জুবিন গাৰ্গৰ ন্যায় প্ৰদানত আন্তৰিকতা নাই চৰকাৰৰ : অসম জাতীয় পৰিষদ
ফাষ্টট্ৰেক আদালত গঠনত বিলম্ব কিয় ? কিয় কেৱল 'তাৰিখ পে তাৰিখ'? জোলোঙাৰ মেকুৰী ওলোৱাৰ ভয়ত জামিন আৱেদন প্ৰত্যাহাৰ কৰিছে নেকি অভিযুক্তই? অজাপৰ নেতৃবৰ্গৰ গুৰুতৰ অভিযোগ।

Published : February 21, 2026 at 6:54 PM IST
গুৱাহাটী : "প্ৰাণৰ শিল্পী, জাতীয় আৱেগ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্ৰদানৰ ক্ষেত্ৰত আন্তৰিকতা নাই বিজেপি চৰকাৰৰ । সেই কাৰণে চৰকাৰে ফাষ্টট্ৰেক আদালত গঠনৰ উদ্যোগ লোৱা নাই । বৰ্তমানে যিটো গতিত বিচাৰ প্ৰক্ৰিয়া চলি আছে, সেই গতি অব্যাহত থাকিলে জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিত কমেও ২০ বছৰ লাগিব ।" এই বক্তব্য অসম জাতীয় পৰিষদ চমুকৈ অজাপৰ ।
শনিবাৰে অজাপৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি সৰৱ হৈ পৰে অজাপৰ নেতৃত্ব । সংবাদমেলত অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, "বিজেপি চৰকাৰে ন্যায় প্ৰাপ্তিৰ ক্ষেত্ৰত ভেকোভাওনা কৰি আছে আৰু এনেদৰে নিৰ্বাচনটো পাৰ কৰি দিব খুজিছে । নিৰ্বাচনৰ পাছত শ্যামকানু মহন্তকে ধৰি অভিযুক্তসকল অনায়াসে জেলৰ পৰা ওলাই আহিব আৰু এনেদৰেই জুবিনৰ ন্যায় প্ৰাপ্তিৰ বিষয়টো চিৰদিনৰ বাবে অন্ত পৰিব ।"
জুবিন গাৰ্গৰ মৃত্যুৰ দিন-তাৰিখ আৰু তাৰ পাছৰ কাৰ্যক্ৰমণিকাখন দাঙি ধৰি তেওঁ কয়, "১৯ ছেপ্তেম্বৰ ২০২৫ তাৰিখে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু হৈছিল । ২১ ছেপ্টেম্বৰত তেখেতৰ মৃতদেহ গুৱাহাটীলৈ অনা হৈছিল । ২৩ ছেপ্টেম্বৰত সোণাপুৰত তেখেতৰ অন্তিম সৎকাৰ কৰা হৈছিল ।’’
তেওঁ কয়, ‘‘আজি ২১ ফেব্ৰুৱাৰী ২০২৬ তাৰিখত তেখেতৰ মৃত্যুৰ ৫ মাহ ২ দিন পাৰ হৈ গৈছে । মুখ্যমন্ত্ৰীয়ে ২০ ছেপ্টেম্বৰৰ দিনা এছ আই টি তদন্ত ঘোষণা কৰিছিল আৰু ২৪ ছেপ্টেম্বৰত এছ আই টি গঠন কৰা হৈছিল । অৱসৰপ্ৰাপ্ত ন্যায়াধীশ সৌমিত্ৰ শইকীয়া তদন্ত আয়োগ গঠন কৰা হৈছিল ৩ অক্টোবৰৰ দিনা । ৩ নৱেম্বৰত মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভযোগে প্ৰকাশ কৰিছিল যে জুবিন গাৰ্গক হত্যা কৰা হৈছে ।’’
তেওঁ লগতে কয়, ‘‘শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছিল ১ অক্টোবৰৰ দিনা । বাকী ৫ অভিযুক্তক অক্টোবৰৰ প্ৰথম সপ্তাহৰ ভিতৰতে গ্ৰেপ্তাৰ কৰা হৈছিল । এছ আই টিয়ে অভিযোগনামা দাখিল কৰে ১২ ডিচেম্বৰ ২০২৫ তাৰিখে । মুখ্যমন্ত্ৰীয়ে সেইদিনাই অৰ্থাৎ ১২ ডিচেম্বৰত ঘোষণা কৰিছিল যে বিচাৰ প্ৰক্ৰিয়া ক্ষীপ্ৰতাৰে আগবঢ়াই নিবলৈ ফাষ্টট্ৰেক আদালত গঠন কৰা হ'ব । সেই ঘোষণাৰ আজি ৭১ দিন হৈ গ'ল, অৰ্থাৎ ২ মাহ ৯ দিন । কিন্তু আজিলৈকে ফাষ্টট্ৰেক আদালত গঠন কৰা নহ'ল । ইয়াৰ কাৰণ কি ? কাৰণ এইটো নেকি যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু বা মুখ্যমন্ত্ৰীয়ে কোৱা হত্যাৰ ন্যায় হোৱাটো মুখ্যমন্ত্ৰীয়ে বিচৰা নাই । নহ'লে আন কি কাৰণ থাকিব পাৰে ?"
তেওঁ কয়, "আমি লক্ষ্য কৰিছো যে মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰীলৈ, ৰাজ্য চৰকাৰৰ পৰা কেন্দ্ৰ চৰকাৰলৈ, বিজেপি দলৰ পৰা আৰ এছ এছলৈ সকলোৱে জুবিন গাৰ্গক উপেক্ষা কৰিছে । জুবিন দাৰ মৃত্যুৰ পাছত প্ৰধানমন্ত্ৰী অসমলৈ ৩ বাৰ আহিল, গৃহমন্ত্ৰী অমিত শ্বাহ ৩ বাৰ আহিল । কিন্তু দুয়োগৰাকীয়ে জুবিন ক্ষেত্ৰ পৰিদৰ্শনৰ সৌজন্যতা প্ৰদৰ্শন নকৰিলে । প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে তেওঁলোকৰ অসম ভ্ৰমণৰ কালত কোনো এটা ভাষণতে এবাৰো জুবিন গাৰ্গৰ নাম উচ্ছাৰণ বা স্মৰণ কৰা নাই, শ্ৰদ্ধা নিবেদন কৰা নাই । ২৩ ছেপ্টেম্বৰত অন্তিম সৎকাৰ কৰি অহাৰ পাছত মুখ্যমন্ত্ৰীয়ে আজিলৈকে জুবিন ক্ষেত্ৰত ভৰি দিয়া নাই । জুবিন দাৰ অন্তিম চিনেমা ৰৈ ৰৈ বিনালে চাবলৈ মুখ্যমন্ত্ৰী নগ'ল । কাশ্মীৰ ফাইল চাই টেক্স ফ্ৰী ঘোষণা কৰিলে, কিন্তু 'ৰৈ ৰৈ বিনালে'ক কৰমুক্ত নকৰিলে । জুবিন ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্য আৰম্ভই নকৰিলে । তাৰ কদৰ্যময় পৰিৱেশ ছাফ-চিকুণকৈ ৰখাৰ ব্যৱস্থা নকৰিলে । যোৱা ১৫ আৰু ১৬ ফেব্ৰুৱাৰীত জ্যোতি চিত্ৰবনত অনুষ্ঠিত হোৱা নৱম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠিত নকৰিলে । কেৱল ৰাজ্যপালে নিজৰ ভাষণত জুবিন গাৰ্গৰ নাম উল্লেখ কৰে আৰু শ্ৰদ্ধা নিবেদন কৰে ।"
তেওঁ কয়, "বিচাৰ প্ৰক্ৰিয়াৰ অগ্ৰগতি মুঠেই সন্তুষজনক নহয় । চৰকাৰ পক্ষৰ ভূমিকা ৰহস্যজনক । বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল ২২ ডিচেম্বৰ ২০২৫ তাৰিখে । সেইদিনা সাতগৰাকী অভিযুক্তক ভাৰ্চুৱেলি আদালতত হাজিৰ কৰোৱা হয় । ২২ ডিচেম্বৰৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈকে কেইবাটাও শুনানি অনুষ্ঠিত হয় । ফাষ্টট্ৰেক আদালত অবিহনে শুনানি আৰু বিচাৰ প্ৰক্ৰিয়া গতানুগতিক । 'তাৰিখ পে তাৰিখ' বুলি কোৱাৰ দৰে চলি আছে ।’’
গগৈয়ে আৰু কয়, ‘‘এগৰাকী অধিবক্তাই ঠিকেই কৈছে যে এইটো গতিত শুনানি হৈ থাকিলে বিচাৰ প্ৰক্ৰিয়া শেষ হয় মানে ২০ বছৰ লাগিব । ৪০০ গৰাকী সাক্ষীৰ বক্তব্য গ্ৰহণ, ক্ৰছ পৰীক্ষা আদিত কিমান দিন লাগিব ভাৱক । ছিংগাপুৰৰ কৰোণাৰ আদালতত চলি থকা বিচাৰ প্ৰক্ৰিয়াতো ৰাজ্য চৰকাৰে এগৰাকীও অধিবক্তা নিয়োগ নকৰিলে । উপেক্ষা স্পষ্ট । অকল জুবিনদাৰ পৰিয়ালে গোচৰটো টানি আছে । ইয়াৰ পৰা স্পষ্ট হয় যে জুবিন গাৰ্গৰ ন্যায় প্ৰদানত চৰকাৰৰ আন্তৰিকতা নাই ।"
অভিযুক্তসকলে আদালতত জামিন আৱেদন দাখিল কৰিও সেয়া প্ৰত্যাহাৰ কৰাটো ৰহস্যজনক বুলি উল্লেখ কৰি তেওঁ কয়, "আইন জনা মানুহে কয় যে অভিযুক্তসকলে জামিন আৱেদন কৰিলেই জামিন পাব । কিন্তু তেওঁলোকে জামিন লৈ ওলাই আহিলে চৰকাৰ সংকটত পৰিব । সেই কাৰণে ৰহস্যজনকভাৱে বুজাবুজিৰ জৰিয়তে তেওঁলোকৰ জামিন আৱেদন তেওঁলোকৰ দ্বাৰাই প্ৰত্যাহাৰ কৰোৱা হৈছে বুলি ৰাইজে সন্দেহ কৰে ।"
বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰত জুবিন ক্ষেত্ৰ নিৰ্মাণৰ বাবে ৩০ বিঘা মাটি আবণ্টন দিয়াত হাগ্ৰামা মহিলাৰীক ধন্যবাদ জনাই তেওঁ কয়, "হাগ্ৰামা মহিলাৰীয়ে ৩০ বিঘা মাটি দিব পাৰিছে, অথচ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সোণাপুৰৰ জুবিন ক্ষেত্ৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় মাটিখিনি আগবঢ়োৱা নাই ।"
সংবাদমেলত দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, "জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত বিজেপি দলৰ উদ্যোগত প্ৰথমে 'ময়ো জুবিন, আমিও জুবিন' আৰু পিছত 'ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী' বুলি জিলাই জিলাই দলীয় সমদল উলিয়াইছিল । পিছত যেনিবা ৰাইজৰ সঁহাৰি নাপাই বন্ধ কৰি দিবলগীয়া হয় । কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজকে জুবিন গাৰ্গৰ এক নম্বৰ অনুৰাগী বুলি দাবী কৰিছিল । অথচ সেই এক নম্বৰ অনুৰাগীগৰাকীয়ে জুবিন গাৰ্গৰ শেষ চিনেমা' ৰৈ ৰৈ বিনালে'খন চাবলৈ নগ'ল ।’’
ভূঞাই কয়, ‘‘আমি প্ৰথম দিনৰে পৰা কৈ আছো যে এইখন চৰকাৰে জুবিনক ন্যায় দিব খোজা নাই । আন্তৰিকতা থকা হ'লে বহিঃৰাষ্ট্ৰত সংঘটিত হোৱা ঘটনাটোৰ বাবে অসম পুলিচ চি আই ডিক তদন্তৰ দায়িত্ব নিদিলেহেতেন । সেইটো চি বি আইৰ দৰে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাক দিব লাগিছিল । কাৰণ অসম বা ভাৰতৰ বাহিৰলৈ গৈ তদন্ত কৰাৰ চি আই ডিৰ ক্ষমতা নাই । লগতে আমি কৈছিলো যে জুবিনৰ লগত একেলগে সাগৰলৈ যোৱা ১৫ জনৰ ভিতৰত ৪ জনকহে গ্ৰেপ্তাৰ কৰা হ'ল, বাকীসকলক ৰেহাই দিয়া হ'ল, তেওঁলোকক আইনৰ কাঠগৰাত থিয় কৰোৱা নহ'ল । অৰ্থাৎ ফলপ্ৰসু তদন্ত হ'ব পৰা এটাও কাম হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নকৰিলে ।"
চৰকাৰে ফাষ্ট ট্ৰেক আদালত গঠন নকৰাৰ কাৰণ সন্দৰ্ভত চৰকাৰৰ আন্তৰিকতাক সন্দেহ কৰি ভূঞাই কয়, "ফাষ্ট ট্ৰেক কোৰ্ট গঠন নকৰাৰ কাৰণ হয়টো এইটো যে তেতিয়া এমাহ-ডেৰমাহৰ ভিতৰতে সমগ্ৰ বিচাৰ প্ৰক্ৰিয়া সম্পন্ন হ'ব আৰু তেতিয়া ত্ৰুটিপূৰ্ণ তদন্ত আৰু দুৰ্বল অভিযোগনামাৰ সুবাদত অভিযুক্তসকল মুক্ত হৈ ওলাই আহিব আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ভেকোভাওনা ৰাইজৰ চকুৰ আগত ধৰা পৰি যাব । এতিয়া চৰকাৰে নিৰ্বাচনৰ ১০-১৫ দিন আগত ফাষ্ট ট্ৰেক আদালত গঠন কৰোৱাই ৰাইজৰ চকুত ধূলি দিব পাৰে । তেতিয়া ফাষ্ট ট্ৰেক আদালততো গঠন হ'ব, কিন্তু নিৰ্বাচনৰ পূৰ্বে বিচাৰ প্ৰক্ৰিয়া শেষ নহয় । তেতিয়া ৰাইজৰ চকুত ধুলি দি চৰকাৰে নিৰ্বাচন পাৰ কৰোৱাই দিব আৰু নিৰ্বাচনৰ পাছত অভিযুক্তসকল নিৰাপদে জেলৰ পৰা ওলাই আহিব ।"
তেওঁ কয়, "চৰকাৰখনৰ ন্যূনতমো যদি নৈতিকতাবোধ আছে আৰু জুবিন গাৰ্গক ন্যায় প্ৰদানৰ ক্ষেত্ৰত আন্তৰিকতা আছে, তেনেহ'লে নিৰ্বাচনৰ পূৰ্বেই অভিযুক্তকেইজনেই যে দোষী সেয়া আদালতত প্ৰমাণ কৰি তেওঁলোকক উপযুক্ত শাস্তি পোৱাৰ পথ সুনিৰ্দিষ্ট কৰি দেখুৱাওক ।"
হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ সত্বাটোক কিয় ভয় কৰে সেয়া সকলোৱে বুজি পোৱা হৈছে বুলি উল্লেখ কৰি ভূঞাই কয়, "জুবিন গাৰ্গ মানুহৰ মনত আছিল আৰু চিৰকাল থাকিব । জনতাৰ মনৰ পৰা হিমন্ত বিশ্ব শৰ্মাই হাজাৰ চেষ্টা কৰিলেও মচি পেলাব নোৱাৰে, সেয়া নিশ্চিত ।"
জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত অহা ২৭ ফেব্ৰুৱাৰীত অসম জাতীয় পৰিষদে অৱস্থান ধৰ্মঘট পালন কৰিব বুলি সংবাদমেলত লুৰীণজ্যোতি গগৈয়ে সদৰী কৰে । সংবাদমেলত দলৰ চাৰিগৰাকী সম্পাদক চিত্তৰঞ্জন বসুমতাৰী, ৰাজু ফুকন, জিয়াউৰ ৰহমান আৰু মাণিক গগৈয়ে উপস্থিত আছিল ।

