অসম এতিয়া আনুষ্ঠানিকভাৱে দেশৰ ভিতৰতে দ্রুতগতিত বিকশিত ৰাজ্য: ডাভোছত বিশ্বব্যাপী বিনিয়োগকাৰীক অসমলৈ আমন্ত্ৰণ মুখ্যমন্ত্ৰীৰ
ভাৰতত বিনিয়োগ কৰাৰ কথা চিন্তা কৰাসকলক অসমক লক্ষ্য়স্থানৰ ভিতৰত অন্যতম বুলি গণ্য কৰিবলৈ আহ্বান ।

By ANI
Published : January 20, 2026 at 10:09 AM IST
ডাভোছ (ছুইজাৰলেণ্ড) : ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত ৫৬ সংখ্যক বিশ্ব অর্থনৈতিক মঞ্চত স্থান পালে অসমে । এই মঞ্চতেই ভাৰতৰ দ্রুতগতিত বিকাশ হোৱা ৰাজ্য আৰু সেউজ শক্তি, ছেমিকণ্ডাক্টৰ আৰু পর্যটন বিনিয়োগৰ এক প্রধান লক্ষ্য়স্থান হিচাপে স্থান দি অসমে আত্মপ্রকাশ কৰিবলৈ সক্ষম হয় । মঞ্চত বিশ্বব্যাপী বিনিয়োগকাৰীৰ সন্মুখত সজোৰে মত ব্যক্ত কৰি অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকক বিকশিত ৰাজ্য আৰু বিকশিত অর্থনীতিত বিনিয়োগ কৰিবলৈ আহ্বান জনায় ।
এএনআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, "অসমে প্ৰথমবাৰৰ বাবে বিশ্ব অর্থনৈতিক মঞ্চ ডাভোছলৈ আহিছে । আমি এটা বার্তা দিব বিচাৰো যে অসম এতিয়া এখন উন্নয়নৰ দিশে ধাবমান ৰাজ্য আৰু উন্নয়নমুখী অর্থনীতি । যেতিয়া আপুনি ভাৰতত বিনিয়োগ কৰাৰ কথা চিন্তা কৰে তেতিয়া আপুনি অসমক লক্ষ্য়স্থানৰ ভিতৰত অন্যতম বুলি গণ্য কৰিব পাৰে । অসম এতিয়া আনুষ্ঠানিকভাৱে দেশৰ ভিতৰতে দ্রুতগতিত বিকশিত ৰাজ্য ।"
মুখ্যমন্ত্ৰী শৰ্মাই পুনৰ কয় যে অসম ভাৰতৰ ভিতৰতে বিকশিত অর্থনীতি আৰু এক কাৰ্যকৰী বিনিয়োগৰ লক্ষ্য়স্থান বুলি সংকেত দিয়াৰ উদ্দেশ্য়েই প্ৰথমবাৰৰ বাবে ডব্লিউ ই এফ ডাভোছত উপস্থিত হৈছে । শেহতীয়াকৈ আৰ বি আইৰ তথ্য অনুসৰি ৰাজ্যখন এতিয়া দেশৰ ভিতৰতে সর্বাধিক দ্রুতগতিত বিকশিত হৈছে । মুখ্য়মন্ত্ৰীয়ে কয়, "ভাৰতীয় ৰিজার্ভ বেংকে তথ্য প্রকাশ কৰিছে আৰু স্পষ্টভাৱে প্রতিষ্ঠিত হৈছে যে অসমৰ দ্রুতগতিত বিকাশ হৈছে আৰু আমি তালিকাৰ শীৰ্ষত আছো । মানুহে ভাৰতত বিনিয়োগ কিয় কৰিব তাৰ বহু কাৰণ আছে । কালি আই এম এফে ভাৰতৰ বিকাশৰ গতি ৭ শতাংশৰ ওপৰত সংশোধন কৰিলে ।"
"মই ভাবো যে ভাৰতৰ ভিতৰতে মানুহে বৈচিত্র্যময় ৰাজ্য, বৈচিত্র্যপূর্ণ অঞ্চললৈ যোৱাৰ সময় আহি পৰিছে । সেই অঞ্চলসমূহৰো সম্ভাৱনাক ব্যৱহাৰ কৰাৰ সময় আহি পৰিছে । অসমে বিনিয়োগৰ বাবে ভাল মঞ্চ দিবলৈ সক্ষম হ'ব ।" লগতে কয় মুখ্য়মন্ত্ৰীয়ে ।
"আই এম এফে ভাৰতৰ বিকাশৰ প্ৰক্ষেপন ৭ শতাংশৰ ওপৰলৈ সংশোধন কৰিছে । ভাৰতৰ ভিতৰত বিনিয়োগকাৰীয়ে পৰম্পৰাগত হাবৰ বাহিৰলৈ চাই অসমৰ দৰে বিভিন্ন অঞ্চল অন্বেষণ কৰাৰ সময় আহি পৰিছে । যোৱা বছৰৰ এডভান্টেজ ২ শীর্ষ সন্মিলনত প্রায় ৫ লাখ কোটি টকাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে । তাৰে প্ৰায় ২৩ লাখ কোটি ইতিমধ্যে বিনিয়োগ কৰা হৈছে, মাটি আবণ্টন দিয়া হৈছে আৰু প্রকল্প চলি আছে ।" এইদৰে উল্লেখ কৰি সৌৰ উদ্যোগ আৰু পাম সংৰক্ষণ প্রকল্পকে ধৰি নতুন প্রভাৱৰ উন্মেষ ঘটিছে বুলিও কয় মুখ্যমন্ত্ৰী শৰ্মাই ।
"এডভাণ্টেজ ২ শীর্ষ সম্মিলনৰ সময়ত আমি প্রায় ৫ লাখ কোটি টকাৰ বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছিলো । প্রায় ৩ লাখ কোটি টকাৰ বিনিয়োগ আৰম্ভ কৰা হৈছে । ইতিমধ্যে কাম আৰম্ভ হৈছে, মানুহে মাটি লৈছে আৰু এই সকলোবোৰ চলি আছে । ফলত এটা নির্দিষ্ট নতুন প্রস্তাৱ আহিছে । যদি কোনো উদ্যোগ প্ৰথমতে অসমত সৌৰ উদ্যোগ স্থাপন কৰিবলৈ গৈছে, তেন্তে এতিয়া তেওঁলোকে কৈছে যে আমাক পাম ষ্টৰেজ প্রজেক্ট (Palm Storage Project) দিয়ক.... এই ভ্রমণত আমাৰ সমগ্ৰ বুজাবুজিৰ চুক্তিত সেউজ শক্তি আৰু নতুন শক্তিৰ ওপৰত কেন্দ্রীভূত হ'ব । অন্য় ধৰণৰ বিনিয়োগ সন্দৰ্ভত আমি ভাৰততো স্বাক্ষৰ কৰিব পাৰো । পাম ষ্টৰেজ প্রজেক্ট, যিটো অসমে প্রদান কৰা এক অনন্য সুযোগ আৰু বাঁহক মিথানললৈ ৰূপান্তৰিত কৰাটো মোৰ মতে মোৰ ১ লাখ কোটি টকাৰ ওচৰৰ বুজাবুজি ডাবোছতেই কৰিব পাৰো ।" এইদৰে কয় মুখ্য়মন্ত্ৰীয়ে ।
বৰ্তমানৰ ডাভোছ ভ্রমণত সেউজ আৰু নতুন শক্তিৰ ওপৰত গুৰুত্ব দিয়া হৈছে । এই ভ্ৰমণৰ সময়ত ৰাজ্য়খনে প্ৰায় ১ লাখ কোটি টকাৰ বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ আশা কৰিছে য'ত পিএছপি আৰু বাঁহৰ পৰা মিথানললৈ ৰূপান্তৰক সামৰি লোৱা হ'ব । আন বিনিয়োগ সন্দৰ্ভত ভাৰতত স্বাক্ষৰ কৰা হ'ব । টাটাৰ সৈতে অংশীদাৰিত্বৰে ছেমিকণ্ডাক্টৰ উদ্যোগৰ নেতাসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত হোৱাৰ কথা । এতিয়াও কোনো সুনির্দিষ্ট চুক্তি নথকা অৱস্থাতো টাটাৰ উপস্থিতিয়ে অসমত এক পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাত সহায় কৰিছে । আলোচনা আগবাঢ়িব বুলি আশা কৰা হৈছে বুলিও কয় অসমৰ মুখ্য়মন্ত্ৰীয়ে ।
মুখ্য়মন্ত্ৰী শৰ্মাই কয়, "হোটেল আৰু হোমষ্টেৰ বাবে কেইবাটাও বিনিয়োগৰ অফাৰ ইতিমধ্যে আহিছে । ডাভোছত কোনো নতুন বুজাবুজি চুক্তি স্বাক্ষৰিত নহ'লেও গুৱাহাটীত আগন্তুক চুক্তিসমূহে মহানগৰী আৰু কাজিৰঙাত পঞ্চ তাৰকাযুক্ত হোটেল স্থাপন কৰিব ।"
মুখ্য়মন্ত্ৰী শৰ্মাই কয়, "টাটাই কার্যকলাপ স্থাপন কৰাৰ লগে লগে ছেমিকণ্ডাক্টৰ পৰিৱেশ তন্ত্র ক্রমান্বয়ে বিকশিত হৈছে । আমি ইয়াত ডাভোছত ছেমিকণ্ডাক্টৰ উদ্যোগৰ নেতাসকলক লগ পাইছো । এতিয়াও টেবুলত একো নাই যদিও এই পাৰস্পৰিক ক্ৰিয়াই কামবোৰ আগুৱাই নিয়াত সহায় কৰিব । অসমে নিজকে সমগ্র উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ হিচাপে গণ্য় কৰে । অসমত অৱস্থিত প্রকল্প, যেনে টাটাৰ ছেমিকণ্ডাক্টৰ উদ্যোগে বৃহৎ উদ্যোগৰ বাবে সমতল ভূমিৰ অভাৱ হোৱা পাহাৰীয়া ৰাজ্যকে ধৰি সমগ্ৰ অঞ্চলটোকে উপকৃত কৰিব ।"

