শ্বিলঙৰ অসম ৰেজিমেণ্টেল চেণ্টাৰৰ যুদ্ধ স্মাৰকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বীৰ জোৱানলৈ শ্ৰদ্ধাঞ্জলি
দেশৰ স্বাধীনতা আৰু অখণ্ডতা ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া জোৱানসকলৰ ত্যাগক স্মৰণ মুখ্যমন্ত্ৰীৰ ।

By ANI
Published : August 29, 2026 at 8:45 PM IST
|Updated : August 30, 2026 at 8:56 AM IST
শ্বিলং : মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই শনিবাৰে ভাৰতীয় সেনাৰ অসম ৰেজিমেণ্টৰ শ্বিলঙস্থিত মুখ্য কার্যালয়ৰ অসম ৰেজিমেণ্টেল চেণ্টাৰত উপস্থিত হয় ৷ ১৯৪১ চনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত শ্বিলঙত স্থাপিত অসম ৰেজিমেণ্টেল চেণ্টাৰৰ এক সুদীৰ্ঘ আৰু সোণালী ইতিহাস আছে । ৰাজ্যৰ স্থায়ী ৰাজধানী দিছপুৰ হোৱাৰ পাছত অসমৰ মুখ্যমন্ত্রী হিচাপে এয়াই আছিল এই চেণ্টাৰলৈ প্রথম ভ্ৰমণ ৷
ইয়াৰ পূৰ্বে কেৱল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত বিষ্ণুৰাম মেধি আৰু বিমলা প্ৰসাদ চলিহাইহে এই কাৰ্যালয় ভ্ৰমণ কৰিছিল । ফলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ভ্ৰমণ এক উল্লেখযোগ্য আৰু ঐতিহাসিক অনুষ্ঠান হিচাপে পৰিগণিত হৈছে । এই ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰীয়ে যুদ্ধ স্মাৰকত মাল্যাৰ্পণ কৰি দেশৰ সেৱাত পৰম ত্যাগ কৰা বীৰ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । লগতে তাত তেওঁ দৰ্শনাৰ্থীৰ বহীতো স্বাক্ষৰ কৰে ।
Salute to the bravehearts of the Assam Regiment who have always put the Nation First, rising above every circumstance and making the supreme sacrifice.
— Himanta Biswa Sarma (@himantabiswa) August 29, 2026
We owe an eternal debt of gratitude to our soldiers and their families, who choose Rashtra Seva over every comfort. pic.twitter.com/qo4zY9C0Rh
এই ভ্ৰমণৰ সময়ত তাত তেওঁ ড্ৰ’ণ ব্যৱহাৰেৰে আকৰ্ষণীয় যুদ্ধ কৌশলৰ প্ৰদৰ্শন প্ৰত্যক্ষ কৰে । তেওঁ প্ৰশিক্ষণ এলেকাসমূহ পৰিদৰ্শন কৰি জাংগল লেনত গুলীচালনা, কমাণ্ডো ব্রিফিং, জনজাতীয় জাল আৰু ৰিফ্লেক্স শ্বুটিং ৰেঞ্জৰ অনুশীলনৰ সাক্ষী হয় । সেনাবাহিনীৰ জোৱানসকলে সমৰ কলা আৰু ক্যাৰাটেও প্ৰদৰ্শন কৰে ।
ইয়াৰ দ্বাৰা তেওঁলোকৰ শাৰীৰিক ফিটনেছ, মানসিক স্থিতিস্থাপকতা আৰু দৃঢ়তাক প্ৰতিফলিত কৰে । ইয়াৰ পিছত মুখ্যমন্ত্ৰীয়ে চেণ্টাৰটোৰ দাহ প্ৰেক্ষাগৃহত এক বিশেষ কাৰ্যসূচীতো অংশগ্ৰহণ কৰে । এই অনুষ্ঠানৰ সময়ত অসম ৰেজিমেণ্টৰ গৌৰৱময় ইতিহাসক প্ৰতিভাত কৰা এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয় । আনহাতে, সেনা জোৱানসকলে বিহু নৃত্যও প্ৰদৰ্শন কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ যোদ্ধাসকলৰ যুদ্ধ পৰম্পৰাৰ লগতে অন্যান্য সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰে ।
ইয়াৰ উপৰি তেওঁ চেণ্টাৰটোত সেনা বিষয়া আৰু জোৱানসকলৰ সৈতে মত বিনিময় অনুষ্ঠানতো অংশগ্ৰহণ কৰে । তেওঁ ২৪ গৰাকী অগ্নিবীৰ আৰু ২০ গৰাকী প্ৰাক্তন সেনাবাহিনীৰ পৰিয়ালৰ সৈতে মত বিনিময় কৰে । মুখ্যমন্ত্রীয়ে চেণ্টাৰ কমাণ্ডেণ্টৰ সৈতে বৰ্তমানৰ পৰিস্থিতি আৰু কেন্দ্রৰ কাম-কাজ সন্দর্ভত এক আলোচনাত মিলিত হয় ৷
দেশৰ স্বাধীনতা আৰু ভূখণ্ডৰ অখণ্ডতা ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া জোৱানসকলৰ ত্যাগক স্মৰণ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ অদম্য সাহস, বীৰত্ব আৰু দেশপ্ৰেমে আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব । অসম ৰেজিমেণ্টৰ বীৰ আৰু ত্যাগৰ গৌৰৱময় ইতিহাস আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয় যে অসম ৰেজিমেণ্টেল চেণ্টাৰ ভ্ৰমণ কৰি সাহসী জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে সময় কটোৱাটো তেওঁৰ বাবে এক বৃহৎ সন্মানৰ বিষয় । লগতে ইয়াক এক গভীৰ প্ৰেৰণাদায়ক অভিজ্ঞতা বুলি উল্লেখ কৰে ।
মুখ্যমন্ত্রীয়ে কয়, "আমাৰ জোৱানসকলৰ সাহসেই হৈছে আমাৰ দেশৰ প্ৰকৃত শক্তি । তেওঁলোকৰ পৰম ত্যাগ আমাৰ সকলোৰে সামূহিক স্মৃতিত অমৰ হৈ থাকিব ।" মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণৰ সময়ত জিঅ’চি ১০১ এৰিয়াৰ লেফটেনেণ্ট জেনেৰেল মোহিত ৱাধৱা আৰু চেণ্টাৰ কমাণ্ডেণ্ট ব্ৰিগেডিয়াৰ বিকাশ ৰায় সান্দিল্য উপস্থিত থাকে ।

