ETV Bharat / state

জে এম বি, এ বি টি, আনছাৰ আল ইছলামৰ জেহাদী সংগঠনক নিষিদ্ধ ঘোষণা অসম চৰকাৰৰ

জেহাদী সংগঠনক নিষিদ্ধ ঘোষণা ৷ গৃহ বিভাগৰ কঠোৰ নিৰ্দেশনা ।

Representational Image
প্ৰতিনিধিত্বমূলক ছবি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : December 4, 2025 at 5:00 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : একাধিক জেহাদী সংগঠনক নিষিদ্ধ ঘোষণা কৰিছে অসম চৰকাৰৰ গৃহ বিভাগে ৷ জামাত-উল-মুজাহিদিন বাংলাদেশ(JMB), আনচাৰুল্লাহ বাংলা টীম চমুকৈ ABT আৰু আল কায়দাৰ লগত জড়িত থকা আনছাৰ আল ইছলামক নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠনক ঘোষণা ৰাজ্যৰ গৃহ বিভাগৰ । অসম চৰকাৰৰ গৃহ বিভাগে জাৰি কৰা নিৰ্দেশনাত সংগঠনকেইটাৰ যিকোনো প্ৰচাৰ প্ৰসাৰ কাৰ্য নিষিদ্ধ ঘোষণা ৷

অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত আৰু সচিব বিশ্বজিৎ পেগুৱে বুধবাৰে এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰি জামাত-উল-মুজাহিদীন বাংলাদেশ (জেএমবি), আনছাৰুল্লাহ বাংলা টীম (এবিটি) আৰু আনছাৰ আল-ইছলামৰ সৈতে সম্পৰ্কিত যিকোনো জেহাদী সাহিত্য, প্ৰচাৰ সামগ্ৰী, ৱেবছাইট, ছ’চিয়েল মিডিয়া পৃষ্ঠা, চেনেল আৰু ডিজিটেল প্লেটফৰ্ম নিষিদ্ধ কৰিছে ।

Assam Govt Home department baned JMB and ABT IN ASSAM
জেহাদী সংগঠনক নিষিদ্ধ ঘোষণা অসম চৰকাৰৰ গৃহ বিভাগৰ (ETV Bharat)

গৃহ বিভাগৰ নিৰ্দেশনাই এই সংগঠনসমূহৰ যিকোনো প্ৰকাশ, মুদ্ৰণ, বিতৰণ, বিক্ৰী, প্ৰদৰ্শন, অধিকাৰ বা সংৰক্ষণ আদি নিষিদ্ধ কৰিছে । এই নিষেধাজ্ঞা তৎক্ষণিকভাৱে প্ৰযোজ্য হোৱাকৈ বলৱৎ কৰা হৈছে ।

ৰাজ্যৰ গৃহ বিভাগে জাননীখনত কোৱা হৈছে যে জে এম বি, এ বি টি আৰু আনছাৰ আল-ইছলামক কেন্দ্ৰীয় চৰকাৰে বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন, ১৯৬৭ৰ ধাৰা ৩৫ৰ অধীনত সন্ত্রাসবাদী সংগঠন হিচাপে ঘোষণা কৰিছে ।

নিৰ্দেশনাটোত কোৱা হৈছে যে অসম আৰক্ষীয়ে বুদ্ধিমত্তা, চাইবাৰ পেট্ৰলিং আৰু এছ টি এফৰ তদন্তত এই সংগঠনসমূহৰ জেহাদী সাহিত্য আৰু ডিজিটেল প্ৰচাৰ সামগ্ৰী ৰাজ্যত এতিয়াও প্ৰচলিত হৈ আছে বুলি প্ৰমাণ লাভ কৰিছে ৷ যিয়ে যুৱ প্ৰজন্মক উগ্ৰপন্থালৈ আকৰ্ষিত কৰাৰ প্ৰৱণতা বৃদ্ধি কৰিব পাৰে ৷ এই কাৰ্যই ৰাষ্ট্ৰীয় সুৰক্ষাত গুৰুত্বপূৰ্ণ ভাবুকি সৃষ্টি কৰে ।

Assam Govt Home department baned JMB and ABT IN ASSAM
জেহাদী সংগঠনক নিষিদ্ধ ঘোষণা অসম চৰকাৰৰ গৃহ বিভাগৰ (ETV Bharat)

ভাৰতীয় নাগৰিক সুৰক্ষা কোড-২০২৩ৰ ধাৰা ৯৮ৰ অধীনত প্ৰদান কৰা ক্ষমতাৰ দ্বাৰা অসম চৰকাৰৰ গৃহ বিভাগে এই সামগ্ৰীসমূহ জব্দ আৰু আইনী ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে । কোৱা হৈছে যে এনে প্ৰচাৰ সামগ্ৰী আৰু ব্যৱস্থাসমূহ ভাৰতীয় ন্যায়সংহিতা (বি এন এছ)ৰ ধাৰা ১৯৬, ১৯৭, ২৯৯ আৰু তথ্য প্ৰযুক্তি আইনৰ ধাৰা ৬৭ৰ অধীনত দণ্ডনীয় অপৰাধ ।

নিৰ্দেশনাত লগতে কোৱা হৈছে যে এই জেহাদী সামগ্ৰীসমূহে ধৰ্ম, জাতি, ভাষা আদি প্ৰতি ঘৃণা প্ৰচাৰ কৰে, ৰাষ্ট্ৰীয় একতাৰ উলংঘন কৰে আৰু ধৰ্মীয় অনুভূতিত আঘাত কৰে আৰু ৰাজ্যৰ সাম্প্ৰদায়িক সম্প্ৰীতি আৰু শান্তিত গুৰুত্বপূৰ্ণ ক্ষতি কৰে ।

গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত আৰু সচিবগৰাকীয়ে অসমৰ সকলো আইন-বলৱৎকাৰী সংস্থাক আৰু অসম আৰক্ষীৰ বিশেষ শাখা, চি আই ডি, জিলা আৰক্ষী অধীক্ষকসকল আৰু চাইবাৰ অপৰাধ ইউনিটক জাৰি কৰা এই নিৰ্দেশনা কঠোৰভাৱে বলৱৎ কৰিবলৈ আৰু উলংঘনকাৰীৰ বিৰুদ্ধে আইনী পদক্ষেপ ল'বলৈ নিৰ্দেশ জাৰি কৰিছে ।

লগতে পঢ়ক : ২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল