ETV Bharat / state

লখিমপুৰত গো-মাংস বিক্ৰীৰ যো-যা কৰোতেই আৰক্ষীৰ জালত পৰিল আজিজুৰ আৰু মুজিবুৰ

লখিমপুৰ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গো মাংস উদ্ধাৰ কৰাৰ লগতে দুজনক আটক কৰে ।

Assam Lakhimpur police seized huge amount of beef meat
গো মাংস বিক্ৰীৰ যো-যা কৰোতেই আৰক্ষীৰ জালত পৰিল আজিজুৰ আৰু মুজিবুৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 5, 2026 at 7:18 PM IST

2 Min Read
Choose ETV Bharat

লখিমপুৰ : পুনৰ গো-মাংসৰ প্ৰসংগ ৷ গো-মাংসৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে অভিযান ৷ শেহতীয়া খবৰ অনুসৰি, দেওবাৰে লখিমপুৰত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ গো মাংস উদ্ধাৰ কৰে । লগতে আৰক্ষীয়ে দুজন লোককো আটক কৰে ৷ ইয়াৰ উপৰিও গো-মাংস সৰবৰাহ কৰাৰ বাবে ব্যৱহাৰ কৰা এখন ই-ৰিক্সা, মোবাইল ফোন, মাংস কটা সজুলি আদিও আৰক্ষীয়ে জব্দ কৰে ।

আৰক্ষীৰ পৰা লাভ কৰা তথ্য মতে, দেওবাৰে দিনৰ ভাগত লখিমপুৰৰ লীলাবাৰীৰ পৰা খেলমাটিলৈ এএছ ০৭ চিচি ২৩০৩ নম্বৰৰ এখন ইলেক্ট্ৰিক অ'টো-ৰিক্সাত অবৈধভাৱে সন্দেহজনক গৰুৰ মাংস কঢ়িয়াই বিক্ৰীৰ বাবে নিবলৈ যা-যোগাৰ কৰি আছিল ৷ এক গোপন সূত্ৰৰ তথ্যৰ আলমতে আৰক্ষীয়ে এই খবৰ লাভ কৰে ৷

তাৰ পাছতে খেলমাটি চক্রৰ ভাৰপ্ৰাপ্ত বিষয়া দীপংকৰ দলে আৰু মহিলা সহকাৰী উপ পৰিদৰ্শক আশা বৰুৱাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে খেলমাটিৰ ৱাৰ্ড নং-১৪ ৰ আশ্ৰাফ আলী পথস্থিত মোঃ মুজিবুৰ ৰহমান (৪৪)ৰ বাসগৃহত অভিযান চলায় ৷ অভিযান আৰক্ষীৰ দলটোৱে অ'টো-ৰিক্সাখনৰ পৰা ৫৮টা বগা ৰঙৰ প্লাষ্টিকৰ পলিথিন বেগত বান্ধি ৰখা মুঠ ৬৫.৫০ কিলোগ্ৰাম আৰু আন এটা বগা-মেৰুন ৰঙৰ প্লাষ্টিকৰ বেগৰ পৰা ২০ কিলোগ্ৰাম, সৰ্বমুঠ ৮৫.৫০ কিলোগ্ৰাম সন্দেহজনক গৰুৰ মাংস উদ্ধাৰ কৰে ৷

Assam Lakhimpur police seized huge amount of beef meat
গো মাংস বিক্ৰীৰ যো-যা কৰোতেই আৰক্ষীৰ জালত পৰিল আজিজুৰ আৰু মুজিবুৰ (ETV Bharat Assam)

জানিব পৰা মতে, উক্ত ইলেক্ট্ৰিক অ'টো-ৰিক্সাখন আজিজুৰ ৰহমান নামৰ এজনে চলাইছিল ৷ যাৰ বাবে অভিযানকাৰী আৰক্ষীৰ দলটোৱে লখিমপুৰৰ চুটিয়াকাৰীৰ আজিজুৰ ৰহমানক আটক কৰাৰ লগতে মুজিবুৰ ৰহমানৰ ঘৰত থকা তেওঁৰ ইলেক্ট্ৰিক অ'টো-ৰিক্সাখনো জব্দ কৰে ৷ এই গো মাংস বিক্ৰীৰ লগত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে মুজিবুৰ ৰহমানকো আটক কৰে ৷ ইয়াৰ উপৰিও আৰক্ষীয়ে অভিযুক্তৰ ফোনো জব্দ কৰে ।

অভিযুক্ত মোঃ আজিজুৰ ৰহমানৰ স্বীকাৰোক্তিৰ ভিত্তিত লীলাবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া (IC)ৰ নেতৃত্বত আৰক্ষীৰ এটা দলে লীলাবাৰী বালিজানস্থিত তেওঁৰ আত্মীয়ৰ বাসগৃহতো অভিযান চলায় । অভিযানত সন্দেহজনক মাংস কাটিবলৈ ব্যৱহৃত তিনিখন লোহাৰ দা আৰু তিনিখন লোহাৰ ছুৰীও জব্দ কৰে ৷

আনহাতে ঘটনাৰ সৈতে জড়িত ধৃত দুই অভিযুক্তক আটক কৰি বৰ্তমান উত্তৰ লখিমপুৰ থানাৰ আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখিছে ।

লগতে পঢ়ক : যোগীঘোপাৰ হোটেলত ওলাল নিষিদ্ধ মাংস

লগতে পঢ়ক : আমিষ খাদ্য নচলিব ! ছাত্ৰ-ছাত্ৰীক টিফিনত কেৱল নিৰামিষ খাদ্যহে দিব পাৰিব অভিভাৱকে