প্ৰশাসনিক সমিধানৰ বাবে স্থাপন কৰা হ'ব কৃত্ৰিম বুদ্ধিমত্তা উৎকৰ্ষ কেন্দ্ৰ : কেশৱ মহন্ত
তথ্য প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত গুগলৰ সৈতে গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তি স্বাক্ষৰ ৰাজ্য চৰকাৰৰ । ৰাজ্য প্ৰশাসনত বহুল প্ৰয়োগ হ'ব কৃত্ৰিম বুদ্ধিমত্তাৰ ।

Published : November 11, 2025 at 10:59 PM IST
গুৱাহাটী: ৰাজ্যৰ জনসাধাৰণলৈ অধিক স্বচ্ছতা আৰু ক্ষীপ্ৰতাৰ লগতে নিয়াৰিকৈ ৰাজহুৱা সেৱাসমূহ উপলব্ধ কৰাত সহায়ক হোৱাকৈ প্ৰশাসনত কৃত্ৰিম বুদ্ধিমত্তাৰ বহুল প্ৰয়োগত গুৰুত্ব আৰোপ কৰিছে অসম চৰকাৰে । সমান্তৰালকৈ অসমক 'উত্তৰ পূৰ্বাঞ্চলত ভাৰতৰ এ আই হাব' ৰূপে প্ৰতিষ্ঠাৰ বাবেও প্ৰয়োজনীয় কাৰিকৰী সামৰ্থ আহৰণ আৰু আন্তঃগাঁথনিৰ বিকাশত চৰকাৰে বিশেষভাৱে মনোনিৱেশ কৰিছে ।
এইক্ষেত্ৰত এক মহত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি তথ্য প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্ত আৰু ৰাজ্যৰ মুখ্য সচিব ড৹ ৰবি কোটাৰ উপস্থিতিত ৰাজ্য চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগে গুগলৰ সৈতে 'প্ৰশাসনত কৃত্ৰিম বুদ্ধিমত্তা' বিষয়ক এখন অতি গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰে । গুৱাহাটীত আয়োজন কৰা এক অনুষ্ঠানত ৰাজ্য চৰকাৰৰ হৈ তথ্য প্ৰযুক্তি বিভাগৰ প্ৰধান সচিব গোপীনাথ নাৰায়ণ আৰু গুগল ক্লাউডৰ ভাৰতৰ সঞ্চালক তথা দেশীয় প্ৰমুখ আশীষ ৱাট্টালে এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে ।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি তথ্য প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই কয়, ‘‘অসমৰ ভৱিষ্যতৰ বাবে অতি গুৰুত্বপূৰ্ণ এই বুজাবুজি চুক্তিৰ জৰিয়তে গুগল ক্লাউডে অসম চৰকাৰৰ বিভাগসমূহৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ সামৰ্থ বিকশিত কৰাৰ লগতে বিষয়াসকলৰ কৰ্মনিপুণতা বৃদ্ধি আৰু নাগৰিকসকললৈ চৰকাৰৰ সেৱাসমূহ অধিক সূচাৰু তথা খৰতকীয়াকৈ বিতৰণত সুবিধা হোৱাকৈ কৃত্ৰিম বুদ্ধিমত্তাৰ অত্যাধুনিক তথ্য-প্ৰযুক্তি আধাৰ গঢ়ি তোলাত অসম চৰকাৰক কাৰিকৰী সহযোগিতা আগবঢ়াব ।’’
তদুপৰি বুজাবুজি চুক্তিখনৰ অধীনত অসম চৰকাৰৰ প্ৰশাসন ব্যৱস্থাক কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত আৰু অধিক জনমুখী আৰু কাৰ্যদক্ষ কৰি তুলিব পৰাকৈ ৰাজ্যখনত গুগলৰ সহযোগত প্ৰশাসন বিষয়ক সমিধানৰ 'কৃত্ৰিম বুদ্ধিমত্তা উৎকৰ্ষ কেন্দ্ৰ' (এ আই চেণ্টাৰ অব এক্সেলেন্স) এটাও গঢ়ি তোলা হ'ব বুলিও তেওঁ উল্লেখ কৰে ।

বিভাগীয় মন্ত্ৰীগৰাকীয়ে কয়, ‘‘বিশ্বজুৰি কৃত্ৰিম বুদ্ধিমত্তাই ৰাজহুৱা প্ৰশাসনত কাৰ্যদক্ষতা, স্বচ্ছতা, দায়বদ্ধতা আৰু নাগৰিকৰ অংশগ্ৰহণৰ পৰিসৰ বৃদ্ধিৰে প্ৰশাসনক অধিক জনদৰদী আৰু সামৰ্থশীল ব্যৱস্থালৈ ৰূপান্তৰ ঘটাইছে । আমি যদি কৃত্ৰিম বুদ্ধিমত্তাক সঠিক আৰু নীতিনিষ্ঠভাৱে ব্যৱহাৰ কৰো, তেন্তে ই আমাক সুদক্ষ প্ৰশাসন সুনিশ্চিত কৰি ৰাজ্যখনৰ শেষপ্ৰান্তলৈ প্ৰতিটো চুক-কোণ সামৰি নাগৰিকলৈ চৰকাৰী সেৱাসমূহ ক্ষিপ্ৰতাৰে উপলব্ধ কৰাত সহায় কৰিব ।’’
অনুষ্ঠানত মুখ্য সচিব ড৹ ৰবি কোটাই গুগলৰে সৈতে কৰা কৃত্ৰিম বুদ্ধিমত্তা বিষয়ক সহযোগিতা চুক্তিখনক অসমৰ ভৱিষ্যতৰ বাবে অতি উপযোগী এক ঐতিহাসিক পদক্ষেপ বুলি অভিহিত কৰে । তেওঁ কয়, ‘‘গুগলৰ লগত হোৱা এই বুজাবুজি চুক্তিৰ ফলত আগন্তুক দিনত কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত ৰাজ্যবাসীক অধিক নিষ্ঠা আৰু দক্ষতাৰে সেৱা কৰাৰ দিশত অসম চৰকাৰৰ প্ৰতিটো বিভাগকে বিশেষভাৱে সহায় কৰিব ।’’

অনুষ্ঠানত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিবদ্বয় ক্ৰমে বি কল্যাণ চক্ৰৱৰ্তী আৰু মুকেশ চাহু, তথ্য প্ৰযুক্তি বিভাগৰ প্ৰধান সচিব গোপীনাথ নাৰায়ণ, 'গুগল ক্লাউড'ৰ 'ডাইৰেক্টৰ এণ্ড কাণ্ট্ৰী হেড' আশীষ ৱাট্টল, 'চীফ ছিকিউৰিটী এডভাইজাৰ এণ্ড হেড অব পাব্লিক ছেফটি' মদন অ’বেৰয়, 'হেড অব কাষ্টমিৰ ইঞ্জিনিং, পাব্লিক ছেক্টৰ' পংকজ শুক্লা, একাণ্টছ ডাইৰেক্টৰ ফ'ৰ আছাম' বিনম্ৰ জৈন, বুজাবুজি চুক্তিখন কাৰ্যকৰীকৰণৰ সহযোগী 'পেৰাডাইম আই টি'ৰ 'চীফ অপাৰেটিং অফিচাৰ' কাৰ্তিক কৃষ্ণন, 'লীড ফ'ৰ এ আই চেণ্টাৰ অব এক্সেলেন্স' জিগ্নেশ তালাছিয়াৰ লগতে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াবৰ্গসকল উপস্থিত থাকে ।
লগতে পঢ়ক: গুৱাহাটীৰ বজাৰত থলুৱা মাছ কিনোতে সাৱধান হওক, নহ'লে বিপদত পৰিব !

