ETV Bharat / state

ফাষ্টট্ৰেক আদালতত হ’ব জুবিন মৃত্যু গোচৰৰ বিচাৰ

জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ নিৰ্মাণৰ বাবে সমিতি গঠন ৷ অসম চৰকাৰৰ কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

Assam Cabinet decided For FastTrack Court of Zubeen Death Case
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : October 16, 2025 at 9:08 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : অসম চৰকাৰৰ কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত । অসমৰ প্ৰাণ স্পন্দন সংগীতৰ মহানায়ক জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ বাবে বিচাৰ চলোৱা হ’ব ফাষ্টট্ৰেক আদালতৰ জৰিয়তে । লগতে অসম চৰকাৰে কেবিনেট সিদ্ধান্ত লৈ গঠন কৰে গুৱাহাটীৰ খানাপাৰাৰ সমীপৱৰ্তী জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰৰ বাবে এখন কমিটী ।

বৃহস্পতিবাৰে অসম সচিবালয়ৰ জনতা ভৱনত হোৱা কেবিনেট বৈঠকৰ পিছতেই সংবাদমেলযোগে এই দুই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

  • ফাষ্টট্ৰেক আদালতত হ’ব জুবিন মৃত্যু গোচৰৰ বিচাৰ :

জুবিন মৃত্যু গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্টট্ৰেক আদালতত কৰিবৰ বাবে কেবিনেটে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ সৈতে যোগাযোগ কৰিবৰ বাবে মুখ্যমন্ত্ৰীক দায়িত্ব অৰ্পণ কৰে । জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ অভিযোগনামা নৱেম্বৰ মাহৰ শেষ নাইবা ডিচেম্বৰ মাহৰ আৰম্ভণিতেই দাখিল কৰিব এছআইটিয়ে ।

এই ইংগিত দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসম চৰকাৰৰ কেবিনেটে অভিযোগনামা দাখিলৰ লগে লগে যাতে ফাষ্টট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হয়, তাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশেৰে যোগাযোগ কৰিবৰ বাবে দায়িত্ব অৰ্পণ কৰে ।

ফাষ্টট্ৰেক গঠন সন্দৰ্ভত সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “নৱেম্বৰ মাহৰ পিছত যিকোনো সময়তে শ্বাৰ্জশ্বীট দাখিল কৰিব পাৰিব । কেবিনেটে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক এটা অনুৰোধ জনাবলৈ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে । যাতে ফাষ্টট্ৰেক আদালতত ন্যায় প্ৰদানৰ প্ৰক্ৰিয়া খুব সোনকালে হ’ব পাৰে ৷ সকলোৱে সোনকালে ন্যায় বিচাৰিছে । ন্যায় আদালতে প্ৰদান কৰে । ন্যায়ালয়ত কিছু সময় লাগে । ৰাইজে সেই সময় দিব বিচৰা নাই ৷ সেয়ে আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে যে মুখ্যমন্ত্ৰীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশৰ লগত যোগাযোগ কৰিব । যি মুহূৰ্ততে আমি চাৰ্জশ্বীট দাখিল কৰিব পৰা হ’ম তাৰ লগে লগেই যাতে ফাষ্টট্ৰেক আদালত পাওঁ । য’ত প্ৰতিদিনেই যাতে বিচাৰৰ শুনানি হ’ব পাৰে ।”

ইয়াৰ উপৰিও ফাষ্টট্ৰেক আদালতত গোচৰটোত অসম চৰকাৰে এজন বিশেষ লোক অধিবক্তা নিয়োগ কৰিবৰ বাবে অসম চৰকাৰৰ কেবিনেটে বৃহস্পতিবাৰে সিদ্ধান্ত গ্ৰহণ কৰে । এই বিষয়েও সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “ৰাজ্য চৰকাৰৰ মহাধিবক্তাৰ লগত আলোচনা কৰি আমি এজন বিশেষ লোক অধিবক্তা আমি নিয়োগ কৰিম যি গোচৰটোৰ অভিযোগনামা দাখিল কৰাৰ পৰা আৰম্ভ কৰি গোচৰটোৰ ৰায়দান কৰালৈকে তেওঁ যাতে এই কামটোতে লাগি থাকিব পাৰে ৷ সেয়ে কেবিনেটে এই গোচৰটোৰ বাবে এজন বিশেষ লোক অধিবক্তা নিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷”

  • জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ বাবে কমিটী গঠন:

সমগ্ৰ ৰাজ্যবাসী আৰু জুবিন গাৰ্গৰ গুণমুগ্ধ সকলৰ বাবে এক তীৰ্থক্ষেত্ৰত পৰিণত হৈছে জুবিন গাৰ্গৰ গুৱাহাটীৰ সোণাপুৰৰ সমাধি থল ৷ সকলোৱেই বিচাৰ ইয়াত এখন সৌষ্ঠৱপূৰ্ণ সুন্দৰ সমাধিক্ষেত্ৰ নিৰ্মাণ হওক । ৰাজ্যবাসীৰ বিভিন্ন চৰ্চাৰ মাজতে অসম চৰকাৰে জুবিন সমাধিক্ষেত্ৰৰ বাবে গঠন কৰিলে ১২ জনীয়া সমিতি । এই সমিতিত থাকিব জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰ ।

কেবিনেট সিদ্ধান্ত লৈ গঠন কৰা সমিতিখনত আছে তৰালী শৰ্মা, পুলক বেনাৰ্জী, গৰিমা শইকীয়া গাৰ্গ, পামী বৰঠাকুৰ, পাৰ্থ সাৰথি মহন্ত, দুলাল মানকী, বীৰেন সিংহ, শ্যামন্ত গৌতম, অনুৰাধা শৰ্মা পূজাৰী, সুদৰ্শন ঠাকুৰ, প্ৰাঞ্জল শইকীয়া ৷

এই সমাধি ক্ষেত্ৰ নিৰ্মাণৰ বাবে অসম লোকনিৰ্মাণ বিভাগক সমাধিক্ষেত্ৰ নিৰ্মাণৰ দায়িত্ব অৰ্পণ কৰা হৈছে । এই সমাধিক্ষেত্ৰৰ নিৰ্মাণ প্ৰসংগত মুখ্যমন্ত্ৰী শৰ্মাই কয়, “যোৱা এমাহ ধৰি দৰ্শনাৰ্থী বা অনুৰাগীসকল গৈ থকা বাবে সমাধিথলীৰ স্থায়ী নিৰ্মাণৰ কাৰণে আমি আগবঢ়া নাছিলো । সমাধিটোৰ স্থায়ী নিৰ্মাণৰ বাবে দায়িত্ব দিয়া হৈছে অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগক । লোক নিৰ্মাণ বিভাগে স্থায়ী সমাধিক্ষেত্ৰ নিৰ্মাণৰ বাবে পৰিকল্পনা যুগুত কৰিব । সেই পৰিকল্পনাক চূড়ান্ত ৰূপ দিবলৈ এখন সমিতি গঠন কৰা হ’ব । এই সমিতিখনে অনুমোদন জনোৱাৰ পিছতহে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিব পাৰিব ৷”

লগতে পঢ়ক : জুবিনৰ মৃত্যুৰ আবেগক ৰাজনীতিলৈকে ৰূপান্তৰ কৰিব নালাগে: মুখ্যমন্ত্রী

লগতে পঢ়ক : জুবিনৰ মৃত্যু তদন্ত: ২০ অক্টোবৰত ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT, নেতৃত্ব দিব মুন্না প্ৰসাদ গুপ্তাই