ETV Bharat / state

অসমৰ বানত পুনৰ এজনৰ মৃত্যু, সৰ্বমুঠ মৃতকৰ সংখ্যা ১০৮ জনলৈ বৃদ্ধি

বুধবাৰে পশ্চিম কাৰ্বি আংলং জিলাত বানৰ ফলত এগৰাকী মহিলাৰ মৃত্যু হয় ৷ ফলত ৰাজ্যত চলিত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১০৮ গৰাকীলৈ বৃদ্ধি পাইছে ৷

Assam Floods 2026
২০২৬ চনৰ ২৬ জুলাই দেওবাৰে শিৱসাগৰ জিলাত ক্ষন্তেকীয়া বানে উটুৱাই নিয়া এখন বাহন (IANS)
author img

By ETV Bharat Assamese Team

Published : September 3, 2026 at 8:16 AM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : অসমৰ বান পৰিস্থিতি ক্ৰমান্বয়ে উন্নত হ’বলৈ ধৰিছে যদিও এতিয়াও সাতখন জিলাত প্ৰায় ২৫ হাজাৰ লোক বানৰ ফলত প্ৰভাৱান্বিত হৈ আছে ৷ ইফালে বুধবাৰে বানত অন্য় এজন লোকৰ মৃত্যু হয় ৷

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্য অনুসৰি গোৱালপাৰা, বিশ্বনাথ, শিৱসাগৰ, মৰিগাঁও, নগাঁও, পশ্চিম কাৰ্বি আংলং আৰু কাছাৰ জিলাৰ ১৩ টা ৰাজহ চক্ৰৰ ১৫৫ খন গাঁৱৰ প্ৰায় ২৫০৮৩ গৰাকী লোক বৰ্তমানো বানৰ কৱলত আছে আৰু ৬৪৭৭.৩১ হেক্টৰ কৃষিভূমি বানত নষ্ট হৈছে ৷

Assam Floods 2026
ৰাজ্যত পুনৰ বানত এজনৰ মৃত্যু (ETV Bharat Assam)

ইফালে বুধবাৰে পশ্চিম কাৰ্বি আংলং জিলাত বানৰ ফলত এগৰাকী মহিলাৰ মৃত্যু হয় ৷ ফলত ৰাজ্যত চলিত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১০৮ গৰাকীলৈ বৃদ্ধি পাইছে ৷

একেসময়তে গোলাঘাট জিলাৰ নুমলীগড়ত ধনশিৰি নদী আৰু হাইলাকান্দিৰ মাটিজুৰিত কটাখাল নৈৰ জলস্তৰ বৰ্তমানো বিপদসীমাৰ ওপৰেদি বৈ আছে ৷

প্ৰশাসনে বানাক্ৰান্ত তিনিখন জিলাত ৩ টা সাহায্য শিবিৰ আৰু ১৯ টা সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰি ৩৫৯জন ক্ষতিগ্ৰস্ত লোকক প্ৰয়োজনীয় সাহাৰ্য আগবঢ়াই আছে ৷

উল্লেখ্য যে, জুলাই আৰু আগষ্ট মাহৰ প্ৰলয়ংকৰী বানত ৰাজ্যৰ লাখ লাখ লোক ক্ষতিগ্ৰস্ত হৈছিল আৰু কেইবাখনো জিলাত ব্যাপক ক্ষতিসাধন হৈছিল। বিশেষকৈ নাগালেণ্ডৰ মন জিলাৰ পৰা নামি অহা পানীৰ ধলে উজনি অসমৰ চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাত ব্যাপক ধ্বংসলীলা চলায় ৷

এই মহাপ্ৰলয়ত হাজাৰ হাজাৰ লোক গৃহহাৰা হয় ৷ বৰ্তমান বানৰ প্ৰভাৱ হ্ৰাস পাইছে যদিও শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট আদি কিছুমান জিলাত আজিও কিছু ক্ষতিগ্ৰস্ত অঞ্চলত পৰিস্থিতি সম্পূৰ্ণ স্বাভাৱিক হোৱা নাই । চৰকাৰ আৰু প্ৰশাসনে বানপীড়িতসকলক সাহায্য প্ৰদান আৰু পুনৰ্সংস্থাপনৰ কাম অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : একেটা জীৱনত দুবাৰকৈ বলিয়া বানৰ সন্মুখীন, কোনোমতে প্ৰাণৰক্ষা ৮৪ বছৰীয়া বৃদ্ধৰ

প্ৰায় ডেৰ মাহ মথাউৰিতে জীৱন নিৰ্বাহ যোৰহাটৰ এগৰাকী অশীতিপৰ বৃদ্ধাৰ, চৰকাৰৰ সহায়ৰ কেৱল অপেক্ষা

বানত পুনৰ ২ জন লোকৰ মৃত্যু; মৃতকৰ সংখ্যা ১০৭ জনলৈ বৃদ্ধি