২৬ মে’ৰ পিছত ১৬ জুন ! অসম চৰকাৰৰ নামত পুনৰ এহাজাৰ কোটি টকাৰ ঋণ
এই ঋণ লোৱাৰ বাবে বিত্ত বিভাগে ৰিজাৰ্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে । চৰকাৰী ষ্টক নিলামৰ জৰিয়তে দহ বছৰৰ বাবে লোৱা হ’ব এই ঋণ ।

Published : June 14, 2026 at 8:08 PM IST
গুৱাহাটী: পুনৰ ঋণ ল’ব মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে । বিগত কাৰ্যকালত ঋণৰ ওপৰত ঋণ লোৱা চৰকাৰখনে এইবাৰো একেই প্ৰক্ৰিয়া অব্যাহত ৰাখিছে । ৰাজ্য চৰকাৰখনে পুনৰ এহেজাৰ কোটি টকাৰ ঋণ লোৱাৰ সিদ্ধান্ত লৈছে । সেই অনুসৰি ১৬ জুনত এই ঋণ লোৱাৰ বাবে বিত্ত বিভাগে ইতিমধ্যে ৰিজাৰ্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে । চৰকাৰী ষ্টক নিলামৰ জৰিয়তে দহ বছৰৰ বাবে লোৱা হ’ব এই ঋণ ।
লক্ষণীয় বিষয় যে বিগত মে’ মাহত ৰাজ্য চৰকাৰখনে ১,৭৫০ কোটি টকাৰ ঋণ লৈছিল । দ্বিতীয়বাৰৰ বাবে শাসনভাৰ লোৱা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে ২৬ মে'ত ৭৫০ কোটি টকাৰ ঋণ লৈছিল । আনকি যোৱা ১২ মে'ত নৱনিৰ্বাচিত চৰকাৰখনে শপত গ্ৰহণ কৰাৰ দিনাখনেই এহাজাৰ কোটি টকাৰ ঋণ লৈছিল ৷ ইয়াৰ পিছত ২৬ মে’ত ৭৫০ কোটি টকাৰ ঋণ লৈছিল ।
এইবাৰ পুনৰ ১৬ জুনত চৰকাৰখনে এহাজাৰ কোটি টকাৰ ঋণ ল’ব । ইয়াকে ধৰি এতিয়ালৈকে ৰাজ্য চৰকাৰখনে লোৱা ঋণৰ পৰিমাণে দুই লাখ কোটি টকাৰ ঘৰ অতিক্ৰম কৰিছে । ৰাজ্য চৰকাৰখনে উন্নয়নমূলক প্রকল্প, আন্তঃগাঁথনি নিৰ্মাণ আৰু বিভিন্ন কল্যাণমূলক আঁচনিৰ বাবে ঋণ লোৱাৰ কথা প্ৰকাশ কৰি আহিছে যদিও বিৰোধী পক্ষই ঋণৰ ধনেৰে হিতাধিকাৰী আঁচনি ৰূপায়ণ কৰা বুলিহে অভিযোগ উত্থাপন কৰি আহিছে ।
আনহাতে, ঋণৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগে লগে সুদৰ পৰিমাণো বৃদ্ধি পাইছে । স্বাধীনতাৰ পাছত ২০১৬ চনলৈকে ৬৯ বছৰত অসমৰ মুঠ ঋণ আছিল প্ৰায় ৪১,৯৬৪ কোটি টকা । সৰ্বানন্দ সোণোৱাল চৰকাৰৰ ৫ বছৰত মুঠ ঋণৰ পৰিমাণ হৈছিল প্ৰায় ৪৭,৭৪৫ কোটি টকা ।
আনহাতে, ৰিজাৰ্ভ বেংকৰ আন এক তথ্য অনুসৰি বিজেপি চৰকাৰৰ দুটা কাৰ্যকালত ৰাজ্যখনৰ মুঠ ঋণৰ পৰিমাণ প্রায় ১,৭৮,০০০ কোটি টকালৈ বৃদ্ধি হৈছিল । এতিয়া এই পৰিমাণ দুই লাখ কোটি টকা অতিক্রম কৰিছে । এই হিচাপত বৰ্তমান মুঠ ঋণৰ পৰিৱৰ্তে অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ মূৰৰ ওপৰত জনমূৰি ঋণৰ বোজা হৈছেগৈ প্ৰায় ৪৬ হাজাৰ টকা ।
লক্ষণীয় বিষয় যে ‘কেগ’ৰ প্ৰতিবেদনত অনুৎপাদনমূলক কামত চৰকাৰী ধন ব্যয় নকৰিবলৈ বাৰম্বাৰ সোঁৱৰাই দিয়াৰ পাছতো চৰকাৰখনে অসংখ্য হিতাধিকাৰী আঁচনি ৰূপায়ণ কৰি আহিছে । ঋণ লোৱাৰ ক্ষেত্রত অলপো কৃপণালি নকৰা বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰখনে বিগত ৫ বছৰীয়া কাৰ্যকালত ঋণলৈ একপ্ৰকাৰ অভিলেখ গঢ়িলে । বিশাল পৰিমাণৰ ঋণ লোৱাৰ পিছতো অব্যাহত আছে ঋণ লোৱাৰ প্ৰক্ৰিয়া । যেন ঋণৰ অবিহনে অসম চৰকাৰৰ গতি নাই ।
২০২৫-২৬ বৰ্ষৰ বাজেট দাখিল কৰাৰ সময়ত তদানীন্তন বিত্ত মন্ত্ৰী অজন্তা নেওগে ৰাজ্যৰ উন্নয়নমূলক কাম অব্যাহত ৰাখিবলৈ বৃহৎ বিনিয়োগৰ প্ৰয়োজনীয়তাৰ লগতে ঋণৰ কথা উল্লেখ কৰিছিল ।
মন কৰিবলগীয়া কথা যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰে নিৰ্ধাৰিত সীমাতকৈ বহু তলত ঋণ লোৱা সত্ত্বেও বিজেপি চৰকাৰখনে সূতা-কম্বল বিতৰণৰ নামতেই তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰে ৰাজকোষৰ ওপৰত ধাৰৰ বোজা থৈ যোৱা বুলি সমালোচনা কৰিছিল । আনকি শাসনলৈ আহিয়েই বিজেপিয়ে বিত্তীয় পৰিস্থিতিক লৈ শ্বেতপত্ৰও প্ৰকাশ কৰিছিল । কিন্তু এতিয়া সেই বিজেপিৰ শাসনকালত সৰ্বাধিক ঋণ লোৱা হৈছে ৷
লগতে পঢ়ক: কলগাছিয়া আৰক্ষীৰ জালত হত্যাকাণ্ডত অভিযুক্ত পিতা-পুত্ৰ, ৰাইজৰ প্ৰতিবাদ অব্যাহত

