'ৰৈ ৰৈ বিনালে'ক লৈ অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত...
'ৰৈ ৰৈ বিনালে' ছবিৰ অসম চৰকাৰৰ GSTৰ অংশ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনলৈ আগবঢ়োৱা হ'ব । অসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত ।

Published : October 29, 2025 at 11:02 PM IST
|Updated : October 30, 2025 at 7:48 AM IST
গুৱাহাটী : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিমখন ছবি 'ৰৈ ৰৈ বিনালে'ৰ পৰা অসম চৰকাৰে লাভ কৰা জি এছ টিৰ অংশ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক দিয়া হ'ব । জুবিন গাৰ্গে আৰ্তজনৰ সাহায্যৰ বাবে গঠন কৰা এই ফাউণ্ডেশ্যনক দিয়া হ'ব তেওঁৰ শেষৰখন ছবিৰ পৰা অসম চৰকাৰে লাভ কৰা জি এছ টিৰ অংশ । বুধবাৰে অনুষ্ঠিত হোৱা অসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত বুধবাৰে দিছপুৰৰ লোক সেৱা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় । কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।
মুখ্যমন্ত্রীয়ে কয়, "অসম চৰকাৰে কোনো চিনেমাৰ আমোদ কৰ নলয় । চিনেমাৰ টিকটৰ বিনিময়ত ভাৰত চৰকাৰে জি এছ টি লয় । ১০০ টকাৰ ওপৰৰ টিকটত ১৮ শতাংশ আৰু ১০০ টকাৰ তলত টিকটত ৫ শতাংশ জি এছ টি লয় । এমাহ পাছত ভাৰত চৰকাৰে অসম চৰকাৰক জি এছ টিৰ আধা ঘূৰাই দিয়ে । জুবিন গাৰ্গৰ অন্তিমখন ছবি 'ৰৈ ৰৈ বিনালে'ৰ ভাৰত চৰকাৰে ঘূৰাই দিয়া জি এছ টিৰ অসম চৰকাৰৰ অংশ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক দিয়া হ'ব । এই সিদ্ধান্ত জুবিন গাৰ্গৰ পৰিয়ালৰ লোকৰ পৰামৰ্শ অনুসৰি কেবিনেটত লোৱা হয় । দৰিদ্ৰজনক সহায় কৰাৰ বাবে জুবিন গাৰ্গে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ জন্ম দিছিল । অসমত আমোদ কৰ লোৱা নহয় বাবে ৰেহাই দিয়াৰ কথাই নাহে ।"
কেবিনেটৰ সিদ্ধান্তৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "অসমত বানপানী প্ৰতিৰোধৰ বাবে এছিয়ান ডেভেলপমেণ্ট বেংকৰ আৰ্থিক সাহায্যৰে ২২০৫ কোটি টকা ব্যয় সাপেক্ষে বিভিন্ন প্ৰকল্প ৰূপায়ণৰ প্ৰস্তাৱত আজিৰ কেবিনেটে অনুমোদন জনায় । ইয়াৰে ৭৪ কিলোমিটাৰ খহনীয়া ৰোধৰ বাবে, ৩৩ কিলোমিটাৰ মথাউৰি নিৰ্মাণ, ১৭.৭২ কিলোমিটাৰ প্ৰ'চিলটেচনৰ কামৰ বাবে ব্যয় কৰা হ'ব । এই প্ৰকল্পৰ অধীনত এটা নতুন ব্যৱস্থা কৰা হ'ব । নদীৰ বুকুত জাহ যোৱা ভূমি উদ্ধাৰ কৰাৰ বাবে প্ৰচেষ্টা চলোৱা হ'ব । বগীবিল দলঙৰ সমীপত ইতিমধ্যে আমি বহুখিনি সফল হৈছো ।"
মুখ্যমন্ত্রীয়ে কয়, "অসমৰ গাঁও অঞ্চলৰ জনজাতীয় লোকক বসুন্ধৰা আঁচনিৰ অধীনত আমি ৫০ বিঘালৈ মাটি প্ৰদান কৰো । এই আঁচনিৰ অধীনত মৰাণ আৰু মটক সম্প্ৰদায়ৰ লোকক সামৰি লোৱা হৈছে । তেওঁলোককো ৫০ বিঘাকৈ মাটি দিয়া হ'ব ।"
কেবিনেটৰ সিদ্ধান্তৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "আজিৰ কেবিনেটে জিলা আৰক্ষী দায়বদ্ধতা আয়োগ পুনৰ গঠন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে । যাতে জিলা আৰক্ষী দায়বদ্ধতা আয়োগ সমূহ সক্ৰিয় কৰিব পৰা যায় । কেবিনেটত ভিলেজ ডিফেন্স অ'ৰগেনাইজেশ্যন ৰুলচ সংশোধন কৰা হয় । ভি ডি পিৰ বয়স এতিয়াৰে পৰা ২৫ ৰ পৰা ৪০ বছৰ পৰ্যন্ত হ'ব । আগতে ৫০ বছৰ বয়সলৈ আছিল । লগতে প্ৰয়োজন অনুসৰি ভি ডি পি কমিটীসমূহ গঠনৰ অধিকাৰ পোৱা যাব । আনহাতে যোৰহাটত নিৰ্মীয়মান লাচিত মৈদাম মেম'ৰিয়েল সমস্ত প্ৰকল্পৰ পুঁজি আজিৰ কেবিনেটে ২৪৯ কোটি টকা ধাৰ্য কৰে । কেবিনেটৰ সিদ্ধান্ত অনুসৰি বি টি চি প্ৰধান আৰু উপ-প্ৰধানে কেবিনেট মন্ত্রীৰ মৰ্যদা লাভ কৰিব । আনহাতে বি টি চিৰ কাৰ্যবাহী সদস্যসকলে বি টি আৰৰ ভিতৰত ৰাজ্যিক মন্ত্রীৰ মৰ্যদা লাভ কৰিব ।"
মুখ্যমন্ত্রীয়ে লগতে কয়, "৫ নবেম্বৰৰ পৰা ৰাজ্যজুৰি ৰাস মহোৎসৱ আৰম্ভ হ'ব । এইবাৰ কেবিনেটে ২০৬৮ খন ৰাস সমিতিক ২৫ হাজাৰ টকাকৈ আৰ্থিক অনুদান দিয়াৰ বাবে অনুমোদন দিছে । আনহাতে মাজুলীত ৬৭ খন ৰাস সমিতিক ৫০ হাজাৰ টকাকৈ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।"
মুখ্যমন্ত্রীয়ে কয়, "৫ নবেম্বৰত ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ মৃত্যু দিৱস । সিদিনা প্ৰতিখন জিলা সদৰত ৫ হাজাৰৰো অধিক লোক সমবেত হৈ একেলগে 'মানুহে মানুহৰ বাবে' গীতটো পৰিবেশন কৰিব । ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে তেখেতৰ সমাধিক্ষেত্র সমন্বয়তীৰ্থত তেখেতৰ মৃত্যু দিৱস পালন কৰিব ।"
ইফালে সংবাদমেলৰ পূৰ্বে সুব্ৰত কাপ আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত অসমৰ হৈ জয়ী হোৱা গুৱাহাটীৰ বেতকুছী হাইস্কুলৰ দলটোক সম্বৰ্ধনা জনোৱা হয় । প্ৰতিগৰাকী খেলুৱৈক ৫০ হাজাৰ টকাকৈ পুৰস্কাৰ প্ৰদান কৰি সম্বৰ্ধনা জনোৱা হয় ।
লগতে পঢ়ক : সোণাপুৰৰ কমাৰকুছিয়েই হ'ব জুবিন গাৰ্গৰ শেষ ঠিকনা, যোৰহাটলৈ নিয়া হ'ব চিতা ভস্ম

