মুখ্যমন্ত্ৰীৰ সন্মানাৰ্থে চাহমেল : জাপানৰ সৈতে সুদৃঢ় সম্পৰ্ক গঢ়ি তুলিবলৈ আগ্ৰহ প্ৰকাশ
ছেমি কণ্ডাক্টৰ, স্বচ্ছ শক্তি আৰু জাপানী ভাষাৰ প্ৰশিক্ষণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি ভাৰত-জাপান বিশেষ কৌশলগত আৰু বিশ্বব্যাপী অংশীদাৰিত্বক অধিক শক্তিশালী কৰিবলৈ মুখ্যমন্ত্ৰীৰ পোষকতা ৷

Published : July 6, 2026 at 10:53 PM IST
নতুন দিল্লী: ভাৰত-জাপান বিশেষ কৌশলগত আৰু বিশ্বব্যাপী অংশীদাৰিত্বক অধিক শক্তিশালী কৰাৰ পোষকতা অসম চৰকাৰৰ ৷ এইক্ষেত্ৰত ৰাজ্যখনে মুখ্য ভূমিকা পালন কৰিবলৈ আগ্ৰহী বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদিচ্ছা প্ৰকাশ কৰে ৷ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ছেমি কণ্ডাক্টৰ, স্বচ্ছ শক্তি আৰু জাপানী ভাষাৰ প্ৰশিক্ষণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি ভাৰত-জাপান বিশেষ কৌশলগত আৰু বিশ্বব্যাপী অংশীদাৰিত্বক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত ৰাজ্যখনে মুখ্য ভূমিকা গ্ৰহণ কৰিবলৈ আগ্ৰহী ।
সামাজিক মাধ্যম এক্সত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এইসম্পৰ্কে এই পোষ্ট কৰে ৷ পোষ্টটোত মুখ্যমন্ত্ৰীগৰাকীয়ে জাপানৰ ৰাষ্ট্ৰদূত কেঈচি অ’নোক নতুন দিল্লীস্থিত চৰকাৰী বাসগৃহত সাক্ষাৎ কৰাৰ কথা প্ৰকাশ কৰে ৷ জাপানৰ ৰাষ্ট্ৰদূতগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ সন্মানাৰ্থে ‘চা-নো-য়ু’(জাপানৰ পৰম্পৰাগত চাহমেল) ৰ আয়োজন কৰিছিল ।
মুখ্যমন্ত্ৰীগৰাকীয়ে এই আতিথ্যত অভিভূত হৈ সামাজিক মাধ্যমত এনেদৰে উল্লেখ কৰে, ‘‘ভাৰতত থকা জাপানৰ ৰাষ্ট্ৰদূত মহামহিম কেঈচি অ’নো ডাঙৰীয়াই নতুন দিল্লীত তেওঁৰ বাসগৃহত অনুষ্ঠিত হোৱা পৰম্পৰাগত জাপানী চাহমেলৰ অনুষ্ঠান 'চা-নো-য়ু'লৈ মোক আমন্ত্ৰণ জনোৱাৰ বাবে মই কৃতজ্ঞ ।’’
I am grateful to H.E. Mr. Ono Keiichi, Ambassador of Japan to India, for hosting me at his residence in New Delhi for Cha-no-yu, the traditional Japanese tea ceremony.
— Himanta Biswa Sarma (@himantabiswa) July 6, 2026
We had a productive exchange on emerging avenues of cooperation and discussed the outcomes of the recent… pic.twitter.com/1FzfkPJjLw
দুয়োখন দেশৰ সহযোগিতাৰ নতুন ক্ষেত্ৰসমূহৰ ওপৰত ভিত্তি কৰি এক অতি ফলপ্ৰসূ আলোচনা অনুষ্ঠিত হোৱা বুলি মুখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিয়ে ৷ শেহতীয়াকৈ ভাৰত-জাপান সন্মিলনৰ ফলাফল, বিশেষকৈ ছেমি কণ্ডাক্টৰ ক্ষেত্ৰত গৱেষণা, স্বচ্ছ শক্তি আৰু জাপানী ভাষাৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত অসমে আগবঢ়োৱা সুযোগসমূহৰ বিষয়ে এই সাক্ষাতৰ সময়তে আলোচনা কৰা হয় ।
এই সাক্ষাতৰ পিছতে ভাৰত-জাপানৰ মাজত ক্ৰমবৰ্ধমান কৌশলগত অংশীদাৰিত্বত অসমৰ অৰ্থপূৰ্ণ অৱদান আগবঢ়োৱাৰ প্ৰতিশ্ৰুতিক পুনৰবাৰ দোহাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
উদ্যোগ, প্ৰযুক্তি, দক্ষতা বিকাশ, আন্তঃগাঁথনিৰ দৰে খণ্ডত অসম আৰু জাপানৰ মাজত সহযোগিতা বৃদ্ধি পোৱাৰ সময়তে মুখ্যমন্ত্ৰীগৰাকী এই বৈঠকত মিলিত হয় ৷ বিশ্বব্যাপী বিনিয়োগ আকৰ্ষণৰ বিস্তৃত প্ৰচেষ্টাৰ অংশ হিচাপে অসমে বিশেষকৈ উচ্চ প্ৰযুক্তিৰ উৎপাদন, নবীকৰণযোগ্য শক্তি আৰু মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত জাপানৰ বিনিয়োগ আৰু কাৰিকৰী সহযোগিতা সক্ৰিয়ভাৱে বিচাৰিছে ।
লগতে পঢ়ক: এক্ট ইষ্ট পলিচী অধিক শক্তিশালী কৰাৰ লক্ষ্য লৈ প্ৰধানমন্ত্ৰী মোদী ইণ্ডোনেছিয়াত উপস্থিত

