ETV Bharat / state

ভেণ্ডিং জ'নত সন্দেহযুক্ত লোকৰ ঠাইত উদ্যমী মহিলাসকলক অগ্ৰাধিকাৰ দিব চৰকাৰে

মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক লাখপতি বাইদেউ হোৱাৰ কেইবাটাও উপায় দিলে মুখ্যমন্ত্ৰীয়ে ।

Himanta Biswa Sarma
মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাৰ চেক বিতৰণ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 13, 2025 at 11:11 AM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : গুৱাহাটীৰ নতুন বা পুৰণি ভেণ্ডিং জ'নত ব্যৱসায় কৰা সন্দেহযুক্ত লোকৰ স্থানত আত্মসহায়ক গোটৰ মহিলাসকলক অগ্ৰাধিকাৰ দিয়াৰ আহ্বান মুখ্যমন্ত্ৰীৰ । বুধবাৰে মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ অধীনত চেক বিতৰণ কৰি এই মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । মহিলাসকলে লাখপতি বাইদেউ কেনেকৈ হ'ব পাৰিব তাৰ ইংগিত দি তেওঁ ভেণ্ডিং জ'নৰ প্ৰসংগ উল্লেখ কৰে ।

মুখ্যমন্ত্ৰীয়ে কয়, "গুৱাহাটীত য'তে নতুন অনুষ্ঠান এটা হয়, য'তে খালী ঠাই আছে তাতে বিভিন্ন সন্দেহযুক্ত লোকে আহি দোকান-পোহাৰ দিছে । পৌৰ নিগমক এই সন্দৰ্ভত মই এক নীতি প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছো যে নতুন ভেণ্ডিং জ'ন বা পুৰণি ভেণ্ডিং জ'নত আত্মসহায়ক গোটৰ মহিলাসকলক সুবিধা দিব লাগে । মণিপুৰত এনেকুৱা স্থানসমূহত মহিলাসকলে এনেকৈ ব্যৱসায় কৰে । কিন্তু অসম বা গুৱাহাটীত এনেকুৱা পৰিৱেশ নাই । সেয়েহে মই পৌৰ নিগমক অনুৰোধ জনাইছো নতুন যিখিনি ভেণ্ডিং জ'ন সৃষ্টি হয় বা পুৰণি ভেণ্ডিং জ'নত যত সন্দেহজনক লোক আছে তেওঁলোকৰ ঠাইত আত্মসহায় গোটৰ সদস্যাসকলক অগ্ৰাধিকাৰ দিব লাগে । যাতে বহু এনে মহিলাই লাখপতি দিদি হোৱাৰ বাবে সুযোগ পায় ।"

গুৱাহাটীত মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাৰ চেক বিতৰণ (ETV Bharat)

কেনেকৈ হ'ব লাখপতি বাইদেউ !

একেদৰে চেক প্ৰদান অনুষ্ঠানত ভাষণ প্ৰদান কৰি মহিলাসকলক লাখপতি বাইদেউ হোৱাৰ উপায়ৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে । এই সন্দৰ্ভত মহিলাসকলক ৩ টাতকৈ অধিক সন্তান জন্ম নিদিবলৈ আহ্বান জনাই তেওঁ কয়, "লাখপতি বাইদেউ আমি তেতিয়াহে হ'ব পাৰিম যেতিয়া ১০ৰ পৰা ২৫ হাজাৰ পাওতে আমাৰ ঘৰৰ সন্তান ৩ টাৰ পৰা ৪ টা হৈ নাযায় । সন্তান বেছি হ'লে মাকৰ কষ্ট বেছি হয়, তেতিয়া আৰু লাখপতি বাইদেউ হোৱাৰ চিন্তা কৰি লাভ নাই । মই যেতিয়া মহিলাসকলক কওঁ সন্তান ৩ টাৰ পৰা ৪ টা হ'ব নালাগে, গাঁৱৰ দুই এগৰাকী বাইদেউক সোধো তেওঁলোকে কয় 'আল্লাই দিয়ে কি কৰিবা' । মই তেওঁলোকক বুজাও যে সন্তান জন্ম দিয়াত আল্লাৰ কোনো ভূমিকা নাথাকে, ভগৱানৰ কোনো ভূমিকা নাথাকে । গিৰিয়েক আৰু ঘৈণীয়েকে বহি আলোচনা কৰিলেই কামটো হৈ গ'ল । এতিয়া লাখপতি বাইদেউ হ'ব খুজিলে ঘৰত ৩ টা সন্তান থাকিলে হৈ যাব ।"

মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয়, "ৰাজ্যৰ মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি ৰূপায়ণ কৰা হৈছে । এই আঁচনিৰ অধীনত ১০,০০০ টকাৰ প্ৰাৰম্ভিক চেক প্ৰদান কৰিবলৈ পাই আনন্দিত হৈছোঁ ৷ আমাৰ মহিলাসকলক স্বাৱলম্বী কৰি তোলাৰ উদ্দেশ্যৰে আমি সুস্থিৰ ধাৰাবাহিক গতিৰে আগুৱাই যাব পৰাটোৱেই এই আঁচনিৰ উল্লেখনীয় সাফল্য ৷"

উল্লেখ্য যে গুৱাহাটী মহানগৰীৰ অন্তৰ্গত তিনিটা বিধানসভা সমষ্টিৰ ১৭,৬৫৯ গৰাকী মহিলাক বুধবাৰে আঁচনিৰ অধীনত ১০ হাজাৰ টকাৰ চেক প্ৰদান কৰা হয় । পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনস্থ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ অন্তৰ্গত চেণ্ট্ৰেল গুৱাহাটী সমষ্টিৰ ৪,০৯৫ গৰাকী মহিলা, নিউ গুৱাহাটী সমষ্টিৰ ৫,৯৩৬ গৰাকী মহিলা আৰু দিছপুৰ সমষ্টিৰ ৭,৬২৮ গৰাকী মহিলাক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিতৰণ কৰে ১০,০০০ টকাৰ চেক । এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ উপৰিও বিভাগীয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, মন্ত্ৰী পীযুষ হাজৰীকা, জয়ন্ত মল্লবৰুৱা, সাংসদ বিজুলী কলিতা মেধি, গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়াসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক :আপদ নহয় সম্পদ: পানীমেটেকাও হ'ব পাৰে অৰ্থনীতিৰ সমল