অসমৰ কিমানে দিল্লীৰ বিস্ফোৰণক আদৰণি জনাইছে তাৰ তথ্য দিলে মুখ্যমন্ত্ৰীয়ে
দিল্লীৰ বোমা বিস্ফোৰণ আৰু জুবিনক্ষেত্ৰত প্ৰতিবাদ কৰাসকলৰ লিংক বিচাৰি উলিয়াইছে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ।

Published : November 12, 2025 at 5:59 PM IST
গুৱাহাটী : "তেওঁলোকে লালকিল্লাত ব'ম ব্লাষ্ট কৰিছে, পহলগামত মানুহক মাৰিছে আৰু জুবিনক্ষেত্ৰতো তেওঁলোকে চাউল-দাইল নালাগে বুলি কৈ আছে । মানুহবোৰ একেবোৰেই । একেবোৰেই য'ত যেনেকৈ পাই আমাৰ জাতিটোক খণ্ড-বিখণ্ড কৰাৰ কাৰণে প্ৰচেষ্টা কৰি আছে । ক'ৰবাত যদি বোমাৰে, ক'ৰবাত গুলীৰে । গুলীৰে নোৱাৰিলে মাটিৰে, মাটিৰে নোৱাৰিলে জুবিনক্ষেত্ৰত গৈ চাউল-দাইল নালাগে বুলি আন্দোলন কৰে । এখেতসকলেই এই গোটেই পৰিৱেশ ৰচনা কৰি থাকে ।" দিল্লীৰ বিস্ফোৰণ সন্দৰ্ভত পুনৰ অসমৰ মুখ্যমন্ত্ৰীয়ে কৰিলে এই মন্তব্য ।
উল্লেখ্য যে দিল্লীৰ লালকিল্লাৰ সমীপত এখন বাহনত সংঘটিত হয় ভয়ংকৰ বিস্ফোৰণ ৷ যাৰ ফলত এই পৰ্যন্ত ১২ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাগৰাকী লোক আহত হৈছে ৷ এই সমগ্ৰ বিস্ফোৰণৰ ঘটনাক লৈ আৰক্ষী তথা তদন্তকাৰী সংস্থাবোৰে অভিযান অব্যাহত ৰাখিছে । ঘটনাৰে জড়িত থকাৰ সন্দেহত কেইবাজনো লোকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । দিল্লীৰ বিস্ফোৰণ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বুধবাৰে ।
মুখ্যমন্ত্ৰীয়ে কয়, "দিল্লীৰ বিস্ফোৰণৰ পিছত আমি এটা কথাই বুজিলোঁ যে শিক্ষিত হ'লেই সন্ত্ৰাসবাদী নহ'ব বুলি কথা নাই । ইমানদিনে আমি কৰা ধাৰণা ভুল প্ৰমাণিত হ'ল দিল্লীৰ বিস্ফোৰণত । দিল্লীৰ ঘটনাই প্ৰমাণ কৰিলে অশিক্ষিত নহয়, শিক্ষিত লোকে জেহাদ কৰিছে । শিক্ষিত লোকে জেহাদ কৰাৰ পিছত গৰিহণা দিয়াৰ বিপৰীতে অসমৰ এচাম লোকে সামাজিক মাধ্যমত সমৰ্থন কৰি পৰিৱেশ বিভিন্ন ধৰণে অৱনতি কৰিবলৈ চেষ্টা কৰিছে । এই মানুহখিনিযে জুবিনক্ষেত্ৰত গৈ চাউল, দাইল নালাগে বুলি আন্দোলন কৰি আছে ।"
দিল্লীৰ বিস্ফোৰণক সমৰ্থন কৰা একাংশ লোকক টাৰ্গেট কৰি মুখ্যমন্ত্ৰীয়ে কয়, "দিল্লীৰ বিস্ফোৰণৰ পিছত একেখিনি মানুহেই বোমা বিস্ফোৰণক আদৰণি জনাইছে । ইয়াৰ ভিতৰত কামৰূপত ৫ গৰাকী, তামুলপুৰত এগৰাকী, কাৰ্বি আংলঙত এগৰাকী, শোণিতপুৰত ২ গৰাকী, গোলাঘাটত ২ গৰাকী, বঙাইগাঁৱত ৩ গৰাকী, গোৱালপাৰাত ২ গৰাকী, বৰপেটাত ৪ গৰাকী, কাছাৰত এগৰাকী, নলবাৰীত ৩ গৰাকী, হোজাইত ২ গৰাকী, বাক্সাত এগৰাকী, দৰঙত ৩ গৰাকী, যোৰহাটত এগৰাকী, দক্ষিণ শালমাৰাত এগৰাকী আৰু কামৰূপ মহানগৰত এগৰাকীক চিনাক্ত কৰা হৈছে । যিসকলে ছ'চিয়েল মিডিয়াত বোমা বিস্ফোৰণক আদৰণি জনাইছে তেওঁলোকক চৰকাৰে গ্ৰেপ্তাৰ কৰিব । তেওঁলোকৰ লিংক চাব । কাৰোবাৰ যদি লিংক বাংলাদেশৰ লগত পাওঁ বা অসমৰ বাহিৰৰ এনেকুৱা ব্যক্তিৰ লগত পাওঁ তেতিয়া আমি আৰু কঠোৰ ব্যৱস্থা লম ।"
এটা বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি মুখ্যমন্ত্ৰীয়ে পুনৰ কয়, "জুবিন গাৰ্গৰ মৃত্যুৰ পিছত দুৰ্গা পূজা, ৰাস, লক্ষ্মী পূজা সকলোতে প্ৰতিটো হিন্দু পৰিয়ালে জুবিন গাৰ্গৰ ফটোত শ্ৰদ্ধাঞ্জলি জনাইছে । কিন্তু তেওঁলোকৰ ইস্তেমাবিলাক হৈ আছে । তাক তেওঁলোকে ধৰ্মসভা বুলি কয় । এখনো ইস্তেমা ধৰ্মসভাত আমি জুবিন গাৰ্গৰ ফটো দেখা নাই । তাৰ মানে অসমীয়া মানুহে এটা কথা বুজি পাব লাগিব যে সন্দেহযুক্ত মানুহে জুবিনক জীয়াই নাৰাখে । জুবিনক অসমীয়াইহে জীয়াই ৰাখিব লাগিব । চাউল-দাইল নালাগে বুলি কোৱা মানুহে জুবিনক জীয়াই নাৰাখে ।"
লগতে পঢ়ক :দিল্লীৰ বোমা বিস্ফোৰণৰ পিচতেই অসমত কটকটীয়া তালাচী অভিযান

