মেঘালয়ৰ কয়লা খনিত নিহতলৈ ৫ লাখ টকাৰ আৰ্থিক সাহায্য
বিধায়ক কমলাক্ষ দে' পুৰকায়স্থই কাটিগড়া অঞ্চলৰ নিহত আৰু আহত শ্ৰমিকসকলৰ পৰিয়ালক সাক্ষাৎ কৰি এই কথা ঘোষণা কৰে ।

Published : February 6, 2026 at 8:51 PM IST
শিলচৰ : মেঘালয়ৰ অবৈধ কয়লা খনিত সংঘটিত দুৰ্ঘটনাত মৃত্যু হোৱা শ্ৰমিকসকলৰ পৰিয়ালক ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰীৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পৰা প্ৰদান কৰিব ৫ লাখ টকাৰ আৰ্থিক সাহায্য । লগতে শিলচৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন শ্ৰমিকসকলক ৰাজ্য চৰকাৰে বিনামূলীয়া চিকিৎসা প্ৰদান কৰিব ।
বৃহস্পতিবাৰে নিশা উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে' পুৰকায়স্থই কাটিগড়া অঞ্চলৰ নিহত আৰু আহত শ্ৰমিকসকলৰ পৰিয়ালক সাক্ষাৎ কৰি এই কথা ঘোষণা কৰে ।
তেওঁ কয়, "মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অতিৰিক্ত জিলা আয়ুক্ত আৰু চক্ৰ বিষয়াই গোটেই বিষয়টো চোৱা-চিতা কৰিছে । আৰু কেনেকৈ সোনকালে বাকী শ্ৰমিকসকলক তাৰ পৰা উদ্ধাৰ কৰি ঘৰলৈ ঘূৰাই আনিব পাৰে সেই বিষয়ে কাম কৰি আছে ।"
তেওঁ তেওঁ দুৰ্ঘটনাত পতিতসকলৰ পৰিয়ালৰ লোকলৈ গভীৰ শোক আৰু সমবেদনা জনাই কয়, "এনেকুৱা পৰিস্থিতিত চৰকাৰ তেওঁলোকৰ লগত আছে । কালি নিশা ঘটনাস্থলীৰ পৰা পাঁচজন আহত শ্ৰমিকক শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে । তাৰে তিনিজনক বাৰ্ণ ৱাৰ্ডত আৰু দুজনৰ শাৰীৰিক পৰিস্থিতি বেছি বেয়া হোৱা বাবে আই চি ইউত ভৰ্তি কৰোৱা হৈছে ।"
উল্লেখ্য যে দুৰ্ঘটনাত কাটিগড়া অঞ্চলৰ যিসকল শ্ৰমিকৰ মৃত্যু হৈছে তেওঁ লোক হ'ল, পশ্চিম কাটিগড়াৰ বিহাড়া পঞ্চম খণ্ডৰ আনোৱাৰ হুছেইন আৰু দিলোৱাৰ হুছেইন । তেওঁলোক একে মাতৃৰ সন্তান । আনকেইজন হৈছে বিহাৰা হালটিয়াৰ পাৰৰ ফাৰুক আহমেদ, গুড়া ৰাজপুৰৰ পুৰঞ্জন বৈষ্ণৱ আৰু নিকুঞ্জ বৈষ্ণৱ, খেলমা পঞ্চম খণ্ডৰ কৃষ্ণ বৈষ্ণৱ ।
আনহাতে, ঘটনাটোত আহতসকল হৈছে খেলমা অঞ্চলৰ ৰামচন্দ্ৰ বৈষ্ণৱ, বিষ্ণুধন বৈষ্ণৱ, কৃষ্ণধন বৈষ্ণৱ । বিহাড়া অঞ্চলৰ নিমাৰ উদ্দিন আৰু চাইদুৰ ৰহমান ।
উল্লেখ্য যে মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাৰ টাসখাই অঞ্চলৰ এটা কয়লাখনিত বৃহস্পতিবাৰে সংঘটিত হয় এই ভয়ংকৰ বিস্ফোৰণ ৷ এই ঘটনাত এতিয়ালৈকে ১৮ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ ইয়াৰে ৯ জন কাছাৰ জিলাৰ কাটিগড়া অঞ্চলৰ ৷

