বিধানসভাত উত্থাপন উমৈহতীয়া দেৱানী বিধি বিধেয়ক ২০২৬
বিৰোধীৰ প্ৰতিবাদৰ মাজতেই বিধানসভাত উত্থাপন উমৈহতীয়া দেৱানী বিধি, অসম বিধেয়ক ২০২৬ ৷ মুখ্যমন্ত্ৰীৰ শৰ্মাৰ হৈ মন্ত্ৰী অতুল বৰাই উত্থাপন কৰে বিধেয়কখন ৷

Published : May 25, 2026 at 1:02 PM IST
হায়দৰাবাদ: অসম বিধানসভাৰ ষষ্ঠদশ অধিৱেশনৰ সোমবাৰে তৃতীয় দিনা সদনত উমৈহতীয়া দেৱানী বিধি, অসম বিধেয়ক ২০২৬ খন উত্থাপন কৰা হয় ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ মন্ত্রী অতুল বৰাই বিধানসভাত বিধেয়কখন উত্থাপন কৰে । মন্ত্ৰী বৰাই সদনত কয়, "মাননীয় অধ্যক্ষ মহোদয়, মাননীয় মুখ্যমন্ত্ৰীৰ হৈ আপোনাৰ অনুমতি সাপেক্ষে মই দ্য ইউনিয়ন চিভিল ক’ড আছাম বিল ২০২৬ সদনত উত্থাপন কৰিলো ৷"
উমৈহতীয়া দেৱানী বিধি, অসম বিধেয়ক ২০২৬ খন বিধানসভাত সম-নাগৰিক সংহিতা-২০২৬ বিধেয়ক নামেৰে উত্থাপন কৰা হয় ৷ বিধেয়কখন বিধানসভাত উত্থাপন কৰাৰ পাছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা সামাজিক মাধ্যম ফেচবুকত পোষ্ট কৰি এই বিষয়ে অৱগত কৰে ৷ মখ্যমন্ত্ৰী শৰ্মাই কয়, "অসমত সম অধিকাৰ, সম ন্যায় আৰু সংবিধানৰ সম মূল্যবোধ নিশ্চিত কৰাৰ লক্ষ্যৰে সম নাগৰিক সংহিতা-২০২৬ বিধেয়ক এক গুৰুত্বপূৰ্ণ পদক্ষেপ । আজি অসম বিধানসভাত এই বিধেয়ক উত্থাপনে এনে এক গঠনমূলক আৰু ঐতিহাসিক আলোচনাৰ পথ মুকলি কৰিলে, যাৰ ভেটি বহু পূৰ্বেই আমাৰ সংবিধান প্ৰণেতাসকলে নিৰ্ধাৰণ কৰি থৈ গৈছিল ।"
ইফালে কংগ্ৰেছ, ৰাইজৰ দল, তৃণমূল কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে এই বিধেয়কখন অসম বিধানসভাত উত্থাপনৰ বিৰোধিতা কৰি আহিছিল ৷ বিৰোধী দলসমূহে বিধেয়কখন উত্থাপনৰ পূৰ্বে সকলো পক্ষৰ সৈতে ব্যাপক আলোচনাৰ দাবী জনায় । উল্লেখ্য যে, অসমত এনডিএই তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন তথা মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত ২০ মে’ বুধবাৰে দিছপুৰৰ লোকসেৱা ভৱনত প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হয় । সেই কেবিনেট বৈঠকতে ইউচিচিত অনুমোদন জনোৱা হৈছিল ৷ সেই অনুসৰি আজি অসম বিধানসভাত বিধেয়কখন উত্থাপন কৰা হয় ৷
#WATCH | Guwahati, Assam | Assam Parliamentary Affairs Minister Atul Bora says, " i have tabled the ucc bill on behalf of the cm today in the house. the cm committed that if he comes to power again, the bill will be tabled in the first session and that has happened today." https://t.co/oYCDEOzzLC pic.twitter.com/yC1I19eLme
— ANI (@ANI) May 25, 2026
কংগ্ৰেছ, ৰাইজৰ দল, তৃণমূল কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে এই বিধেয়কখন অসম বিধানসভাত উত্থাপনৰ বিৰোধিতা কৰি আহিছিল ৷ বিৰোধী দলসমূহে বিধেয়কখন উত্থাপনৰ পূৰ্বে সকলো অংশীদাৰৰ সৈতে ব্যাপক আলোচনাৰ দাবী জনায় । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে উমৈহতীয়া দেৱানী বিধিৰ প্ৰয়োজনীয়তাক লৈ প্ৰশ্ন উত্থাপন কৰি এই পদক্ষেপ বিজেপিৰ ৰাজনৈতিক এজেণ্ডাৰ অংশ বুলি অভিযোগ কৰে ।
#WATCH | Guwahati, Assam | On UCC Bill, Working President of the Assam Pradesh Congress Committee (APCC), Jakir Hussain Sikdar says, “We already asked why it is needed? The parties of Assam should have been consulted, which was not done. UCC is a political agenda of the BJP...… pic.twitter.com/XD1OXJ7a67
— ANI (@ANI) May 25, 2026
তেওঁ এএনআইক কয়, "আমি ইতিমধ্যে সুধিছিলোঁ যে ইয়াৰ প্ৰয়োজন কি । অসমৰ জনতা, ৰাজনৈতিক-অৰাজনৈতিক দলৰ লগত আলোচনা হ'ব লাগিছিল, যিটো নহ'ল । ইউচিচি কেৱল বিজেপিৰ ৰাজনৈতিক এজেণ্ডা । ইয়াৰ পৰা অসমৰ জনসাধাৰণে কি লাভ হ’ব ? চৰকাৰে সেইয়া ক’ব লাগিব ৷"
#WATCH | Guwahati, Assam | On UCC Bill, Congress MLA AK Rasheed Alam says, " we will have to see what provisions it has, whether it is needed or not, what are its merits and demerits. we can only know this after the protests."
— ANI (@ANI) May 25, 2026
on fuel price hike, he says, "just look at how it… pic.twitter.com/RyowaNvR2S
ইফালে কংগ্ৰেছৰ বিধায়ক এ কে ৰছিদ আলমে কয়, "আমি চাব লাগিব ইয়াৰ কি বিধান আছে, ইয়াৰ প্ৰয়োজন আছে নে নাই ৷ ইয়াৰ সুবিধা আৰু অসুবিধা কি । আমি উত্থাপন হোৱাৰ পিছতহে জানিব পাৰিম ।"
লগতে পঢ়ক : বিধানসভাত উত্থাপনৰ পূৰ্বে কেবিনেটত অনুমোদন ইউচিচি, বৃহস্পতিবাৰৰ পৰা অসম বিধানসভাৰ অধিৱেশন

