ETV Bharat / state

পহিলা আগষ্টৰ পৰা পুনৰ চকা ঘূৰিব শিলঘাট মৰাপাট কলৰ

মন্ত্ৰী কেশৱ মহন্তই জানিবলৈ দিয়া মতে, কলটোৰ বিভিন্ন অনিয়ম, বিত্তীয় জালিয়াতিৰ অভিযোগত অপসাৰণ কৰা হৈছে অসম সমবায় মৰাপাট কলৰ পৰিচালন সঞ্চালক গুণমনি গগৈক ।

jute Mill in Shilghat
পহিলা আগষ্টৰ পৰা পুনৰ চকা ঘূৰিব শিলঘাট মৰাপাট কলৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 13, 2026 at 11:35 AM IST

2 Min Read
Choose ETV Bharat

কলিয়াবৰ: পহিলা আগষ্টৰ পৰা পুনৰ আৰম্ভ হ'ব কলিয়াবৰৰ শিলঘাটস্থিত অসম সমবায় মৰাপাট কলৰ উৎপাদন কাৰ্য । কলিয়াবৰৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ এই ঘোষণাৰ পিছতেই স্বস্তিৰ নিশ্বাস এৰিছে মৰাপাট কলটোৰ কৰ্মী তথা কৰ্মচাৰীসকলে ।

যোৱা বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰা উৎপাদন কাৰ্য বন্ধ হৈ থকা মৰাপাট কলটোৰ কৰ্মী-কৰ্মচাৰীসকলে চূড়ান্ত অনিশ্চয়তাৰ মাজত দিন পাৰ কৰি আহিছিল ৷ সেই সময়তে এই ঘোষণাই স্বাভাৱিকতে কলিয়াবৰলৈও এক আশাৰ বতৰা কঢ়িয়াই আনিছে ।

পহিলা আগষ্টৰ পৰা পুনৰ চকা ঘূৰিব শিলঘাট মৰাপাট কলৰ (ETV Bharat)

আনহাতে, মন্ত্ৰী কেশৱ মহন্তই জানিবলৈ দিয়া মতে, কলটোৰ বিভিন্ন অনিয়ম, বিত্তীয় জালিয়াতিৰ অভিযোগত অসম সমবায় মৰাপাট কলৰ পৰিচালন সঞ্চালক গুণমনি গগৈক অপসাৰণ কৰা হৈছে।

তেওঁৰ বিৰুদ্ধে উত্থাপিত অনিয়মৰ অভিযোগসমূহৰ সন্দৰ্ভত অসমৰ সমবায়সমূহৰ পঞ্জীয়কৰ দ্বাৰা তদন্তৰ অন্তত দাখিল কৰা প্ৰতিবেদনৰ ভিত্তিত গগৈক সাময়িকভাৱে কলটোৰ পৰিচালন সঞ্চালকৰ পদৰ পৰা নিলম্বন কৰা হৈছে । লগতে গগৈক আত্মপক্ষৰ সমৰ্থনৰ বাবে জাননী প্ৰেৰণ কৰা হৈছে।

বৰ্তমান কলটোৰ পৰিচালনাৰ বাবে এগৰাকী অন্তৰ্ৱৰ্তীকালীন বিষয়া নিয়োগ কৰিবলৈও সমবায় বিভাগৰ পঞ্জীয়কক জনোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

তেওঁ লগতে কয় যে বজাৰত মৰাপাটৰ উপলব্ধতা হ্ৰাস পোৱাত বিগত সময়ছোৱাত কলটোত উৎপাদনকাৰ্য বন্ধ হৈ আছিল ৷ বৰ্তমান মৰাপাট কলটোৰ উৎপাদন কাৰ্য চলিবলৈ পূৰ্বতকৈ যথেষ্ট কম দামত মৰাপাট উপলব্ধ হৈছে । গতিকে, পহিলা আগষ্টৰ পৰা কলৰ উৎপাদন কাৰ্য পুনৰ আৰম্ভ হ'ব ।

উল্লেখযোগ্য যে, যোৱা বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰা বন্ধ হৈ থকা কলটো পুনৰ এই বৰ্ষৰ জুলাই মাহৰ পৰা পুনৰ উৎপাদনক্ষম কৰি তোলাৰ প্ৰতিশ্ৰুতি কল কৰ্তৃপক্ষই দিছিল।

লগতে স্থায়ী কৰ্মচাৰীসকলক এক নিৰ্দিষ্ট মাননী প্ৰদান কৰি অহা হৈছিল । এতিয়া পহিলা আগষ্টৰ পৰা শিলঘাটৰ অসম সমবায় মৰাপাট কলৰ পুনৰ চকা ঘূৰাৰ খবৰে সকলোকে আনন্দিত কৰিছে ।

লগতে পঢ়ক: পথাৰেই অসমীয়াৰ প্ৰাণ : ধোপগুৰিত পৰম্পৰা আৰু সমন্বয়ৰ অপূৰ্ব ভূঁই ৰোৱা পৰ্ব