলে অসমৰ সাংস্কৃতিক আৰু বিকাশ সম্বন্ধীয় পদক্ষেপক কেন্দ্ৰই গুৰুত্ব দিয়াৰ আশ্বাস ।
প্ৰধানমন্ত্ৰী মোদীয়ে X ত লিখে, "আজি শ্বহীদ দিৱস উপলক্ষে অসম আন্দোলনত অংশগ্ৰহণ কৰা সকলোৰে শৌৰ্য্যক স্মৰণ কৰিছোঁ । এই আন্দোলনে সদায় আমাৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি থাকিব । আমি পুনৰ উল্লেখ কৰিব বিচাৰো যে, অসমৰ সংস্কৃতিক সবল কৰাৰ লগতে ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়নৰ সপোন যিসকল আন্দোলনকাৰীয়ে দেখিছিল, সেই সপোনসমূহ পূৰণ কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ ।"
আজি শ্বহীদ দিৱস উপলক্ষে অসম আন্দোলনত অংশগ্ৰহণ কৰা সকলোৰে শৌৰ্য্যক স্মৰণ কৰিছো। এই আন্দোলনে সদায় আমাৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি থাকিব। আমি পুনৰ উল্লেখ কৰিব বিচাৰো যে, অসমৰ সংস্কৃতিক সবল কৰাৰ লগতে ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়নৰ সপোন যিসকল আন্দোলনকাৰীয়ে দেখিছিল, সেই…
— Narendra Modi (@narendramodi) December 10, 2025
ইয়াৰোপৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও X যোগে অসম আন্দোলনক 'এক ঐতিহাসিক আন্দোলন' বুলি অভিহিত কৰে, যাৰ উদ্দেশ্য আছিল ভাষা, সংস্কৃতি, ভৌগোলিক পৰিচয় আৰু অস্তিত্ব সুৰক্ষিত কৰা ।
মন্ত্ৰীগৰাকীয়ে লিখে, "অসম আন্দোলন আছিল অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অস্তিত্ব ৰক্ষাৰ মহাসংগ্ৰাম, এয়া আছিল দেশমাতৃৰ প্ৰতি সমৰ্পিত ঐক্যবদ্ধ সংগ্ৰাম । ৰাষ্ট্ৰীয় আৰু জাতীয় চেতনাক উদ্বুদ্ধ কৰা এই ঐতিহাসিক আন্দোলনৰ মহান শ্বহীদসকলৰ প্ৰতি 'শ্বহীদ দিৱস'ৰ পৱিত্ৰ ক্ষণত আপোনাৰ ভাবপূৰ্ণ শ্ৰদ্ধাঞ্জলিৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ । তেখেতসকলৰ অতুলনীয় ত্যাগ, স্বদেশপ্ৰেম আৰু সাহসৰ গাঁথাই এখন শক্তিশালী, সমৃদ্ধিশালী আৰু সাংস্কৃতিকভাৱে সবল অসম তথা ভাৰত গঢ়াৰ আমাৰ দৃঢ় সংকল্পক অনুপ্ৰাণিত কৰি থাকিব ।"
The historic Assam Movement was a monumental struggle to protect the language, culture, identity, and existence of Assam. It was a movement that inspired the greater Assamese society to unite strongly in the national interest. The spirit of that movement lives on in the hearts of… pic.twitter.com/q5ns9yACjd
— Sarbananda Sonowal (@sarbanandsonwal) December 10, 2025
কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে আন এটা প'ষ্টত উল্লেখ কৰে,"এই আন্দোলনৰ সময়ত মাতৃভূমিক ৰক্ষা কৰি আৰু ৰাষ্ট্ৰহিতৰ প্ৰতিষ্ঠা অক্ষুণ্ণ ৰাখি অসমৰ ৮৬০ গৰাকী বীৰপুত্ৰ শ্বহীদ হ'ল । আনহাতে অগণন লোকে উৎপীড়নৰ বলি হৈ চিৰজীৱনলৈ পংগুত্বক আঁকোৱালি ল'লে । শ্বহীদ দিৱসৰ এই পৱিত্ৰ ক্ষণত মই তেওঁলোকলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ ।"
ইফালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো সামাজিক মাধ্য়ম ফেচবুকত কয়, "ঐতিহাসিক অসম আন্দোলনৰ ‘জয় আই অসম’ ধ্বনি আজিও গুঞ্জৰিত হয় আমাৰ মনন-চিন্তনত৷ শ্বহীদ স্মাৰক--- অসম আন্দোলনৰ মহান শ্বহীদৰ প্রতি আমাৰ গম্ভীৰ শ্রদ্ধাঞ্জলিৰ বাবে উছৰ্গিত বেদী ৷ গুৱাহাটীত নিৰ্মিত শ্বহীদ স্মাৰক, যিয়ে আমাৰ মহান শ্বহীদসকলৰ ত্যাগ-অৱদানক সদায়ে সোঁৱৰাই থাকিব আৰু ইয়ে উত্তৰপ্ৰজন্মক সদায়ে উদ্বুদ্ধ কৰিব অসমী আইৰ সেৱাৰ বাবে৷ ১০ ডিচেম্বৰ অৰ্থাৎ কাইলৈ এই শ্বহীদ স্মাৰক উছৰ্গা কৰা হ'ব অসমবাসীৰ বাবে ৷"
মুখ্যমন্ত্ৰী শৰ্মাই লগতে X ত প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন কৰি লিখে, "মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া, অসমী আইৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত যিসকলে শ্বহীদ বৰণ কৰিছিল, তেখেতসকলৰ বীৰত্ব গাঁথাক সশ্রদ্ধ স্মৰণৰ বাবে অসমবাসীৰ হৈ আপোনালৈ কৃতজ্ঞতা প্রকাশ কৰিছোঁ ৷ অসম আন্দোলনৰ ইতিহাস অসম তথা ভাৰতবৰ্ষৰ বুৰঞ্জীত সদায়ে ভাস্বৰ হৈ থাকিব ৷"
মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া, অসমী আইৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত যিসকলে শ্বহীদ বৰণ কৰিছিল, তেখেতসকলৰ বীৰত্ব গাথাক সশ্রদ্ধ স্মৰণৰ বাবে অসমবাসীৰ হৈ আপোনালৈ কৃতজ্ঞতা প্রকাশ কৰিছোঁ৷ অসম আন্দোলনৰ ইতিহাস অসম তথা ভাৰতবৰ্ষৰ বুৰঞ্জীত সদায়ে ভাস্বৰ হৈ থাকিব৷ https://t.co/dGLX5Y6qfD
— Himanta Biswa Sarma (@himantabiswa) December 10, 2025

