আফ্রিকান ছোৱাইন ফিভাৰ : ৰাজ্যৰ সাতখন জিলাত নিষিদ্ধ গাহৰি মাংস
ৰাজ্যত আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ ৷ চিন্তিত হৈ পৰিছে ৰাজ্য প্ৰশাসন ৷ সেয়ে অসমৰ কেবাখনো জিলাত নিষিদ্ধ কৰা হৈছে গাহৰি মাংস ৷

Published : November 17, 2025 at 7:13 AM IST
গুৱাহাটী : ৰাজ্যত আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে । শেহতীয়াকৈ ৰাজ্যৰ বহু কেইখন জিলাত আফ্ৰিকান ছোৱাইন ফিভাৰে ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে ।
এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম প্ৰশাসনে ৰাজ্যত আন্তঃজিলা গাহৰি সৰবৰাহত নিষেধাজ্ঞা জাৰি কৰিছে । আনহাতে আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে ৰাজ্যৰ ৭খন জিলাত গাহৰি মাংস বিক্ৰীতো নিষেধাজ্ঞা জাৰি কৰিছে ।

ৰাজ্যৰ সাতখন জিলাত গাহৰি মাংস নিষিদ্ধ কৰা হৈছে । এই সন্দৰ্ভত ৰাজ্য চৰকাৰে জাৰি কৰিছে জাননী । সেই অনুসৰি ৰাজ্যৰ ধেমাজি, কামৰূপ, লখিমপুৰ, শিৱসাগৰত গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । সেইদৰে দৰং, যোৰহাট আৰু ডিব্ৰুগড়তো গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰা হৈছে । প্ৰশাসনে পৰৱৰ্তী নিৰ্দেশনা নিদিয়ালৈকে এই নিষেধাজ্ঞা জাৰি থাকিব বুলি জাননীখনত উল্লেখ কৰা হৈছে ।
উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন জিলাত আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হাজাৰ হাজাৰ গাহৰিৰ মৃত্যু হোৱাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গাহৰি পালকসকলৰ মাজত । বৰ্তমান সময়ত গাহৰি ব্যৱসায়ীসকল গভীৰ সংকটত পৰিছে । দৈনন্দিন জীৱন-যাপন আৰু উপাৰ্জনৰ প্ৰধান উৎসই বিপন্ন অৱস্থালৈ গৈছে ।
ৰাজ্যৰ ইখনৰ পাছত সিখন জিলালৈ বিয়পিছে গাহৰিৰ দেহত হোৱা আফ্ৰিকান ছোৱাইন ফিভাৰ । ইটোৰ পাছত সিটো গাহৰি মৰিছে বা চৰকাৰী নিয়ম মানি মাৰি পেলোৱা হৈছে । গাহৰি পালনৰ সৈতে জড়িত ৰাজ্যৰ প্রায় ১০ লাখ গাহৰি পালক সংকটত পৰিছে ।
ইতিমধ্যে জিলা পশুপালন আৰু ৰাজ্যিক পশু চিকিৎসা বিভাগে ব্যাপক তৎপৰতা অৱলম্বন কৰি চিনাক্ত হোৱা আক্ৰান্ত অঞ্চলবোৰত গৈ গাহৰি নিধন অব্যাহত ৰাখিছে ।

