ETV Bharat / state

জুবিন গাৰ্গৰ মৃত্যু ঘটনাত কোনো ব্যক্তি জড়িত হৈ আছে নেকি, ক'ত হৈছিল গাফিলতি- তদন্ত আয়োগত দিব পাৰিব জবানবন্দী

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত কৰিবলৈ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত কমিটী গঠন । তদন্ত আয়োগত দিব পাৰিব জবানবন্দী ।

zubeen gargs death case
জুবিন গাৰ্গ (Roopkar Cine Enterprise)
author img

By ETV Bharat Assamese Team

Published : October 17, 2025 at 7:05 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত গঠিত হোৱা ন্যায়ধীশ সৌমিত্ৰ শইকীয়াৰ এজনীয়া তদন্ত আয়োগত দিব পাৰিব জবানবন্দী । ঘটনাত কোনো ব্যক্তি জড়িত হৈ আছে নেকি ? ক’ত ক’ত হৈছিল গাফিলতি ? ষড়যন্ত্ৰ বা বে-আইনী কাৰকে অৰিহণা যোগাইছিল নেকি ? এই সকলো বিষয় সন্দৰ্ভত ৩ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ পুৱা ১০.৩০ বজাৰ পৰা বিয়লি ৪.০০ বজালৈ দেওবাৰক বাদ দি গ্ৰহণ কৰা হ’ব জবানবন্দী ।

শুকুৰবাৰে এজনীয়া তদন্ত আয়োগৰ সচিব অৰূপ পাঠকৰ স্বাক্ষৰিত এক ৰাজহুৱা জাননী প্ৰকাশ কৰিছে । ৰাজহুৱা জাননী অনুসৰি ছিংগাপুৰত প্রয়াত জুবিন গাৰ্গৰ দুর্ভাগ্যজনক মৃত্যুৰ সৈতে জড়িত তথ্য আৰু পৰিস্থিতি সন্দর্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্র শইকীয়াৰ নেতৃত্বত এখন এজনীয়া তদন্ত আয়োগ গঠন কৰা হৈছে ।

zubeen gargs death case
এজনীয়া তদন্ত আয়োগৰ সচিব অৰূপ পাঠকৰ স্বাক্ষৰিত এক ৰাজহুৱা জাননী (ETV Bharat Assam)

ৰাজহুৱা জাননীত প্ৰকাশ কৰা অনুসৰি,

  • প্রয়াত জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত তথ্য আৰু পৰিস্থিতি সন্দৰ্ভত তদন্ত কৰিব
  • ঘটনাৰ পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী সময়ছোৱাত সংঘটিত হোৱা পৰিঘটনাসমূহৰ ক্ৰম নির্ণয় কৰা
  • ঘটনাৰ সৈতে জড়িত কোনো ব্যক্তি বিশেষ, কর্তৃপক্ষ বা প্রতিষ্ঠানৰ ফালৰ পৰা কোনো ত্রুটি, বাদ দিয়া বা সংঘটিত কৰা কাৰ্য বা গাফিলতি হৈছে নেকি পৰীক্ষা কৰা
  • অন্যায় চক্রান্তৰ সম্ভাৱনীয়তা, ষড়যন্ত্রলবা বে-আইনী কার্য সমন্বিতে কোনো বাহ্যিক কাৰকে ঘটনাত অৰিহণা যোগাইছিল নেকি বা ঘটনাৰ সৈতে জড়িত আছিল নেকি নিৰ্ণয় কৰা হ'ব

যিহেতু তদন্ত চলাবলৈ, আদেশ অনুসৰি এজনীয়া তদন্ত আয়োগে সাক্ষ্য-প্রমাণ, জবানবন্দী আদি লাভ কৰিব, ইয়াৰ দ্বাৰা ওপৰোক্ত চাৰিটা (৪) প্রাসংগিক বিচার্য বিষয়ত উল্লেখ কৰা ধৰণে ঘটনাৰ সৈতে জড়িত তথ্য আৰু পৰিস্থিতি সম্পর্কে জ্ঞান থকা সকলো ব্যক্তিকে জাননী দিয়া হৈছে আৰু তেওঁলোকে উল্লেখ কৰা সময়ত চানমাৰিস্হিত অসম খাদী আৰু গ্রামোদ্যোগ বার্ড, চৌহদত অৱস্থিত ন্যায়াধীশ সৌমিত্র শইকীয়াৰ নেতৃত্বাধীন এজনীয়া তদন্ত আয়োগৰ কাৰ্যালয়ত যথাযথভাৱে নোটাৰিৰ দ্বাৰা প্রত্যায়িত শপতনামাৰ যোগেদি তেওঁলোকৰ জবানবন্দী দাখিল কৰিব পাৰিব ।

zubeen gargs death case
এজনীয়া তদন্ত আয়োগৰ সচিব অৰূপ পাঠকৰ স্বাক্ষৰিত এক ৰাজহুৱা জাননী (ETV Bharat Assam)

ওপৰত উল্লেখ কৰা ধৰণে আয়োগৰ সম্মুখত নিজৰ বক্তব্য দাখিল কৰিব বিচৰা সকলো ব্যক্তিয়ে তেওঁলোকে শপতনামাত উল্লেখ কৰা তথ্যৰ সমর্থনত নথি-পত্ৰৰ এখন তালিকাও দাখিল কৰিব লাগিব ।

zubeen gargs death case
এজনীয়া তদন্ত আয়োগৰ সচিব অৰূপ পাঠকৰ স্বাক্ষৰিত এক ৰাজহুৱা জাননী (ETV Bharat Assam)

যি নথি-পত্ৰৰ ওপৰত তেওঁলোকে নিৰ্ভৰ কৰিবলৈ প্ৰস্তাৱ কৰে আৰু লগতে তেওঁলোকৰ হাতত বা নিয়ন্ত্রণত থকা এনে নথি-পত্ৰৰ মূল বা প্রত্যায়িত প্রতিলিপি দাখিল কৰিব লাগিব আৰু বাকী নথি-পত্ৰসমূহ যাৰ পৰা সংগ্রহ কৰিব পৰা যাব, সেইসকলৰ নাম আৰু ঠিকনাও উল্লেখ কৰিব লাগিব ।

লগতে পঢ়ক : বিশাল নিৰাপত্তাৰক্ষীৰ মাজেৰে জেলযাত্ৰা শেখৰ-অমৃতপ্ৰভাৰ

লগতে পঢ়ক : হিয়াৰ আমঠু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানকলৈ আৰক্ষী আয়ুক্তালয় ফেচবুক পোষ্ট