নেপালত সন্ধানহীন অসমৰ লোকক উদ্ধাৰৰ বাবে হেল্পলাইন নম্বৰ মুকলি অসম চৰকাৰৰ
অসম চৰকাৰে নেপালত সন্ধানহীন লোকক উদ্ধাৰ তথা সহায়ৰ বাবে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ।


Published : August 27, 2026 at 11:03 PM IST
গুৱাহাটী: নেপালত সংঘটিত ভয়াৱহ বানে সৃষ্টি কৰিছে তাণ্ডৱৰ ৷ ইতিমধ্যে প্ৰায় তিনি শতাধিক লোকে প্ৰাণ হেৰুওৱাৰ বিপৰীতে সন্ধানহীন হৈ আছে ১৪০০ ৰো অধিক । ইয়াৰ ভিতৰত আছে প্ৰায় ২৮৮ গৰাকী ভাৰতীয় ।
বিদেশ মন্ত্ৰণালয়ৰ এক তথ্য অনুসৰি নিৰুদ্দেশ হোৱা লোকসকলৰ ভিতৰত আছে ত্ৰিশুলী বিদ্যুৎ প্ৰকল্পৰ ৭৩ গৰাকী, তামিলনাডুৰ ৩৭ জনীয়া দুটা দল আৰু ৪৯ গৰাকী, পশ্চিমবংগৰ ৩২ গৰাকী আৰু কেৰালামৰ ৩৩ গৰাকীকে ধৰি ভাৰতীয় লোক । অৱশ্যে এক্সৰ এটা পোষ্টত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে তামিলনাডুৰ ২১ গৰাকী লোকক উদ্ধাৰ কৰা বুলি জনাইছে ।
অসম চৰকাৰে নেপালত সন্ধানহীন লোকক উদ্ধাৰ তথা সহায়ৰ বাবে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্সত এটা পোষ্টযোগে জানিবলৈ দিয়ে এই কথা ।
We are aware of people from Assam stranded in Nepal amid the ongoing floods.
— Himanta Biswa Sarma (@himantabiswa) August 27, 2026
We are in touch with their families and coordinating with relevant agencies to ensure their safety and earliest possible return home. pic.twitter.com/oc0pZSnWn3
নিজৰ এক্স হেণ্ডেলত শ্বেয়াৰ কৰা পোষ্টটোত মুখ্যমন্ত্ৰীয়ে লিখিছে, ‘‘নেপালত অব্যাহত থকা বানপানীৰ মাজত আবদ্ধ অসমৰ লোকৰ বিষয়ে আমি অৱগত । আমি তেওঁলোকৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰি আছো আৰু সংশ্লিষ্ট সংস্থাসমূহৰ সৈতে সমন্বয় সাধন কৰি তেওঁলোকৰ সুৰক্ষা আৰু সোনকালে ঘৰলৈ উভতাই অনাটো নিশ্চিত কৰিছোঁ ।’’
এক জাননী জাৰী কৰি অসম চৰকাৰে কয় যে নেপালৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ যিসকল লোক বানত সন্ধানহীন হৈছে বা আবদ্ধ হৈ আছে তেওঁলোকৰ পৰিয়ালৰ বাবে ফোন নম্বৰ মুকলি কৰা হৈছে ৷ তেওঁলোকে নতুন দিল্লীস্থিত অসম ভৱনৰ সৈতে যোগাযোগ কৰি যাৱতীয় সহায়ৰ বাবে আহ্বান জনাব পাৰে ৷
জাননীখনত উল্লেখ কৰা নম্বৰ কেইটা হৈছে-
- অনুৰণন মেধি, অসম ভৱন, নতুন দিল্লী - ৯১০১০৮৯১৫১
- বিনোদ কলিতা, অসম ভৱন, নতুন দিল্লী- ৮৯২০৫৭০৫০৭
- জৰুৰীকালীন সঁহাৰিৰ বাবে ফোন নং- ০১১-২৩০১০২৯৯/৯৮, ২৬৮৭৭১১১
এই নম্বৰ কেইটা ২৪ ঘণ্টাই সক্ৰিয় হৈ থাকিব আৰু সহায়ৰ প্ৰয়োজন হোৱা সকলে ফোন কৰি তেওঁলোকৰ প্ৰয়োজনীয় সহায়ৰ বাবে আবেদন জনাব পাৰিব ।
লগতে পঢ়ক: নেপাল ৰাজধানীলৈ সাহায্য সামগ্ৰীৰে পৰিপূৰ্ণ দ্বিতীয়খন ভাৰতীয় বিমান

