ETV Bharat / state

তৰুণ গগৈ আছিল বিকাশৰ প্ৰহৰী আৰু স্বচ্ছতাৰ প্ৰতীক : বিৰোধী

প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈক পঞ্চম মৃত্যুবাৰ্ষিকীত স্মৰণ । ৰাজ্যৰ ৩৫খন জিলা সদৰত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলিৰে কংগ্ৰেছৰ কৰ্মীসকলে প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

TARUN GOGOI DEATH ANNIVERSARY
ৰাজীৱ ভৱনত প্ৰয়াত মুখ্যমন্ত্ৰী পদ্মভূষণ তৰুণ গগৈক পঞ্চম মৃত্যুবাৰ্ষিকীত স্মৰণ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 23, 2025 at 11:45 PM IST

|

Updated : November 24, 2025 at 10:03 AM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : প্ৰয়াত মুখ্যমন্ত্ৰী পদ্মভূষণ তৰুণ গগৈক দেওবাৰে পঞ্চম মৃত্যুবাৰ্ষিকীত ৰাজ্যজুৰি স্মৰণ কৰা হয় । প্ৰদেশ কংগ্ৰেছৰ আহ্বান ক্ৰমে ৰাজ্যজুৰি প্ৰয়াত মুখ্যমন্ত্রীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয় । ৰাজ্যৰ ৩৫খন জিলা সদৰত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলিৰে কংগ্ৰেছৰ কৰ্মীসকলে প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । গুৱাহাটীৰ ৰাজীৱ ভৱনত বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অৰ্পণ আৰু স্মৃতিচাৰণেৰে তৰুণ গগৈৰ পঞ্চম মৃত্যুবাৰ্ষিকী পালন কৰা হয় ।

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৰাজীৱ ভৱনত এগচি বন্তি প্ৰজ্বলনৰে নেতাজনৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি কয়, "অসমৰ ভাগি পৰা আইন-শৃংখলাজনিত পৰিস্থিতি আৰু চৌদিশে অন্ধকাৰময় হৈ পৰা এক অৰাজক অৱস্থাৰ পৰা অসমক এক সুস্থিৰ আৰু বিকাশমুখী অৰ্থনীতিৰ ৰাজ্য হিচাপে গঢ় দিয়াত তৰুণ গগৈৰ অৱদান আছিল অমূল্য । গুপ্তহত্যাৰ দৰে বিভীষিকাময় পৰিস্থিতিৰ লগতে নিবনুৱা সমস্যা আৰু ৰাজ্যিক কৰ্মচাৰীসকলৰ দৰমহা দিব নোৱৰা পৰিস্থিতিৰ পৰা অসমক উদ্ধাৰ কৰিছিল তৰুণ গগৈয়ে ।"

TARUN GOGOI DEATH ANNIVERSARY
ৰাজীৱ ভৱনত প্ৰয়াত মুখ্যমন্ত্ৰী পদ্মভূষণ তৰুণ গগৈক পঞ্চম মৃত্যুবাৰ্ষিকীত স্মৰণ (ETV Bharat Assam)

তৰুণ গগৈক বিকাশৰ প্ৰহৰী আৰু স্বচ্ছতাৰ প্ৰতীক আখ্যা দি শইকীয়াই লগতে কয়, "প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ দেশপ্ৰেম আছিল নিঁভাজ আৰু স্বাৰ্থহীন ।" অনুষ্ঠানত একালৰ সতীৰ্থ প্ৰণয় ৰাভাই মুখ্যমন্ত্ৰী হিচাপে তৰুণ গগৈক এজন দুৰ্নীতিমুক্ত, নিকা ভাৱমূৰ্তিৰ নেতা আছিল বুলি উল্লেখ কৰি কয়, "তৰুণ গগৈয়ে সময়ে সময়ে তেওঁৰ সতীৰ্থ মন্ত্ৰীসকলৰ বিভাগ পৰ্যালোচনা কৰি অনিয়ম নকৰিবলৈ সকীয়াই দিয়াৰ লগতে কোনোধৰণৰ নীতিবৰ্হিভূত কাম কৰিবলৈ নিদিছিল ।"

TARUN GOGOI DEATH ANNIVERSARY
ৰাজীৱ ভৱনত প্ৰয়াত মুখ্যমন্ত্ৰী পদ্মভূষণ তৰুণ গগৈক পঞ্চম মৃত্যুবাৰ্ষিকীত স্মৰণ (ETV Bharat Assam)

কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী বালিকা লাহন পেগুৱেও প্ৰয়াত নেতাজনৰ স্মৃতিচাৰণ কৰে । প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিপুল গগৈয়ে অনুষ্ঠানটোৰ আঁত ধৰি মুখ্যমন্ত্ৰী হিচাপে তৰুণ গগৈয়ে বিগত ১৫ বছৰত অসমৰ উন্নয়নৰ বাবে কৰা সফলতাৰ এক খতিয়ান দাঙি ধৰে । তৰুণ গগৈৰ প্ৰচেষ্টাতে অসমৰ জিডিপিৰ হাৰ বৃদ্ধি পোৱাৰ লগতে ৰাজ্যিক কৰ্মচাৰীৰ খালী থকা ৯০ হাজাৰতকৈয়ো অধিক পদ পূৰণ কৰি প্ৰায় ১ লাখ ২০ হাজাৰ নতুন পদ সৃষ্টি কৰা বুলি উল্লেখ কৰে ।

TARUN GOGOI DEATH ANNIVERSARY
ৰাজীৱ ভৱনত প্ৰয়াত মুখ্যমন্ত্ৰী পদ্মভূষণ তৰুণ গগৈক পঞ্চম মৃত্যুবাৰ্ষিকীত স্মৰণ (ETV Bharat Assam)

তেওঁ কয়, "অসমৰ ৰাস্তা-ঘাট বিশেষকৈ যোগাযোগৰ ক্ষেত্ৰত আহুকাল হৈ পৰা কাঠৰ দলংসমূহ সলনি কৰি কেবাহাজাৰো কংক্ৰীটৰ দলং নিৰ্মাণ কৰাতো আছিল মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকালৰ অন্যতম সফলতা । দেশৰ বিত্তীয় ব্যৱস্থাপনা সঠিক আৰু সুস্থিৰ কৰাৰ বাবে আইন প্ৰস্তুত কৰি বাজেটত নিৰ্ধাৰিত ধন সময়মতে ব্যৱহাৰৰ বাবে তৰুণ গগৈয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল । যাৰ পৰিপ্ৰেক্ষিতত অসমৰ সামগ্ৰিক বিকাশ আৰু উন্নয়ন সম্ভৱ হৈছিল ।"

TARUN GOGOI DEATH ANNIVERSARY
ৰাজীৱ ভৱনত প্ৰয়াত মুখ্যমন্ত্ৰী পদ্মভূষণ তৰুণ গগৈক পঞ্চম মৃত্যুবাৰ্ষিকীত স্মৰণ (ETV Bharat Assam)

তেওঁ লগতে কয়, "কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পনা শিতানৰ পদসমূহ পৰিকল্পনা বৰ্হিভূত শিতানলৈ পৰিৱৰ্তন কৰি ৰাজ্যৰ ৰাজহৰে ৰাজ্যিক কৰ্মচাৰীসকলক দৰমহা দিয়াৰ ব্যৱস্থা কৰিছিল ।" শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিধায়ক খলিল উদ্দিন মজুমদাৰ, শিৱামণি বৰা, সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞা, উদিত ভানু দাস, মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা, সামাজিক মাধ্যম বিভাগৰ অধ্যক্ষ প্ৰফুল্ল কুমাৰ দাস, মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি স্বপন দাস, জ্যেষ্ঠ কংগ্ৰেছ নেতা মেহদী আলম বৰা, গোপাল শৰ্মা, ৰূপক দাস, ৰূপা দেউৰী, ময়ূৰী দত্তকে ধৰি বহু সংখ্যক নেতা-কৰ্মী উপস্থিত থাকে ।

লগতে পঢ়ক : ৪২ বছৰৰ পাছত ৰাজহুৱা হ’ল ‘তিৱাৰী আয়োগ’ৰ প্ৰতিবেদন

Last Updated : November 24, 2025 at 10:03 AM IST