ঋণৰ ওপৰত ঋণ : ২০ জানুৱাৰীত পুনৰ ১০০০ কোটি টকাৰ ঋণ ল'ব চৰকাৰে
এটা মাহতে ৩ বাৰকৈ ঋণ ল'বলৈ ওলাইছে অসম চৰকাৰে । প্ৰতিগৰাকী নাগৰিকৰ মূৰত ঋণৰ বোজা প্রায় ৪২ হাজাৰ টকালৈ বৃদ্ধি পাইছে ।

Published : January 19, 2026 at 7:40 AM IST
গুৱাহাটী : নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অসম চৰকাৰৰ ঋণ লোৱাৰ প্ৰকোপো বৃদ্ধি পাইছে । চলিত জানুৱাৰী মাহৰ ৬ জানুৱাৰীত ১০০০ কোটি টকা আৰু ১৩ জানুৱাৰীত ১০০০ কোটি টকাৰ ঋণ লোৱাৰ পাছত ৰাজ্য চৰকাৰখনে পুনৰ ২০ জানুৱাৰীত ১০০০ কোটি টকাৰ ঋণ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । অৰ্থাৎ এটা মাহত তিনি-চাৰিবাৰকৈ ঋণ ল'বলগীয়া হৈছে । ৰাজ্যিক ঘৰুৱা উৎপাদন তথা এফ আৰ বি এম আইনৰ নিৰ্ধাৰিত সীমাৰেখাৰ ভিত্তিত অসম চৰকাৰে ঋণ লোৱা বুলি যুক্তি দেখুওৱা হৈছে ।
কিন্তু মন কৰিবলগীয়া কথা এয়াই যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰে নিৰ্ধাৰিত সীমাতকৈ বহু তলত ঋণ লোৱা সত্ত্বেও বিত্ত মন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দুই-তিনিখন বাজেট ভাষণত বৰ্তমানৰ মুখ্যমন্ত্রীয়ে সূতা-কম্বল বিতৰণৰ নামতেই তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰে ৰাজকোষৰ ওপৰত ধাৰৰ বোজা থৈ যোৱা বুলি সমালোচনা কৰিছিল । এতিয়া সেইগৰাকীৰ শাসনকালত বিগত ৫ বছৰত সর্বাধিক ঋণ লোৱা হৈছে ।
চলিত বৰ্ষৰ প্ৰথম মাহটোৰ ১৩ টা দিনতে লোৱা দুহাজাৰ কোটি টকাৰে পৰিস্থিতি জোৰা মাৰিব নোৱাৰি অহা ২০ জানুৱাৰীত পুনৰ মুকলি বজাৰৰ পৰা ১০০০ কোটি টকাৰ ঋণ বিচাৰি ৰিজাৰ্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিবলগীয়া হৈছে । আনহাতে মাহৰ শেষ সপ্তাহত আৰু ১০০০ কোটি টকাৰ ঋণ লোৱাৰ সম্ভাৱনা আছে । উল্লেখ্য যে বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰিৰ পূৰ্বে চৰকাৰী বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম-কাজৰ বিপৰীতে পুঁজি মোকলাই দিয়াৰ বিষয়টো একাষৰীয়া কৰি ৰাখি পোনপটীয়াকৈ নগদ ধনেৰে উপকৃত হোৱা হিতাধিকাৰী আঁচনিকেইখনৰ ৰূপায়ণত হে অধিক গুৰুত্ব দিছে চৰকাৰখনে । যাৰ বাবে লাগতিয়াল পুঁজিৰ জোৰা মাৰিবলৈ সঘনাই ঋণ ল'বলগীয়া হৈছে ।
লক্ষণীয় বিষয় যে চৰকাৰখনে অহা ৫ ফেব্ৰুৱাৰীৰ ভিতৰত উদ্যমিতা আঁচনিৰ অধীনত ৩২ লাখ মহিলাক ১০ হাজাৰ টকাকৈ বিতৰণৰ কাম সম্পূৰ্ণ কৰিব আৰু ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ ব্যয় হ'ব ৩২০০ কোটি টকা । সেইদৰে অহা ২০ ফেব্ৰুৱাৰীত অৰুণোদয় আঁচনিৰ ৪০ লাখ হিতাধিকাৰীৰ মাজত গাইপতি ৮ হাজাৰ টকাকৈ বিতৰণৰ বাবেও ৩,২০০ কোটি টকাৰ প্ৰয়োজন ।
আনহাতে অহা ৬ ফেব্ৰুৱাৰীত আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত নিবনুৱা যুৱক-যুৱতীৰ মাজত প্ৰথম কিস্তি হিচাপে ১ লাখ টকাকৈ বিতৰণ কৰা হ'ব । তদুপৰি ২৫ জানুৱাৰীত 'এটি কলি দুটি পাত' আঁচনিৰ নামত চাহ শ্ৰমিকসকলৰ মাজত ৫ হাজাৰ টকাকৈ আগবঢ়োৱা হ'ব । অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰতে জীৱন অনুপ্ৰেৰণা আঁচনি, জীৱন প্ৰেৰণা আঁচনি, কৃষক আঁচনি, নিযুত বাবু আঁচনি আদিৰ দৰে আঁচনিৰ পুঁজিও বিতৰণ কৰা হ'ব । নিৰ্বাচনৰ পূৰ্বে বিভিন্ন আঁচনিৰ নামত হিতাধিকাৰীৰ মাজত বিতৰণ কৰা হ'ব পুঁজি ।
লক্ষণীয় বিষয় যে ৰাজ্য চৰকাৰৰ নিজাববীয়া কৰ ৰাজহেৰে এই আঁচনিসমূহ কাৰ্যকৰী কৰা সম্ভৱ নোহোৱা হেতুকেই চলিত মাহৰ ২০ দিনৰ ভিতৰতে ৩ হাজাৰ কোটি টকাৰ ঋণ ল'বলৈ বাধ্য হৈছে । সেইমৰ্মে চলিত ২০২৫-২৬ বিত্তীয় বৰ্ষত চৰকাৰখনে লোৱা ঋণৰ পৰিমাণ ২০ হাজাৰ কোটি টকালৈ বৃদ্ধি পাইছে । ইয়াৰ ফলত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৫ বছৰীয়া কাৰ্যকালত লোৱা ঋণৰ পৰিমাণে এক লাখ কোটি টকা হৈছে ।
উল্লেখ্য যে ২০১৬ চনৰ ৩১ মাৰ্চ পৰ্যন্ত ৰাজ্যৰ মুঠ ঋণৰ পৰিমাণ আছিল ৪১,৯৬৪ কোটি টকা আৰু ৰিজাৰ্ভ বেংকৰ পৰিসংখ্যা মতেই যোৱা ২০২৫ বৰ্ষৰ ৩১ মাৰ্চলৈকে মুঠ ঋণৰ পৰিমাণ হ'লগৈ ১,৭৭,৯৮৩ কোটি টকা । সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত ঋণৰ বোজা বৃদ্ধি হৈ ২০২১ চনত ৮৯,৭০৯ কোটি টকা হৈছিল । কিন্তু ২০২১ চনত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্রহণ কৰি ড৹ হিমন্ত বিশ্ব শৰ্মাই ঋণ লোৱাৰ ক্ষেত্ৰত ইমানেই গুৰুত্ব দিলে যে ২০২১ চনৰ পৰা ২০২৫ চনলৈ অসম চৰকাৰৰ ঋণৰ বোজা হৈছেগৈ ১,৭৭,৯৮৩ কোটি টকা । এতিয়া সেই পৰিমাণ আৰু অধিক বৃদ্ধি পালে ।
আজিৰ তাৰিখত অসমৰ প্ৰতিজন নাগৰিকৰ মূৰৰ ওপৰত থকা ঋণৰ বোজা প্রায় ৪২ হাজাৰ টকালৈ বৃদ্ধি পাইছে । এনে পৰিস্থিতিত ইমান বৃহৎ পৰিমাণৰ ঋণ লোৱাৰ ফলত ভৱিষ্যতে দেখা দিব পৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেগে ঋণৰ ওপৰত নিৰ্ভৰশীলতা পৰিহাৰ কৰিবলৈ ৰাজ্য চৰকাৰখনক পৰামৰ্শ দিছে । কিন্তু এনে পৰামৰ্শক অলপো গুৰুত্ব দিয়া নাই ৰাজ্য চৰকাৰখনে ।
ইফালে প্রতি মাহে কোটি কোটি টকা ঋণ লোৱাৰ ফলত সুদৰ নামতে বছৰি হাজাৰ হাজাৰ কোটি টকা চৰকাৰখনে পৰিশোধ কৰিবলগীয়া হৈছে । ২০২৪-২৫ বৰ্ষত ৯,৪৬৮ কোটি টকা সুদৰ নামত ভৰিবলগীয়া হৈছে ৰাজ্য চৰকাৰখনে । সকলোতকৈ ডাঙৰ কথা যে ৰাজ্য চৰকাৰে লোৱা এই ঋণৰ ধন ৰাজ্যৰ বিকাশৰ ক্ষেত্ৰত ব্যয় কৰাতকৈ হিতাধিকাৰী আঁচনি ৰূপায়ণত ব্যয় কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে । মুঠৰ ওপৰত ৰাজ্য চৰকাৰখনে ঋণ লৈ হ'লেও ঘিউ খোৱা নীতি গ্ৰহণ কৰাৰ ফলত এতিয়া ঋণৰ বোজাত ৰাজ্যবাসীৰ কঁকাল বেঁকা হৈ পৰিছে ।
লগতে পঢ়ক :প্ৰধানমন্ত্ৰী মোৰ পুৰণা বন্ধু, দুবাৰ হেণ্ডচেক কৰিছে : হাগ্ৰামা মহিলাৰী

