সোণৰ বিক্ৰী হ্ৰাস, ঘৰ নচলা হৈছে সোণাৰীৰ !
ভাৰতৰ ৫ কোটিৰো অধিক স্বৰ্ণশিল্পী লগতে অসমৰ এক লক্ষাধিক স্বৰ্ণ ব্যৱসায়ী আৰ্থিক দূৰৱস্থাৰ সন্মুখীন হৈছে ।

Published : June 14, 2026 at 8:11 PM IST
গুৱাহাটী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সোণ ক্ৰয় নকৰিবলৈ আহ্বান জনোৱাৰ ফলত বিপদত পৰিছে স্বৰ্ণ ব্য়ৱসায়ী তথা স্বৰ্ণশিল্পীসকল ৷ ভাৰতৰ ৫ কোটিৰো অধিক স্বৰ্ণশিল্পী লগতে অসমৰ এক লক্ষাধিক স্বৰ্ণ ব্যৱসায়ী আৰ্থিক দূৰৱস্থাৰ সন্মুখীন হৈছে । প্ৰায় শূন্য হৈ পৰিছে ব্যৱসায় । দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে নিখিল অসম স্বৰ্ণশিল্পী সমিতিয়ে ।
সমিতিৰ মুখ্য উপদেষ্টা প্ৰশান্ত কুমাৰ ৰয় আৰু কামৰূপ জিলা সমিতিৰ সম্পাদক নয়ন ধৰে সংবাদমেলত কয়, ‘‘প্ৰধানমন্ত্ৰীৰ ঘোষণা আৰু দাম বৃদ্ধিৰ পাছতে লক্ষ লক্ষ ব্যৱসায়ী আৰ্থিক দুৰৱস্থাৰ সন্মুখীন হৈছে । হাতত কাম-কাজ সম্পূৰ্ণ ৰূপে নোহোৱা হৈ পৰিছে । স্বৰ্ণশিল্পীসকলৰ পৰিয়াল আৰ্থিক দুৰৱস্থাৰ চিকাৰ হৈছে । সেয়েহে মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰীলৈ আহ্বান বহুজাতিক কোম্পানীৰ লগত ফেৰ মাৰিবলৈ অসমৰ থলুৱা ক্ষুদ্ৰ স্বৰ্ণশিল্পীসকলৰ সোণৰ ওপৰত চৰকাৰী কৰ দুই শতাংশ হ্ৰাস কৰাৰ ব্যৱস্থা কৰক অন্যথা ক্ষুদ্ৰ স্বৰ্ণশিল্পীসকল জীয়াই থকাটো অসম্ভৱ হ'ব ।’’
তেওঁলোকে লগতে কয় যে স্বৰ্ণশিল্পীসকলৰ বাবে সহজ ঋণ উপলব্ধ কৰাৰ বিশেষ আঁচনি গ্ৰহণ, স্বৰ্ণশিল্পীসকলৰ বাবে স্বাস্থ্য বীমা, শিল্পীসকলক অত্যাধুনিক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা উচিত ৷ তদুপৰি অসম চৰকাৰক এক বিশেষ আঁচনিৰ মাধ্যমেৰে ক্ষুদ্ৰ স্বৰ্ণশিল্পীসকলক জীৱনৰ মান উন্নত কৰা তথা তেওঁলোকৰ জীৱনৰ সুৰক্ষা প্ৰদান কৰাৰ বাবে দাবী জনায় ।
আনহাতে নয়ন ধৰে চুৰি সোণৰ তদন্তৰ ক্ষেত্ৰত আৰক্ষীয়ে উচ্চ ন্যায়ালয়ৰ গাইড লাইন পালন নকৰে বুলিও অভিযোগ কৰে । স্বৰ্ণশিল্পীসকলে উত্থাপন কৰি অহা বিষয়বোৰ চৰকাৰে গুৰুত্ব সহকাৰে নল’লে ৰাজপথত নমাৰ হুংকাৰ দিয়ে নিখিল অসম স্বৰ্ণশিল্পী সমিতিয়ে ।
লগতে পঢ়ক: সুৰাৰ দাম বৃদ্ধি হ'লে খোৱাটো কমিব: মন্ত্রী অতুল বৰা

