সন্মুখত নিৰ্বাচন : দুই মাৰ্চত পুনৰ এহাজাৰ কোটি টকাৰ ঋণ ল’ব ৰাজ্য চৰকাৰে
যোৱা সপ্তাহত হিতাধিকাৰীৰ মাজত ধন বিলোৱাক লৈ ৰাজ্যসমূহক সমালোচনা উচ্চতম ন্যায়ালয়ৰ ৷ তথাপিও ঋণৰ ওপৰত ঋণ লোৱাৰ ক্ষেত্রত অলপো থমকি ৰোৱা নাই অসম চৰকাৰ ।

Published : March 2, 2026 at 10:40 AM IST
গুৱাহাটী: পুনৰ এহাজাৰ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে । নিৰ্বাচনৰ পূৰ্বে এখনৰ পাছত আনখনকৈ হিতাধিকাৰী আঁচনি ৰূপায়ণ কৰিবলৈ অলপো কৃপণালি নকৰা চৰকাৰখনে প্ৰতি মাহে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ ল'বলগীয়া হৈছে ।
জানুৱাৰী মাহৰ পৰা ফেব্ৰুৱাৰী মাহলৈ দুই মাহত ছয়বাৰকৈ সাত হাজাৰ কোটি টকাৰ ঋণ লোৱাৰ পাছত ৰাজ্য চৰকাৰখনে পুনৰ এক হাজাৰ কোটি টকাৰ ঋণ লোৱাৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে । ইতিমধ্যে ৰাজ্যৰ বিত্ত বিভাগে দুই মাৰ্চত এই ঋণ লোৱাৰ বাবে ৰিজাৰ্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে ।
সন্মুখত বিধানসভা নিৰ্বাচন । নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াকৈ ৰাজ্য চৰকাৰখনে বিভিন্ন আঁচনিৰ অধীনত হিতাধিকাৰীৰ মাজত কোটি কোটি টকা বিলাবলৈ আৰম্ভ কৰিছে । ১০ মাৰ্চৰ দিনা ৰাজ্যত ৩৯ লাখ ৭০ হাজাৰ অৰুণোদয় হিতাধিকাৰীক ৰাজ্য চৰকাৰে একেদিনাই ৯০০০ টকাকৈ প্ৰদান কৰিব । ইয়াৰ ফলত একেদিনাই ৰাজকোষৰ পৰা ওলাই যাব ৩৬০০ কোটি টকা ।
জানিব পৰা মতে মাৰ্চ মাহৰ প্ৰথম ভাগত নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ পূৰ্বে তিনি হাজাৰ কোটি টকাৰ ঋণ ল'ব ৰাজ্য চৰকাৰে । কিন্তু চৰকাৰখনে প্ৰতিমাহে লোৱা এই ঋণৰ ধন আন্তঃগাঁথনিমূলক কামৰ বিপৰীতে হিতাধিকাৰীৰ মাজত জনকল্যাণৰ দোহাই দি বিতৰণ কৰি অহাৰ অভিযোগ উত্থাপন হৈছে ।
লক্ষণীয় বিষয় যে ৰাজ্যৰ ঋণৰ বোজা বৃদ্ধি পাই থকাৰ প্ৰতি লক্ষ্য ৰাখি 'কেগে' ঋণৰ ধন জধে-মধে অনুৎপাদনমূলক আৰু হিতাধিকাৰীমূলক আঁচনিত ব্যয় নকৰিবলৈ একাধিকবাৰ আহ্বান জনাই আহিছে । আনকি শেহতীয়াভাৱে যোৱা সপ্তাহত উচ্চতম ন্যায়ালয়েও হিতাধিকাৰীৰ মাজত নগদ ধন বিলোৱাক লৈ ৰাজ্যসমূহক সমালোচনা কৰিছে । কিন্তু তথাপিও ঋণৰ ওপৰত ঋণ লোৱাৰ ক্ষেত্রত অলপো থমকি ৰোৱা নাই অসম চৰকাৰ ।
শেহতীয়াকৈ ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা তথ্য মতে ২০১৬ চনৰ ৩১ মাৰ্চ পর্যন্ত ৰাজ্যৰ মুঠ ঋণৰ পৰিমাণ আছিল ৪১,৯৬৪ কোটি টকা । আনহাতে ২০২৫ বৰ্ষৰ ৩১ মাৰ্চলৈকে মুঠ ঋণৰ পৰিমাণ হ'লগৈ ১,৭৭,৯৮৩ কোটি টকা । সেই অনুসৰি ৩১ মাৰ্চত চলিত বিত্তীয় বৰ্ষটোৰ সামৰণিত ৰাজ্য চৰকাৰৰ ঋণৰ পৰিমাণ আৰু অধিক বৃদ্ধি পাব । অসম চৰকাৰে ২০২২-২৩ বৰ্ষত ৬,৮৭৫ কোটি টকা, ২০২৩-২৪ বৰ্ষত ৮,১৩৯ কোটি টকা আৰু ২০২৪-২৫ বৰ্ষত ৯,৪৬৮ কোটি টকা কেৱল সুদৰ নামতেই ভৰিবলগীয়া হৈছে ।
উল্লেখ্য যে যোৱা জানুৱাৰী মাহত তিনিবাৰত তিনি হেজাৰ কোটি টকা আৰু ফেব্ৰুৱাৰী মাহত তিনিবাৰত চাৰি হেজাৰ কোটি টকাসহ মুঠ ৭ হাজাৰ কোটি টকা ঋণ লোৱা অসম চৰকাৰে মাৰ্চ মাহৰ আৰম্ভণিতে ২ তাৰিখে ল'ব এহাজাৰ কোটি টকাৰ ঋণ । নিৰ্বাচনৰ পূৰ্বে হিতাধিকাৰীমূলক আঁচনিৰ ওপৰত আঁচনি ৰাজ্য চৰকাৰে ঘোষণা আৰু ৰূপায়ণ কৰি আহিছে । অৰুণোদয়ৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আৰু আত্মনিৰ্ভৰ অসম আঁচনিৰ উপৰি স্কুটী উপহাৰ আদি বহু নগদ ধনৰ আঁচনিৰে নিৰ্বাচনী চমক দিছে অসম চৰকাৰে । যাৰ ফলত ৰাজকোষৰ পৰা ওলাই গৈছে বুজন পৰিমাণৰ পুঁজি ।
চলিত বৰ্ষত অসম চৰকাৰে লোৱা ঋণৰ পৰিমাণ
১. ৬ জানুৱাৰীত এহাজাৰ কোটি টকা
২. ১৩ জানুৱাৰীত এহাজাৰ কোটি টকা
৩. ২০ জানুৱাৰীত এহাজাৰ কোটি টকা
৪. ৩ ফেব্ৰুৱাৰীত এহাজাৰ কোটি টকা
৫. ১২ ফেব্ৰুৱাৰীত এহাজাৰ কোটি টকা
৬. ১৭ ফেব্ৰুৱাৰীত দুই হাজাৰ কোটি টকা
৭. ২ মাৰ্চত ল'ব এহাজাৰ কোটি টকা
লগতে পঢ়ক: জন আশীৰ্বাদ যাত্ৰাত হাতী-বুলড'জাৰত উঠি ৰাইজে আদৰিলে মুখ্যমন্ত্ৰীক

