নতুন বছৰৰ উপহাৰ লৈ ৫ জানুৱাৰীত সৰুপথাৰলৈ আহি আছে মুখ্যমন্ত্ৰী
মুখ্যমন্ত্ৰীয়ে লাভলীনা বৰগোহাঁই ক্ৰীড়া প্ৰকল্প উদ্বোধন কৰিব । মহিলা উদ্যমিতা আঁচনিৰ চেকো বিতৰণ কৰিব ।

Published : January 4, 2026 at 8:27 PM IST
সৰুপথাৰ: ইংৰাজী নৱবৰ্ষৰ আৰম্ভণিতে গোলাঘাটৰ সৰুপথাৰবাসীৰ বাবে ভাল খবৰ । কিয়নো উন্নয়ন আৰু বিকাশৰ বতৰা লৈ নৱবৰ্ষৰ প্ৰথম সপ্তাহতেই অৰ্থাৎ ৫ জানুৱাৰীত সৰুপথাৰ সমষ্টিত উপস্থিত হ'ব অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । প্ৰথমে সৰুপথাৰ সমজিলাৰ বৰপথাৰত উপস্থিত হ'ব অসমৰ মুখ্যমন্ত্রীগৰাকী । ৭২ কোটি টকাৰ নতুন প্ৰকল্প তথা আঁচনিৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰীয়ে । সমান্তৰালকৈ আধাৰশিলা স্থাপন আৰু উদ্যমিতা আঁচনিৰ চেকো বিতৰণ কৰিব মুখ্যমন্ত্ৰীয়ে ।
বৰপথাৰৰ লাভলীনা বৰগোহাঁই ক্ৰীড়া প্ৰকল্প, বৰপথাৰ শিশু উদ্যান আৰু বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় গৃহ উদ্বোধনৰ পিছতেই আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত অংশগ্রহণ কৰিব মুখ্যমন্ত্রীয়ে । যাৰ বাবে মুখ্যমন্ত্রীৰ আগমনক লৈ সৰুপথাৰত ব্যস্ততা বাঢ়িছে দলীয় কৰ্মী তথা প্ৰশাসনৰ ৷
অসমৰ মুখ্যমন্ত্ৰীয়ে বৰপথাৰৰ নাহৰবাৰীত লাভলীনা বৰগোহাঁই ক্ৰীড়া প্ৰকল্প উদ্বোধন কৰাৰ লগতে ৮ কোটি টকাৰে নিৰ্মিত বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় গৃহও মুকলি কৰিব । তাৰ সমান্তৰালকৈ বৰপথাৰ চহৰৰ মাজমজিয়াতে নিৰ্মাণ কৰা শিশু উদ্যানো মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব । ইফালে ২৩,৭৫৪ গৰাকী হিতাধিকাৰীৰ মাজত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ধনৰাশি বিতৰণ কৰিব মুখ্যমন্ত্ৰীয়ে ।

মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব-
- লাভলীনা বৰগোহাঁই ক্ৰীড়া প্ৰকল্প (১২ কোটি)
- বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৃহ (৮ কোটি)
- বৰপথাৰ শিশু উদ্যান (২ কোটি)
- বৰপথাৰ গেলাবিল আৰু দুবৰণি পথ (১২ কোটি)
আধাৰশিলা স্থাপন
- বৰপথাৰৰ পৰা গোলাঘাটৰ অসম মালা পথ-১ম খণ্ড (২৫ কোটি)
- মিছামাৰী বিলপথাৰ অভংপথাৰ শ্যামগাঁও মথাউৰি (১৩ কোটি)
এই সন্দৰ্ভত বিজেপি যুৱ মৰ্চাৰ গোলাঘাট জিলাৰ সাধাৰণ সম্পাদক জাগ্ৰত ভৰালীয়ে কয়, "২০২৬ চনৰ ৫ তাৰিখটো সৰুপথাৰ সমষ্টিৰ বাবে উল্লেখযোগ্য দিন হিচাপে পৰিগণিত হ'ব । মুখ্যমন্ত্ৰী ডাঙৰীয়া সৰুপথাৰ সমষ্টিৰ বৰপথাৰলৈ আহিব । তেখেতে আহিয়েই বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱগৃহ উদ্বোধন কৰিব । তাৰ পিছতেই বৰপথাৰৰ নাহৰবাৰীত নিৰ্মিত লাভলীনা বৰগোহাঁই ক্ৰীড়া প্ৰকল্প উদ্বোধন কৰিব । মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰিব ।"

তেওঁ লগতে কয়, "মুখ্যমন্ত্ৰীৰ যি কথা দি কথা ৰখাৰ প্ৰৱণতা, আমি দেখিবলৈ পাইছোঁ যে লাভলীনা বৰগোহাঁই যেতিয়া জগত জিনি আহিছিল, তেতিয়াই তেখেতে কৈছিল যে লাভলীনা বৰগোহাঁইৰ নামত অত্যাধুনিক ষ্টেডিয়াম তথা ক্ৰীড়া প্ৰকল্পৰ প্ৰদান কৰা হ'ব । তাৰেই প্ৰতিশ্ৰুতিত ৫ জানুৱাৰী তাৰিখে লাভলীনা বৰগোহাঁই ক্ৰীড়া প্ৰকল্পৰ শুভ উদ্বোধন কৰিব ।"
লগতে পঢ়ক: ২৫ বছৰে জালুকবাৰী সমষ্টি দখল ড৹ হিমন্ত বিশ্ব শৰ্মাৰ : সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছৰ পৰিৱেশ

